পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
অসমীয়া ৰামায়ণ।

সুগ্ৰীৱ সাধিবে কাৰ্য্য নোৱাৰিব ভালে।
যদিবা সাধিবে পাৰে আতি চিৰকালে॥
ৰাৱণক সুগ্ৰীৱ পাৰয় কি কৰিতে।
‘আনি দিবে পাৰো ৰাৱনক তিলেকতে॥
পূৰ্ব্ব কালে ৰাৱণে ব্ৰহ্মাত বৰপাই।
মৰ্ত্য পাতালক ভযত কম্পাই ॥
ভঙ্গ মানিলন্ত ইন্দ্ৰ আদি দেবগণ।
কিষ্কিন্ধ্যাত আসি মোত মাগিলেক ৰণ॥
মই বোলো ৰাৱণ বসিয়া থাক ঘৰে।
স্নান কৰি আসো মই চাৰিও সাগবে॥
ৰাৱণ বোলয় ভালে কৰ আটি মুটি।
জাৱ যেবে বানৰা কাৰিবি সাটি শুটি॥
লাঘৱ বচনে মই ক্ৰোধ বৰ পাইলো।
কাখেতলি সাবটিয়া তুলি আল গাইলো॥
দশ মুখ ৰাৰণক তুলি বাহু মেলি।
দঙ্গাদঙ্গি পাৰে বুঢ়া হাতৰ ঠেঙ্গুলী॥
সপক ধৰিয়া যেন গড়ুৰে উৰান্ত।
ৰাবণক লৈয়া মই গৈলো সাগৰত॥
নাকে মুখে ৰাৱনক ধৰিলো জপাই।
উসহিল পেটতাৰ হৃদি সিন্ধি নাই ॥