পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কিষ্কিন্ধ্যা কাণ্ড।

জাল পাতি মাৰিয়া পাছত খেদি শৰে।
বনে আৰ হুয়া মাৰি পলাইবাক ডৰে ॥
জাঠি জোঙ্গে মাৰে কটো কুৰুফান্দ পতি।
নানামতে মাৰয় বনৰ পশুজাতি ॥
কাৰ্য্যত লক্ষিলো তই পাপিষ্ঠ বানৰ।
কনিষ্ঠৰ ভাৰ্য্যাক কৰিয়া আছা ঘৰ॥
সুগ্ৰীৱ হেনয ভাই দেশৰ ডাকিলে।
ভ্ৰাতৃ বধূ সম্বৰিয়া বৰযশ পাইলে॥
প্ৰতিজ্ঞা সাম্ফলি সুগ্ৰীৱক দিবো ৰাজ।
তোক মাৰি পঠাওঁ আজি যমৰ সমাজ॥
সাফলিলো অঙ্গীকাৰ পালিলো সত্যক।
অকাৰ্য্যে নিন্দস মোক বানৰ লটক॥
ঘোৰ ঘোৰ পাপ তই যত আচৰলে।
সংগ্ৰামত পৰি প্ৰায়শ্চিত্তক কৰিলে॥
তোৰ গতি হৈলা বালী মোৰ হাতে পৰি।
স্বৰ্গে চলি ষাহ দিব্য বিমানত চড়ি॥
বালী বোলে ৰাম চন্দ্ৰ কৰোাঁ নমস্কাৰ।
তোমাৰ চৰণে ইটো সকল সংসাৰ॥
নিচিনিয়া বুলিলোাঁ তোমাক নিন্দীবাক।
পশিলোঁ শৰণ প্ৰভু ক্ষমিওক তাক॥