সমললৈ যাওক

নিৰ্ম্মল ভকত

ৱিকিউৎসৰ পৰা

[  ]

প্ৰথম অধ্যায়

 ১৮১০ শক। দক্ষিণপাট সত্ৰৰ নিৰ্ম্মল আতৈ এজন উদাসীন ভকত। বয়স এশ কি তাতোকৈ দুই চাৰি বছৰ বেছি হ'লেও কম নহয়। যদিও ইমান বৃদ্ধ তথাপি আতৈৰ চলন-ফুৰণ-শক্তি এতিয়াও অটুট। দোক্‌মোকালিতে উঠি আতৈয়ে ব্ৰহ্মপুত্ৰত গা ধুই আহি হাতত এডাল লাখুটি লৈ সত্ৰৰ নামঘৰ আৰু মণিকূট প্ৰদক্ষিণ কৰিবলৈ ধৰিছে। লাখুটিত ভৰ দি লাহে লাহে খোজ কঢ়াৰ লগে লগে আতৈয়ে প্ৰফুল্ল মনেৰে, শুৱলা মাতেৰে আৰু মিঠা সুৰেৰে গায়—

পতিত পাৱন জানি নাৰায়ণ
  তোমাতে লৈলোঁ শৰণ।
পতিত তাৰিয়ো চৰণে ৰাখিয়ো
  মোকেহে পতিত পাৱন।।
মিছা মায়া মোহে পৰিয়া যাদৱ
  মই পাপী তললৈ গৈলোঁ।
মনুষ্য জনম ধৰিয়া যাদৱ
  তোমাৰে নাম নলৈলোঁ।।
এই জনমৰ সৰ্ব অপৰাধ
  মৰষিবা দয়াময়।।
চৰণে ধৰিয়া কাকূতি কৰিছোঁ
  কৰা কৃপা কৃপাময়।।

সাতবাৰ ৺যাদৱৰায়ৰ স্থান প্ৰদক্ষিণ কৰি আতৈয়ে নামঘৰৰ সমুখত অষ্টাঙ্গে প্ৰণিপাত কৰি বহালৈ আহিল আৰু তাত তুলসীৰ মালা এধাৰি উলিয়াই জপিবলৈ ধৰিলে। তেওঁ ওচৰতে এজন ভাল মানুহ বহি আন দুজন ভকতৰে সৈতে কথা-বতৰা পাতিছে আৰু মাজে মাজে আতৈৰ ফালে [  ] চাইছে। সেই ডাঙৰীয়াজনৰ আতৈৰ ফালে এইদৰে সঘনে চোৱাৰ পৰ অনুমান হ'ল যে তেওঁ আতৈৰ কেতিয়া জপ ভাঙে তালৈকে বাট চাই আছে।

 আধাঘণ্টামান সময়ৰ পাছত আতৈৰ জপ ভাগিল। ডাঙৰীয়া জনে ক'লে--"আতৈ! কালি ক'ব খোজা কাহিনীটি কবলৈ কৃপা হব জানো?" আতৈয়ে সুধিলে—"কি কাহিনী ডাঙৰীয়া?" ডাঙৰীয়া--"কালি যে কওঁ বুলিছিল আপোনাৰ সেই আদ্যোপ্ৰান্ত কাহিনী।"

 আতৈ--"অ' বাৰু কওঁ শুনক। শুনি বা কৈয়েই বা কি লাভ, তথাপি আপুনি ইচ্ছা কৰিছে যেতিয়া কবই লাগিব। নক'লে জানো ভাল পাব?"


দ্বিতীয় অধ্যায়

 মই ৰংপুৰ জিলাৰ পানীদিহিং মৌজাৰ লাহন গাঁৱত ১৭০৯ শকত জন্মো। ময়ে মোৰ আই-বোপাইৰ প্ৰথম পুত্ৰ। মোৰ দুটি ভাই আছিল। বোপাই এই সত্ৰৰে এজন বৰমেধি আছিল। উপৰিজনা ঈশ্বৰ পুৰুষে বোপাইক বৰ মৰম কৰিছিল। বোপাইৰ হেনো ভালেমান বয়সলৈকে ল'ৰা-ছোৱালী হোৱা নাছিল। সেইদেখি বোপৱায়ে আইৰে সৈতে এবাৰ সত্ৰলৈ আহি ঈশ্বৰ পুৰুষক নিজৰ দুখ নিবদেন কৰিলে। ঈশ্বৰ পুৰুষে হেনো প্ৰসন্ন আইক তিনিটি ঢোপ দিলে। সেই ঢোপৰ বলতে আমি একে আনজে তিনিটি ভাই ওপজো। বহুদিন আই-বোপাইৰ ল'ৰা-ছোৱালী নাই সেইদেখি মই ওপজাত বোপায়ে হৰিষ পাই অনেক আনন্দ-উৎসৱ কৰিলে আৰু মোৰ পাঁচ বছৰ বয়স হওঁতে এবাৰ আমাক সত্ৰলৈ আনি ঈশ্বৰ পুৰুষৰ চৰণত ভেটিলে। ঈশ্বৰ পুৰুষে হেনো মোক নিৰ্ম্মালি দি সুধিছিল—"নিৰ্ম্মল! তই ভকত হবিনে?" মই হেনো ঠানাক-ঠুনুক মাতেৰে কৈছিলঁ—"মই ভকত হ'মতো!" তেতিয়া হেনো ঈশ্বৰ পুৰুষে হাঁহি কৈছিল—"বাৰু! আগেয়ে ঘৰ-গৃহস্থী কৰিবি, পিছত ভকত হবি।" বোপায়ে ঈশ্বৰ পুৰুষৰ এই বাক্যত মহা আনন্দ পাই আমাক লৈ ঘৰলৈ উভতিল। আই-বোপাইৰ আদৰত দিনে দিনে বাঢ়িলোঁ। মোৰ বয়স একুৰিৰ ওচৰ চাপিল। বোপায়ে মই নজনাকৈ এজনী ছোৱালী খুজিলে। [  ]

