পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কিষ্কিন্ধ্যা কাণ্ড।

শুনিয়াছো ৰাম সৰ্ব্ব কাৰ্য্যতে গৰিষ্ঠ।
দেবগুৰু পিতৃ যত সবাহাতে নিষ্ঠ॥
জানিলোঁ তোমাক সবাতো পৰিবৰ্য্য।
যেন ধৰি আছা বিড়ালৰ ব্ৰহ্মচৰ্য্য॥
পৃথিবীৰ পতি তুমি ভৈলা অকাৰণ।
উত্তম নাৰীৰ পতি যেহেন টেন্টন॥
হাঁ কিনো ভৈলা তযু গতি বসুমতী।
অধম আচাৰ ৰাম ভৈলা তব পাতী॥
সমস্তৰে পাপ হৈব আদিত্যৰ ব’শ।
তোমাৰ উপৰি বশ সবে ধৰ্ম্ম অংশ॥
সূৰ্য্য বংশ সমস্তৰ শিৰৰ মুকুট।
নিৰ্ম্মল কুলত তুমি ভৈলা কালকুট॥
দশৰথ নৃপতিক ভাল জানো আমি।
অদভুত ক্ষত্ৰি তোহো যুগুত সংগ্ৰামা॥
তানে পুত্ৰ দুই ভৈলা অধন আচাৰ।
বিমুখে মাৰিয়া পাইল। কুল খেলিঙ্কাৰ॥
মোতে বুলিলাহা হন্তে সাতাৰ কাৰ্য্যক।
আজি বান্ধি আনি দিবে পাৰো ৰাৱণক॥
আমাক এড়িয়া সুগ্ৰীৱক কৈলা সাৰ।
সিংহ এড়ি শৃগালত আসি কাটো মাৰ॥