পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০
কিষ্কিন্ধ্যা কাণ্ড।

কেহো বোলে নানিলা ভূমি কম্প গৈল।
নিৰ্ণয় নজানিয়া কপিগণ ভয়ভৈলা॥
অনন্তৰে বীৰগণ চাহন্ত নিৰেক্ষি।
পৰ্ব্বত উপৰে দেখে ভয়ঙ্কৰ পক্ষী॥
পৰ্ব্বতেক আছে যেন পৰ্ব্বত উপৰ।
ঠোঁঠ গোট দেখি যেন বজ্ৰ সমসৰ॥
সম্পাতি বোলন্ত ডাকি কোঠেৰ কপি গণ।
স্বৰূপ নকহ যেৰে কৰিবো ভক্ষণ॥
হেন শুনি সবাৰে লাগিল চমৎকাৰ।
বানৰ সকল বোলে নাহিকে নিস্তাৰ॥
ভয়হুয়া আৰে অৰে অঙ্কোৱালী ধৰে।
কাণা কাণি কৰে সবে পৰে চিন্তাজ্বৰে॥
থিৰ নোহে হাতপাৱ হাতপাৱ কলেবৰ।
কতো কতো বোলে পশু গৰ্ত্তৰ ভিতৰ॥
হেনঠান নাহি দেখো ছটকৰ কায়।
ইহাত এড়াইবো আমি কমন উপাই॥
ইহাৰ গৰ্ভতে জীৰ্ণ হৈবো নিৰন্তৰ।
প্ৰলয় মিলিল আসি বানৰ কুলৰ॥
হ! হা! কেকৈই তই কোনকাজ কৈলি।
ৰামৰ কুলৰ তই সংহাৰিণী ভৈলি॥