তৃতীয় অধ্যায়

 শাস্ত্ৰত কয় পোন্ধৰ বছৰ বয়সৰপৰা পঁচিশ বছৰ বয়সলৈকে মতা মানুহৰ হেনো বৰ বেয়া সময়। এই সময়ত সকলো মানুহেই যৌৱনত ভৰি দি ভলা-বেয়া নুবুজা হয়। অনেক অসৎ পথলৈ আগবাঢ়ে। মোৰো গাত শাস্ত্ৰৰ এই বচন ফাঁকি লাগিছিল। আমাৰ ঘৰৰ ওচৰতে মণিৰাম নামেৰে একে জাতকুলৰ মানুহ আছিল। তেওঁৰ ৰূপহী নামেৰে এজনী ধুনীয়া জীয়েক আছিল। সৰুৰেপৰা মই সেই ছোৱালীজনীৰ সৈতে একেলগে ফুৰিছিলোঁ; একেলগে ৰং ধেমালি কৰিছিলোঁ। আমি এদিন ভালেমান ল'ৰা-ছোৱালীয়ে ধূলিৰে ভাত ৰন্ধা-বঢ়া কৰোঁতে মই তাইক কৈছিলোঁ—"ৰূপহী, মই তোক বিয়া কৰাওঁ দে।" তাই ক'লে--"বাৰু, তই আজি দৰা হ, মই কইনা হওঁ।" তাইৰ এই কথাত আন এটাইবিলাক ল'ৰা-ছোৱালী সন্মত হ'ল, কিন্তু অনিৰাম নামেৰে ল'ৰা এটাই কৈছিল—"ইঃ, মই সেইটো হবই নিদিওঁ। আজি মই হে দৰা হ'ম, ৰূপহী কইনা হওক।" তাৰ এই কথাত তাৰে মোৰে অলপ বাদ বিসম্বাদ হবলৈ ধৰোঁতেই ৰূপহীয়ে নিজে কৈছিল—"হেৰ অনি! তই কেলেই কাজিয়া কৰ? আজিৰ ধেমালিত বাৰু নিৰ্ম্মলেই দৰা হওকচোন। কাইলৈ যেতিয়া আমি আকৌ উমলিম তেতিয়া বাৰু তই দৰা হবি।" তাইৰ এই কথাত এটাইবিলাক ল'ৰা-ছোৱালীয়ে "হয় ভৰ" দিয়াত তাই কইনা হৈ ওৰণি লৈ বহিল। মই মোৰ গাৰ কাপোৰখন মূৰত পাগুৰি মাৰি দৰা হৈ বহিলোঁ। এটা ল'ৰা মিছামিছিকৈ পুৰোহিত হ'ল, এটা সৰু ল'ৰা আখৈতোলা হ'ল। আমি এইদৰে মিছামিছি দৰা-কইনা হৈ ওমলা বিয়া পাতিছিলোঁ। ডাঙৰীয়া! সেই সময়ত মোৰ বয়স আছিল দহ, তাইৰ পাঁচ।

 কালক্ৰমে মোৰ ওঠৰ বছৰ বয়স হ'ল, তাই তেৰত ভৰি দিলে। তাই আজি-কালি মানুহ-দুনুহৰ আগত নোলোৱা হ'ল। কিন্তু সেই বুলি যে তাই মোৰ আগতো নোলোৱা হ'ল সেইটো নহয়। তাই মোৰ আগত ওলাছিল আৰু "নিৰ্ম্মল" বুলি নাম কাঢ়িও মাতিছিল; কিন্তু মোক মাতিলেও আৰু মোৰ আগত ওলাই সোমাই ফুৰিলেও তাই দেখোন সেই মোৰ আগত সেই সময়ত লাজকুৰীয়া ভাৱ দেখুৱাইছিল। মোৰ দেখোন এই সময়ত তাইলৈ [  ] আন এক মৰম হৈছিল। পোন প্ৰথমেই মই সেইটোনো কি মৰম বুজিব নোৱাৰিছিলোঁ; কিন্তু শেষত ভাবি-চিন্তি বুজিলোঁ যে মোৰ আগৰ ল'ৰাকালিৰ লগৰীয়াৰ মৰম সেই সময়ৰ যৌৱনৰ প্ৰণয়ত পৰিণত হৈছিল। আগগুৰি একো নাভাবিয়েই ৰূপহীৰ প্ৰণয় সাগৰত মোৰ এই নৌকাখনি এৰি দিছিলোঁ। দিনে-ৰাতিয়ে ৰূপহীয়েই মোৰ ধ্যান, ৰূপহীয়েই মোৰ চিন্তা, ৰূপহীয়েই মোৰ সকলো হৈছিল। মোৰ আই-বোপায়ে আৰু তাইৰো মাক-বাপেকে মাজে-সময়ে হকা-বাধা কৰিলেও মই মনে মনে চ'ত আৰু বহাগৰ বিহুত তাইৰ লগত নচা-বগা কৰিছিলোঁ। পালে দুই এটা লঙো দিছিলোঁ। তাই মোৰ বস্তুবিলাক অনাদৰ নকৰি বৰং অতি হেঁপাহেৰে আৰু মৰমেৰে গ্ৰহণ কৰিছিল।


