পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া ৰামায়ণ।
১২৫

জানিলোঁ আমাৰ মহা ভাগ্য ভৈল,
 দেখিলোঁ ৰাম সেনাক।
আমাৰ পন্থৰ,  কাহিণী কহঁও,
 শুনিয়োক সবে তাক॥
গৰুড়ৰ পুত্ৰ, জটায়ু সম্পাতি,
 সহোদৰ দুই ভাই।
জানিবা স্বৰূপে, একে খান দ্বীপে,
 দুই হান্তে লৈলো ঠাই॥
দ্বীপৰ নিমিতে,  দুই হানো দুৰ্ঘোৰ,
 কন্দল ভৈল অপাৰ।
পূৰ্ব্বে নুশুনিলো,  আপুনি চিন্তিলোঁ,
 দুয়ো আপোনাৰ মাৰ॥
বসি থাকে য’ত,  আঠাইশ সহস্ৰ,
 ঋষি তপ কৰে যথা।
অনন্তৰে দুয়ো, ভাই দ্বন্দ্ব কৰি,
 লড়িয়া গৈলোহো তথা॥
দুই ভাই বচন, বুলিলোঁ তেখন,
 শুনিয়োক দেব গণ।
শীঘ্ৰে কহিয়োক,  দোভাইৰ মাজত,
 বলৱন্ত কোন জন॥