পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
কিষ্কিন্ধ্যা কাণ্ড।

পটেশ্বৰ গণে পাইলা গুছিলা আপদ।
বাহাৰ প্ৰসাদে তুমি পাইলা ৰাজপদ॥
হিত বোল শুনা এড়িয়োক ৰাজ ভোগ।
সততে পাইবাহা নাৰীগণ উপভোগ॥
সুখে দুখে যাহাত বীৰত্ব নুযুয়াই।
ৰামে খেদি আসিলে ভালৰ চিন নাই॥
আপদ সময়ে হিতাহিতক নজানি।
ৰাজ ভোগ এড়িয়া শুনিও হিতবানী।
এহিমতে পাত্ৰগণে হিত বুলিলন্ত।
কটাক্ষে সুগ্ৰীৱ বীৰে মৌনে থাকিলন্ত॥
গৈলা অগ্ৰাহয়নৰ দিবস কটিপয়।
অৰুণ নয়নে ৰামে ক্ৰোধিয়াযা বোলয়॥
দেখিলা লক্ষণ ভাই বানৰৰ নয়।
আসো বুলি পিঠি দিয়া এখন নাহয়॥
আপোনিযে সুখে আছে মোহোক এৰিল।
নিলাজ বানৰ সবে গুণ পাসৰিল॥
মিত্ৰ বন্ধাইলোঁহো বনৰ পশু গণ।
জলে ৰেখা দিলে যেন গুছে তেতিক্ষণ॥
কিষ্কিন্ধ্যাক লখাই তুমি কৰিয়ো গমন।
শীঘ্ৰেগৈয়া সিতো বানৰাক ধৰি আন॥