চতুৰ্থ অধ্যায়

 বুঢ়া লোকে কয়, প্ৰকৃত প্ৰণয়ৰ বাটত হেনো ভালেমান কাঁইট। ফুলি থকা গোলাপ ফুলটি ছিঙিবলৈ গ'লে হেনো কাঁইটে বিন্ধে। মোৰ নিচিনা অৱস্থাত আন মানুহৰ কি হয় কব নোৱাৰোঁ; কিন্তু মোৰ গাত হলে এইফাঁকি বচন সম্পূৰ্ণ খাটিল। ৰূপহী মোৰ একে জাত-কুলৰ হলেও বোপায়ে তাইক মোলৈ যোৰ হেন নাভাবিলে। ৰূপহীহঁত আমাৰ এচৰ-চুবুৰীয়া। ওচৰ-চুবুৰীয়া বস্তু দেখিবলৈ ভাল হলেও, অনেক সজ গুণেৰে বিভূষিত হলেও ভাল নেলাগে, চকুত নপৰে। দূৰৰ বস্তুটো বেয়া হলেও ভাল। এইবিলাকৰ উপৰিও ৰূপহীৰ মাক-বাপেক দুখীয়া, বোপাইৰ দৰে বৰমেধিৰ ঘৰৰ নহয়। এইবিলাক কাৰণেই মই ৰূপহীক চেনেহ কৰা কথা অলপ-অচৰপ গম পালেও বোপায়ে নিজৰ বংশ-গৌৰৱ ৰক্ষা কৰিবলৈ আন এখন গাঁৱৰ এজন মেধিৰ ঘৰৰ ছোৱালী এজনীলৈ জোৰণ পেলালে। মই এই কথাৰ গম পাই বৰ বেজাৰ পালোঁ। কিন্তু বেজাৰ পালেনো কি হ'ব? দেউতাক মুখ ফুটাই কোনো কথাকে সাহ কৰি ক'ব নোৱাৰিছিলোঁ। তিনি দিন ভাবি-চিন্তি থিৰ কৰিলোঁ যে ৰূপহীক মই মনে মনে এইবিলাক কথা কৈ তাইৰ নো মোলৈ প্ৰকৃত মৰম আছেনে বুজোঁ। যদি তাইৰ মোলৈ মৰম নাই তেন্তে বোপায়ে যি কৰে কৰক আৰু তাইহে যদি মোক ভাল পায় তেন্তে বোপাইৰ কথা নুশুনো। মনত যি আছে কৰিম। [  ]

পঞ্চম অধ্যায়

 চ'ত মাহ। পূৰ্ণিমাৰ নিশা। মোৰ বয়স একুৰি, ৰূপহীৰ পোন্ধৰ। আজি আমি গধূলিতে খাই-বৈ ওলাইছোঁ। আজি আমাৰ নামঘৰত কংসবধ ভাওনা। সেই ভাওনা চাবলৈ আমি ডেকা-গাভৰু আটাইবিলাক উত্ৰাৱল। আমাৰ ঘৰৰ আৰু ৰূপহীৰ ঘৰৰো আটাইবিলাক ওলাইছে। দেউতা বৰমেধি। তেওঁৰ গাতে ভাওনাৰ গোটেইটো ভাৰ। মোক সেই ভাওনাত ৰাইজে এটা ভাও লবলৈ ধৰিছিল; কিন্তু "মই আগে-পাছে ভাওনাত উঠা নাই, গা ভাল নহয়" ইত্যাদি নানা আপত্তি দেখুৱাই ৰক্ষা পৰিছিলোঁ। মোৰ মনত যিখন ভাওনা ভাওনা খেলিছিল ডাঙৰীয়া! সেইখনৰ উৎপাততে তত নাছিল, আকৌ আন এটা ভাওনো কেনেকৈ লওঁ? বোপাই সবাতোকৈ আগেয়ে নামঘৰলৈ গ'ল। কিয়নো তেখেতে সকলো বস্তুৰে যোগাৰ কৰিব লাগে। সকলো কথাৰে দিহা-মেলা লগাব লাগে। বোপাইৰ লগতে মোৰ সৰু ভাই দুটাও গ'ল। ঘৰত ময়ে আৰু আয়ে। ৰূপহীৰ ঘৰৰো অকল ৰূপহীত বাজে ৰূপহীৰ মাক-বাপেক সকলোটি গৈছিল; অকল ৰূপহীয়েই "মোৰ গা অসুখ, অলপ পিছত যাম" বুলি কৈ তাইৰ সৰু ভায়েকটোক ৰাখি পিছ পৰি ৰৈছিল। পিছ পৰি ৰোৱাৰ উদ্দেশ্য মই দিনতে ছেগ বুজি কৈ থোৱা মতে তাই মোক অকলৈ লগ ধৰাটোৱেই। বোপাই ঘৰত নাই। ৰূপহীৰ মাক-বাপেকো গৈছে। সুন্দৰ জোনাক ৰাতি। মোৰ সুযোগ মিলিল। মই সিহঁতৰ ঘৰলৈ গৈ ৰূপহীক মাত লগালোঁ। তাই ওলাই আহি মোক পিৰালিত বহিবলৈ দি সুধিলে—"নিৰ্ম্মল! কি কথানো কব খুজিছিলি কচোন!" মই—"ৰূপহী! তই শুনা নাইনে বোপায়ে মোলৈ ছোৱালী খুজিছে।"

