এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
১১৯
অসমীয়া ৰামায়ণ।
হেনকথা মাতে সিটো পুহাইল ৰাতি।
সেহি পৰ্ব্বতত পক্ষী আছন্ত সম্পাতি॥
জটায়ুৰ শ্ৰেষ্ঠ ভাই পুত্ৰ গড়ুৰৰ।
চিৰকাল তথাতে আছন্ত পক্ষীবৰ ॥
বানৰক বোল শুনি নেত্ৰ মেলিলন্ত।
পৰ্ব্বতৰ হন্তে সিটো নিহালি দেখিলন্ত ॥
বানৰক দেখিয়া মনত বৰতুষ্ট।
চিৰকালে আহাৰ মিলিল হৃষ্টপুষ্ট ॥
গৰ্ভাগ্নি বঞ্চিবো আজি ধৰিয়া আনিবোঁ।
বানৰৰ বৰ বৰ বাচিয়া গিলিবোঁ ॥
আহাৰ দেখিয়া তান ৰঙ্গ ভৈলা মন।
আপোনাৰ নিজভাৱে কৰিলা গৰ্জ্জন ॥
পক্ষীৰ প্ৰচণ্ড নাদ সবেও শুনিলা।
সবাৰ মনত মহা শংসয় মিলিলা ॥
ক’ত কি শুনিলা অন্যো অন্যত শোধয়।
সবেও সবাত কয় নজানে নিৰ্ণয় ॥
কেহো বোলে পৰ্ব্বতৰ শিখৰ খসিল।
কেহো বোলে শুহি মেঘে গৰ্জ্জন কৰিল ॥
কেহো বলে ইন্দ্ৰ হানিলন্ত বজ্ৰবাণ।
নুহি ভঙ্গ ভৈলা জানো ঋষিৰ ধিয়ান ॥