সমললৈ যাওক

পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
কিষ্কিন্ধ্যা কাণ্ড।

হৰি হৰি বান্ধৈ মোৰ তাৰ পটেশ্বৰী।
বিপাঙ্গে মৰিলো তোৰ বচন নকৰি॥
বালীৰ কৰুণা শুনি কান্দন্ত সুগ্ৰীবে।
হাকুলে ব্যাকুলে মুঠি হানিলন্ত হিয়ে॥
কি কৰিলোঁ পাপী মই অধমতে হেঠ।
ৰাজ্য লোভে  মৰাইলোঁহো পিতৃ হেন জেষ্ঠ॥
দদাবোলোঁ মুণ্ড তুলি চাহা মোৰ মুখ।
প্ৰাণ মোৰ শঙ্কলে তোমাৰ দেখি দুখ॥
হেন দেখি দুই ভাই ধৰি কোলে কোলে।
নগৰ ব্যাপিল দুই ক্ৰন্দনৰ ৰোলে॥
থাকিলন্ত সুগ্ৰীৱ বালীক মন্যু কৰি।
সিথানত শুনিলন্ত তাৰা পটেশ্বৰী॥
হিয়ে মুঠি হানিয়া স্বামীৰ পাশে যাই।
বানৰী সহস্ৰ বেঢ়ি লগতে বজাই॥
স্বামী পাশে চলয় বিকলে দেশ চাই।
দেখন্ত নগৰ মাজে বানৰ পলাই॥ 
পলাই দাৰি দুৰি কৰি মনত ভৰি ভঙ্গে।
ঠাৰে ঠোৰে কহে কথা বানৰত ৰঙ্গে॥
জাম্প দিয়া কতোহো বৃক্ষৰ আগে ছড়ে।
বৃক্ষ এড়ি কটো কটো গহ্বৰত পৰে॥