 ৰূপহী—"শুনিছোঁ। ভাল হৈছে, তোৰ বিয়া হ'ব; আমি কাৰবাৰ কৰিম। নাম গাম। জলপান খাম। ন-ছোৱালী দেখিম।" মই—"ৰূপহী! মোৰ আনেৰে সৈতে বিয়া হলে ভাল পাৱনে?" ৰূপহী—"পামতো, কেলেইনো নাপাম?" মই--"ৰূপহী! তই সঁচাকৈয়ে কৈছনে?" ৰূপহী—"সঁচাকৈয়ে নকৈনো আৰু মিছাকৈ কৈছোঁনে? তোৰ ঘৰ-গৃহস্থালি হ'ব, তই সুখী হবি। তোক সুখী হোৱা দেখিলে মই বৰ সুখ পাম।" মই—"ৰূপহী! তেন্তে তই মোক ভাল নেপাৱ হবলা?" ৰূপহী—"তোক ভাল পাওঁ বুলিয়েতো তোৰ সুখত সুখী হ'ম। সৰুৰে পৰা তোৰে সৈতে উমলিছোঁ, [  ] একেলগে ডাঙৰ হৈছোঁ; সেই দেখিয়েই তোক মই ভাল পাওঁ।" মই—"কচোন ৰূপহী! তইনো মোক কি ভাবে ভাল পাৱ?" ৰূপহী—"মানুহে মানুহক যেনেকৈ ভাল পায়, লগৰ লগৰীয়াই ইটিয়ে সিটিক, সিটিয়ে ইটিক যেনেকৈ ভল পায়।" তাইৰ এই কথাত মোৰ মনত ভাব হ'ল ৰূপহীয়ে মোক, মই তাইক যিদৰে সেই সময়ত ভাল পাইছিলোঁ, তাই মোক সেইদৰে সেইভাৱে ভাল নেপাইছিল। যি কি নহওক তাইৰ মনৰ ভাব খাটাংকৈ জানি লবৰ মনেৰে মই মোৰ হৃদয়ৰ তলিখন উদঙাই তাইক ক'লো—"ৰূপহী! মই জানো তই মোক আজি অত দিনৰ লগৰীয়া বুলি ভাল পাৱ, কিন্তু ৰূপহী! তাত বাজে তোৰ আৰু মোলৈ আন একো ভাব নাইনে? মই মোৰ নিজৰ বিষয়ে হলে অনেক ভাবি-চিন্তি চাই ইয়াকে পাইছোঁ যে মোৰ মৰম যে তোলৈ কেনেকুৱা মই বৰ্ণাব নোৱাৰোঁ। মোৰ মনত এনেকুৱা ইচ্ছা হয়, মই যেন দিনে নিশাই তোৰ লগতহে থাকিম, তোৰ লগতহে ফুৰিম, তোৰ লগতহে খাম। অকল তোকেহে যেন মৰম কৰিম। মুঠতে, কবলৈ গ'লে মোৰ ইচ্ছা মই যেন তোকেহে বিয়া কৰাম। কচোন ৰূপহী! তই মোক ভাল পাৱনে? মই বিয়া কৰালে মোত বিয়া সোমাবিনে?" মই এইদৰে কওঁতে তাইৰ দেখোন চকুত পানী ওলাব ধৰিলে। মই তাইৰ হাতখনত ধৰিলোঁ তাই মোৰ হাতৰ পৰা হাতখন টানি ওলোটাই নিনি, উচাট মাৰি একেচাবে উঠি নগৈ লাজুকী লতাৰ দৰে জঁয় পৰি মোৰ বুকুত মূৰটো সুমুৱাই দি ঢলি পৰিল। মই সাবট মাৰি ধৰিলোঁ। তাই খন্তেক পৰ সৰ্থি চকুৰ পানী মচি, অলপ প্ৰকৃতিষ্ঠ হৈ ক'লে, "নিৰ্ম্মল! আজি অতদিনে মই আন কেৱে নজনাকৈ যিভাব হৃদয়ত লৈ আছিলোঁ, আজি তই সেই ভাব উলিয়াই ললি। ক'লে জানো পতিয়াবি? মই দিনে নিশাই দিঠক আৰু সপোনতো তোকেহে দেখোঁ। তোৰ ৰূপটোহে চিন্তা কৰোঁ। তোক দেখিলে মোৰ চকু জুৰায়, তোৰ মাত শুনিলে মোৰ কাণৰ তৃপ্তি হয়। তোৰ লগত কথা-বতৰা হবলৈ পালে মই স্বৰগৰ সুখ পাওঁ। কিন্তু ক'লে কি হব? তই আৰু মই ইচ্ছা কৰিলেও বা কি হব? আমি দুখীয়া মানুহ। তহঁত ধনী। তোৰ দেউতাৰে মোক তোলৈ কেতিয়াও বিয়া নকৰায়। আন ঠাইত জোৰণ পেলালেই। মই সেই জোৰণৰ কথা প্ৰথমতে শুনি মানুহৰ আঁৰে আঁৰে কিমান যে কান্দিছোঁ তাক ঈশ্বৰেহে জানে। কান্দি-কাটি মনক এইদৰে প্ৰবোধ দিছিলোঁ যে মোৰ হৃদয়ৰ ধন, চকুৰ মণি নিৰ্ম্মলে যদি আন এজনী ছোৱালী বিয়া কৰাই সুখী হয়, তেন্তে মই তেওঁক সুখী হোৱা দেখিয়েই সুখী হ'ম। মই তেওঁৰ [  ] সুখত বাধা নিদিওঁ। সেই দেখিহে নিৰ্ম্মল, তোক মই আগেয়ে সেইদৰে উত্তৰ দি আছিলোঁ। কিন্তু তয়ো যে মোক ইমান ভাল পাৱ এইটো মই জনা নাছিলোঁ। যি কি নহওক তোৰ আগত মই মোৰ হৃদয়ৰ গুপুত ধন উলিয়াই দিলোঁ। যদিও উলিয়ালোঁ তাত মোৰ হানি নাই। তই সুখী হ। দেউতাৰে যি কৰিবলৈ কয় তাকে পালন কৰি পুত্ৰৰ কৰ্ত্তব্য কৰ। মোলৈ তই পাহৰি পেলা। পিতৃ-মাতৃ আমাৰ পৰম গুৰু। সেইসকলৰ বাক্যে-বচনে আমাৰ চলা উচিত নহয় জানো?" মই—"ৰূপহী! ৰূপহী! মই এই জনমত আন কাকো বিয়া নকৰাওঁ। তোকেহে বিয়া কৰাম। মোৰ দেউতাই মোৰ কথা নুশুনে। আন ঠাইত যেতিয়াই জোৰণ দিলে তেতিয়াই মোৰ আৰু একো উপায় নোহোৱা হ'ল। মই এটা উপায় স্থিৰ কৰিছোঁ, সেইটো এই—তোk মই আজি ভাওনাৰ পৰা পলুৱাই নিব খোজোঁ। আমি দুয়ো পলাই সন্দিকৈ গাঁৱলৈ যাওঁ ব'ল। তাত মোৰ মাহী এগৰাকী আছে। তেওঁ মোৰ আইৰ নিজা ভনীয়েক। তেওঁৰ আশ্ৰy লমগৈ। আমি পলাই গৈ তাত বিয়াখন পাতিব পাৰিলেই শেষত মাহীৰ বুজনিত দেউতাই মোলৈ খং এৰিব। সিঘৰকো দেউতাই বুজনি দিব পাৰিব যে তেওঁ নিৰুপায়, মই পঘা-খোৱা দগধাই তেওঁৰ সকলো কথা মাটি কৰিলোঁ। শেহত আমাৰ দুয়োঘৰ মিলা-প্ৰীতিৰে সুখেৰে থাকিম। ক, ৰূপহী! আজি তই মোৰ লগত পলাই যাবিনে?" ৰূপহী—"প্ৰিয় নিৰ্ম্মল! আই-বোপাইক এৰি পলাই যোৱাটো বেয়া কথা। কিন্তু তই যিদৰে কৈছ, সেইদৰে হ'লে মোৰ ওজৰ-আপত্তি একো নাই।" এই কথা-বতৰাৰ পিছত আমিও ভাওনা চাবলৈ গলোঁ আৰু ভাওনা ভাঙো ভাঙো হোৱাৰ অলপ আগখিনিত পুৱতি নিশা হওঁতেই দুয়ো জাঁজীমুখৰ সন্দিকৈ গাঁৱলৈ পলাই গৈ মাহীৰ ঘৰ পালোঁ।


