পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া ৰামায়ণ।
১২৯

এতিখন এহি,  থানে থাকা ষাঠি,
  হাজাৰ মানে বৎসৰ।
যতকাল পখা   নতু গজৈ মানে,
  তোহোৰ ইটো গাৱৰ॥
দশৰথ গৃহে   অযোধ্যাত হবে
 হুইব ৰাম অৱতাৰ।
সন্তক পালিব, দুষ্টক নাশিবা,
 খণ্ডিব ভূমিৰ ভাৰ॥
তাহান ভাৰ্য্যাক,  সীতাক হৰিয়া,
 নিবেক ৰাজা ৰাৱনে।
সীতাক খুজিতে,  ৰাম সেনা গণ,
 আসিবেক এহি থানে॥
বালিৰ তনয়  অঙ্গদ কুমাৰ,
 বীৰ গণিতাত সাৰ॥
যতেক কটক   বানৰ ভালুক
  তেন্তে পাইব অধিকাৰ।
তাসম্বাৰ আগে   কহিবি সকলে,
  তেহোৰ বৃত্তান্ত কথা।
তেক্ষণে খণ্ডিবে, তোহোৰ যতেক,
 শৰীৰৰ দুখ ব্যথা।