পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
কিষ্কিন্ধ্যা কাণ্ড।

মহা ক্ৰোধে বালী ৰাজা পাতিলা সমাজ।
পাত্ৰক সম্বুধি কহিবাক লৈলা কাজ॥
আমাৰ কথাক শুনিয়োক সৰ্ব্বলোক।
দোষ গুণ বিচাৰিয়া গৰিহিবা মোক॥
অসুৰক মাৰিবাক দুইয়ো ভাই গৈলো।
বিড়লে পশিলোঁ আক দুৱাৰত থৈলোঁ॥
ভয়ঙ্কৰ শিলা গোট দুৱাৰত দিয়া।
সুখে ৰাজ্য কৰে ভ্ৰাতৃ বন্ধু সম্বৰিয়া॥
বল কটালিয়া আসি লৈলো ৰাজ্যভাৰ।
ভ্ৰাতৃ ঋষ্য মুখ গৈল সোদৰ আমাৰ॥
দুৰ মন্দ বুদ্ধি দুষ্ট সোদৰ পাপিষ্ঠ।
প্ৰাণে মাৰি হুইবোহু সোদৰবধি নিষ্ট॥
শুনিয়োক ৰামচন্দ্ৰ তুমি মহা মিত্ৰ
আমাৰ দুখৰ কথা অনেক বিচিত্ৰ॥
দেশৰ ডাকিলে একেখানি বস্ত্ৰদিয়া।
ৰাজ্যভোগ কৰে মোৰ ভাৰ্য্যা সম্বৰিয়া॥
দুখভুঞ্জি কটো দিন কৰোঁ বনে বন।
তথাপি বালীৰ মোক নুহি শান্ত মন॥
বিমৰিষি মোৰ যুঁজিবাক ভৈলা মন।
দ্বীপ দ্বীপান্তৰ জড়ালোহু কপি গণ॥