ষষ্ঠ অধ্যায়

 মাহীৰ ইহ সংসাৰত কেৱে নাছিল। তেওঁ পতি-পুত্ৰবিহীনা। এসময়ত তেওঁৰ বৈ যোৱা গৃ্হস্থী আছিল, কিন্তু নিয়তিৰ চকৰিত পৰি তেওঁ আজি পতি-পুত্ৰ বিহীনা। মানৰ প্ৰথম আক্ৰমণত তেওঁৰ গিৰিয়েক বুঢ়াগোঁহাইৰ ফৈদে সৈতে লগ লাগি মানৰ লগত ৰণ দি সেই ৰণতে মৰিছিইল। মান উলটি যোৱাৰ দুবছৰৰ পাছত পতি-পুত্ৰ, তেওঁৰ একেটি তিনিবছৰীয়া ল'ৰাও [  ] জহনী ৰোগত ঢুকাই তেওঁ পতি-পুত্ৰ বিহীনা হৈছিল। বীৰ, বাহুৱলী গিৰীয়েকলৈ অটুট পৱিত্ৰ প্ৰেমত মুগ্ধ থাকি তেওঁ আৰু দুনাই সংসাৰ কৰা নাছিল। তেওঁৰ মাটি-বৃত্তি, ধন-বিত এফেৰা আছিল। সেই মাটি-বৃত্তি চলাই আৰু কটনা কাটি মাহীয়ে ক'তো হাত নপতাকৈ খাইছিল। কেবাজনো ভাল মানুহ মাহীত চাপিব খোজাতো মাহীয়ে সেই সকলোকে নিৰাশ কৰি অটল সুদৃঢ় ব্ৰহ্মচাৰিণী ব্ৰত লৈ আছিল। তেওঁৰ গাঁৱৰ যাৰে ঘৰত ল'ৰা-তিৰোতাৰ অসুখ-বিসুখ, জ্বৰ-নৰিয়া হৈছিল তাৰে ঘৰলৈ গৈ ৰোগীক পথ্য সিজাই দি, নিশা পৰ দি, হাত-ভৰি পিটিকি শান্তিময় আৰু ধৰ্ম্মময় কথা কৈ শুশ্ৰুষা কৰি ফুৰিছিল। আতুৰক এমুঠি ভাত দি, দুপৰীয়া পিয়াহ লগা মানুহক পানী দি, দুখীয়া মানুহক মাজে-সময়ে দুমুঠি ধান-চাউল দি সহায়ো কৰিছিল। তেওঁ বগা ফুলজালি নোহোৱা, নিজে বৈ লোৱা কাপোৰ এখন গোটেই গা ঢাকি পিন্ধিছিল। ৰাতিপুৱা ফুল-ফল তুলি তেওঁ দুয়ো বেলা স্বামীৰ উদ্দেশ্যে ঈশ্বৰ কৃষ্ণৰ পূজা কৰিছিল। পূজাৰ অন্তত তেওঁ তদ্‌গতচিত্ত হৈ চকুৰ পানীৰে গাল তিয়াই অষ্টাঙ্গে দণ্ডৱৎ কৰিছিল। তাৰ পিছত মহাপুৰুষ গুৰুৱে ৰচা নাম গাই গাই নিজৰে চিত্তক নিজে আনন্দময় কৰি তুলিছিল। পূজা আৰু নাম গোৱাৰ অন্তত তেওঁ বেলি এক কি দুইমান বজাত নিজে এমুঠি ৰান্ধি-বাঢ়ি খাইছিল।

