সমললৈ যাওক

পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
অসমীয়া ৰামায়ণ।

হাত যোড়ে সুগ্ৰীব থাকিল ৰাম বুলি।
অপৰাধ মৰষিয়ো নিজ ভৃত্য বুলি॥
কৃতাঞ্জলী কৰিলন্ত বানৰ সকলে।
সূৰ্য্য অস্ত যান্তে যেন সঙ্কোচ কমলে॥
কটাক্ষে ৰাঘবে চাহিল চতুৰ্ভিতি।
অসংখ্য পদাতি দেখি সুগ্ৰীৱ সহিতি॥
কোল চাপা বুলিলন্ত পাস পৰিহাৰ।
সজ্জন গৰিহা কৰে পৰিহাস কাৰ॥
বসিয়া আছন্ত সব সমজক ৰঞ্জি।
সুগ্ৰীৱক ৰামচন্দ্ৰ চলবাদে গঞ্জি॥
সাধু সাধু সখা তুমি মোৰ মহামিত্ৰ।
আমাৰ কাৰ্যত দেখো উত্ৰাৱল চিত্ত।
অল্পসে অন্তৰ মাত্ৰ বচন কাৰ্যত।
মুখত অমৃত দেখি কপট মনত॥
হনুমন্ত প্ৰমুক্ষ্যে শুনিয়া কপি যত।
স্বৰূপ কাহিনী কহো শাস্ত্ৰৰ সন্মত॥
দুষ্ট ভাৰ্য্যা শঠ মিত্ৰ হৈ গৈলা যাহাৰ।
স্বামীক সেবক জনে কৰে অহঙ্কাৰ॥
সৰ্প সমন্বিতে যেন একে ঘৰে বাস।
সিজনৰ নাহি জানা জীৱনৰ আশ॥