পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৩
অসমীয়া ৰামায়ণ।

ৰাম সেনা সম্পাতিৰ শুনিয়া বচন।
বাৰ্ত্তা পাইয়া সীতাৰ হৰিষ ভৈলা মম॥
অঙ্গদে বোলন্ত মই বাণীৰাজা সুত।
সীতা খুজি ফুৰু সবে শ্ৰীৰামৰ দূত॥
মোহোৰ অঙ্গদ নাম বালী যুবৰাজ।
সাীতা অম্বেষণ আমাৰ মুখ্য কাজ॥
আমি আদি কৰি যত ভালুক বানৰ।
জানিবা সকল সেনা সুগ্ৰীৰ ৰামৰ॥
কথা শুনি সম্পাতিৰ চৰষিত মন।
মনত পৰিলা আসি ঋষিৰ বচন॥
স্বরূপ হোৱা যদি ৰাম সেনা গণ।
নিশ্চয় জানিলা মোৰ সম্পদ লক্ষণ॥
পুনৰূপী সম্পাতিয়ে বুলিল বচন।
অঙ্গদ সহিতে শুনা সব কপিগণ॥
ৰাম সেনা হোৱা যেবে গজিবেক পখি।
নুহি খাইবো সবাকে পৃথিবী হৈব সাক্ষী॥
এহ বুলি সম্পাতিযে আছিলেক লক্ষি।
সকল গাৱৰ তাৰ শক্তি আসে পাখি॥
পাখী দেখি সবাৰো হৰিষ কৰেমন।
জয় জয় শবদ কৰয় কপি গণ॥