 দুপৰীয়া ভাগৰ পলাবলৈ অলপ পৰ জিৰণি লৈ আৰু সেই সময়তে নামঘোষাখন অলপ পঢ়ি অঁতাই পিছত ভাটীবেলা ডোখৰত তাঁত-সূত বৈছিল। এইদৰে তেওঁ তেওঁৰ জীৱনত প্ৰেমময়, পৱিত্ৰ আৰু শান্তিময় কৰি ৰাখিছিল। তেওঁ মুখত এনেকুৱা এটা সৌন্দৰ্য্য আৰু এধাৰা তেজ হৈছিল যে তাক দেখিলে মানুহে সহজে বুজিব পাৰিছিল যে, এইজনা সাধাৰণ মানৱী নহয়—এইজনা মাতৃ-সদৃশী দেৱী। সাক্ষাৎ মা ভগৱতী। তেওঁৰ পৱিত্ৰ শান্তিময় সৌন্দৰ্য্যই আৰু চকুৰ তেজে তেওঁক এনেকুৱা তেজাল কৰিছিল যে অন্য মানুহে তেওঁৰ ফালে চাই তেওঁক কোনো কুকথা কওক ছাৰি কুকথা ভাবিবলৈকে সাহ নকৰিছিল। তেওঁৰ ব্ৰহ্মচৰ্য্যৰ তেজ এনেকুৱা আছিল যে তেওঁক মানুহে দূৰৈতে থাওক দেৱতায়ো ভয় আৰু ভক্তি কৰিছিল। ডাঙৰীয়া! এতিয়াও মোৰ সেই মাহীলৈ মনত পৰে। এতিয়াও মই মাজে মাজে সেই পৱিত্ৰ মূত্ৰিও সমাজিকত দেখোঁ; এতিয়াও সমাজিকত মাহীয়ে মোক মাজে মাজে দেখা দি কয়—"বাছা নিৰ্ম্মল! তই দুখ পাইছ?" মই কওঁ—"নাই পোৱা মাহী! মই বৈকুণ্ঠত থকা যেন পাইছোঁ।" মাহীয়ে [  ] কয়, "বাছা! তই ঠিক বৈকুণ্ঠতে বৈষ্ণৱসকলৰ লগত আছ। কিন্তু বাছা! যেতিয়া এই নশ্বৰ নৰদেহ এৰিবি তেতিয়া বাছা! তই এই বৈকুণ্ঠতকৈও আৰু ভাল বৈকুণ্ঠ পাবি। তোলৈ অতি সুন্দৰ অতি বিতোপন ঘৰ-দুৱাৰ তৈয়াৰ হৈ আছে।"

 ডাঙৰীয়া! ক্ষমা কৰিব। ভালেমান বাজে কথা কলোঁ হবলা। যি কি নহওক, আমি দুয়ো গৈ মাহীৰ ঘৰ পোৱা মাত্ৰেই মাহীয়ে আমাক আস্তব্যস্ত কৰি বহুৱাই সুধিলে—"বাছা! ক'লৈ নো আজি ইমান দিনৰ মূৰত আহিলি? এই ছোৱালীজনীনো ক'ৰ? তোৰ ঘৈণীয়েৰ নে কি? যদি ঘৈণীয়েৰ হয় কেতিয়ানো বিয়া পাতিলি? ক'তা মোক দেখোন বিয়ালৈ নামাতিলি। বাইদেউ আৰু ভিনীহিদেৱ ভালে আছেনে?" মাহীৰ এইবিলাক কথাৰ মই যথাযথ উত্তৰ দিলো। তাৰ লগে লগে ৰূপহীনো কোন, তাইকনো মই কেনেকৈ নিছিলো সকলো অকপট চিত্তেৰে কৈ মাহীক আমাক তেওঁৰ ঘৰত আশ্ৰয় দি ৰাখিবলৈ চৰণত ধৰিলোঁ। মাহীয়ে পোন প্ৰথমেই আমি সেইদৰে পলাই যোৱা শুনি আমাক বেয়া বুলিলে। শেহত আমাৰ কাবৌ-কোকালি এৰাব নোৱাৰি ক'লে—"বাৰু বাছাহঁত! তহঁত মোৰ ঘৰতে থাক। ভিনীহিৰ তহঁতলৈ এতিয়া খং উঠি আছে চাগৈ। কেইদিনমান যাওক, খং মাৰ গ'লে মই তহঁতক লৈ গৈ থৈ আহিম। আৰু বাই-ভিনীহিক বুজাই তহঁতৰ বিয়া পাতি দিম। তহঁতৰ যেতিয়া পৰস্পৰলৈ ইমান চেনেহ, ইমান প্ৰকৃত মৰম, তহঁতক মই আশীৰ্ব্বাদ কৰিছোঁ। যদি তহঁতৰ মৰম প্ৰকৃত স্বৰ্গীয় মৰমহে হয় তেন্তে এই মৰমেই তহঁতক সিপুৰীৰ স্বৰ্গলৈকো নিব।" এই কথা কৈ মাহীয়ে আমাক তেওঁৰ বেলেগ এডোখৰ ঘৰ দি ৰাখিলে। মই মাহীৰ এক প্ৰকাৰ বনুৱা হ'লো। মোৰ ৰূপহী মাহীৰ অতি মৰমৰ, অতি যতনৰ পূজা-সেৱাৰ সহায়কাৰিণী, তাঁত-সূত বোৱাৰ লগৰী হ'ল। আমি সুখেৰে কাল কটাব ধৰিলোঁ।


সপ্তম অধ্যায়

 আমি পলাবৰ পিছদিনা হেনো আমাৰ গাঁৱত বৰ হুলস্থূল লাগিছিল। নিশা নাঘৰৰ ভাওনাতকৈ আমি পলাই অহা বিষয়ে যিখন ভাওনা হৈছিল সি আৰু ধেমেলীয়া। দেউতাই হেনো পোন প্ৰথমেই খঙত একো নাইকিয়া হৈ মোক শাপিছিল—"সি যেতিয়াই মোৰ কথা নুশুনিলে তেতিয়াই তাৰ [ ১০ ] সুখ নহব। সি তাইৰ সৈতে খাব-ববলৈ নাপাব।" এনেয়ে আমি পলোৱা বেজাৰত তাতে বোপাইৰ অভিশাপ বাক্য শুনি আইৰ হেনো কান্দোনত ঠাই নোহোৱা হৈছিল। বোপায়ে হেনো মোৰ "মুখ নেচাওঁ" বুলি প্ৰতিজ্ঞা কৰিছিল। তাৰপিছত ৰূপহীৰ মাক-বাপেক, ৰূপহীক নিন্দা কৰিবলৈ আৰু সিহঁতৰ এশ ওঠৰটামান নাম থবলৈকো নেৰিছিল। ৰূপহীৰ মাক-বাপেকেও হেনো সেইদৰে মোৰ সাতকুৰি সাতোটামান নাম থৈছিল। কথাত কথা বাঢ়ি হেনো আমাৰ দেউতাৰ আৰু ৰূপহীৰ এখন কিলা-কিলিও হোৱাৰ উপক্ৰম হৈছিল। দেউতাই হেনো ৰূপহীৰ বাপেকক "টোকোনা" "খুজিখোৱা" ইত্যাদি নাম দি কৈছিল—তোৰ সেই বেশ্যা প্ৰকৃতিৰ ছোৱালীয়েই মোৰ গৃহস্থী নাশ কৰিলে। মই মোৰ ল'ৰালৈ অমুক মেধিৰ ছোৱালীজনী খুজিলোঁ। ঘৰেই বা কেনেকুৱা, ছোৱালীয়েই বা কেনে চিকুণ, এইবিলাক সকলো বিবেচনাকে এৰি মোৰ আশা-ভৰসা সোপাকে নাশ কৰি মোৰ ল'ৰাই তোৰ সেই বেশ্যা ছোৱালীজনীৰ ফুচুলনিত এইখন কৰিলে। ওলওঁতে গা দেখুৱাই, সোমাওঁতে গা দেখুৱাই আমি নজনাকৈ থুৰীয়া তামোল দি তাক বলিয়া কৰিলে। ৰূপহীৰ মাক-বাপেকেও হেনো ওলোটাই কৈছিল—"আমাৰ অকালন ছোৱালীজনীয়ে একো নেজানিছিল, তোৰ সেই পঘা-খোৱা, দগধা দুৱাৰ ডাং কটা ল'ৰাটোৰ ফুচুলনিতহে তাই এইদৰে আমাকো তেজি পলাল! আমাৰ ছোৱালী কাৰো ঘৰে-দুৱাৰে যোৱা নাছিল। তোৰ পুতেৰেহে তাইক বিহক বিহুত লঙ দি, খোপাত ফুল খুচি দি বাটে-পথেও মিঠা কৈ ফুচুলাই এতিয়া চুৰ কৰি পলুৱাই নিলে। ধৰিব লাগে কোনে, ধৰে কোনে—"বোলে উলটি চোৰে গিৰীক বান্ধে আৰু চাৰি পোণ গিৰীতে সাধে।" গাঁৱৰ মাইকী মানুহবিলাকে সমস্ত দোষ মোৰ ওপৰত থৈছিল। কিন্তু মতাবিলাকে হ'লে ৰূপহীকে দুষিছিল। শেহত হেনো সকলো পক্ষৰে পৰা থিৰাং হৈছিল যে মই নিৰ্দ্দোষী। কেৱল ৰূপহী হে সৰ্ব্বদোষৰ ভাগী।


অষ্টম অধ্যায়

 আমাৰ গাঁৱত এইবিলাক হুলস্থূল হলেও আমি পলাই অহা সন্দিকৈ গাঁৱত বিশেষ একো গোলমাল হোৱা নাছিল। ৰূপহীয়ে মাহিৰ সকলোবিলাক বন-বাৰি কৰে, মই খৰি, পাত, মাছ চপাই-কোচাই আনো, মাহীয়ে আনন্দ উলাহেৰে আমাক খাবলৈ-ববলৈ ৰোজ দিয়ে আৰু মাজে মাজে তেওঁ [ ১১ ] তৈয়াৰ কৰা প্ৰসাদো দিয়ে। এইদৰে মাহীৰ ঘৰত আমাৰ এদিন দুদিনকৈ সুখেৰে দিন কাল যাবলৈ ধৰিলে। প্ৰাণাধিকা ৰূপহীৰে সৈতে প্ৰথম যৌৱনৰ মিলন, মাহীৰ মৰমিয়াল ব্যৱহাৰে আমাক স্বৰ্গসুখী কৰিছিল। মাজে সময়ে আই-বোপাইসকললৈ মনত পৰি অলপ অচৰপ বিষাদ লাগিলেও উভয়ে উভয়ৰ প্ৰীতিপূৰ্ণ, প্ৰেমপূৰ্ণ আলচ-যুকুতিত সেই বিষাদৰ ছায়াক তিষ্ঠিবলৈ ঠাই নিদিছিলোঁ। এইদৰে এমাহ দুমাহকৈ তিনিমাহ গ'ল। মাহীয়ে কবলৈ ধৰিলে—"বাছাহঁত ব'ল, তহঁতক নিজৰ ঘৰত থৈ আহোঁগৈ।" আমি কলোঁ—"মাহী! তুমি আগেয়ে এবাৰ আমাৰ তালৈ যোৱা। যদি বোপাই আইহঁতে আমাক ঘৰলৈ উলটিব দিয়ে আৰু আমাক বিয়া দিবলৈ তেন্তে আমি উলটি যাব পাৰোঁ, নহলে মাহী! আমি চিৰকাললৈ তোমাৰ ঘৰতে থাকিম। তোমাৰ ল'ৰা-ছোৱালী নাই, আমিয়েই তোমাৰ ল'ৰা-ছোৱালী।" মাহীয়ে ক'লে—"বাছাহঁত! তহঁতৰ মাৰ-বাপেৰ আছে। তেওঁবিলাকে এৰি নিদিলে মই কেনেকৈ তহঁতক সদায় ৰাখিম? মইতো ৰাখিব পালে ভালেই পাওঁ; কিন্তু মোৰ সুখ আৰু সুবিধাৰ নিমিত্তে তহঁতক চিৰকাললৈ পিতৃ-মাতৃৰ মনৰ পৰা আঁতৰ কৰাটৌ ভাল নহব।" এইবুলি কৈ মাহী এদিন গাঁৱৰ আন দুনীমান মানুহ লৈ আমাক তেওঁৰ ঘৰতে এৰি লাহন গাঁৱলৈ আহিল; আৰু ৰূপহীৰ মাক-বাপেক মোৰ আই-বোপাই এটাইবিলাককে মাহীয়ে বুজাই বঢ়াই স্থিৰ কৰিলে যে আমাক ওলোটাই নিব লাগে আৰু আমাৰ মনৰ মতনে দুইৰো বিয়া পাতিব লাগে। মাহীৰ এই কথাত হেনো বোপায়ে অনিচ্ছাৰে হলেও আমাক ওলোটাই নিয়াকে স্থিৰ কৰিলে। ধন্য মাহী! ধন্য মাহী! ধন্য শান্তিস্থাপিনী মাতৃ! ডাঙৰীয়া! এতিয়াও মোৰ সেই পৱিত্ৰা, প্ৰেমময়ী, শান্তিময়ী, স্বৰ্গীয়া দেৱী মাহীলৈ মনত পৰে।

 পাঁচ ছয় দিনৰ মূৰত ৰূপহীৰ বাপেকক আৰু মোৰ সৰু ভাইটিক লগত লৈ মাহী উলটি আহিল আৰু আমাক লগত লৈ মাহী আকৌ আমাৰ লাহন গাঁৱৰ ঘৰলৈ আহিল। ক'ব নেলাগে আমি উলটি অহাৰ এমাহমানৰ পিছতে আমাৰ দেশ-দস্তুৰ মতে বিয়া হ'ল। আমি সুখী হলোঁ। ক'বলৈ পাহৰিলোঁ, ডাঙৰীয়া! এই বিয়াত দেউতা সিমান সুখী হোৱা নাছিল। কিন্তু আই আৰু মাহীৰ উলহ-মালহ সকলোতকৈ বেছি হৈছিল। মাহী দৰাৰো মাক, কইনাৰো মাক হৈ বৰ প্ৰীতি লাভ কৰিছিল। পাৰ্য্যমানে পৰক সুখী কৰাই মাহীৰ জীৱনৰ ব্ৰত আছিল। গাঁৱলীয়া গাভৰুহঁতে এই বিয়াত ৰূপহীক যোৰাই গাইছিল— [ ১২ ]

জোনাকী ঐ ৰাম—মাৰৰ ঘৰতে
        ঐ—আছিলি ৰূপহী
        ঐ—আছিলি আদৰি তই।
        ঐ—আই-ভাই সৱাকো
        ঐ—তেজিলি ৰূপহী
        ঐ—অকল নিৰ্ম্মলকে পাই।।
        ঐ—বাপেৰক তেজিলি
        ঐ—তেজিলি সোদৰৰ ভাই।
        ঐ—লগৰ লগৰীয়া
        ঐ—ইসবো তেজিলি
        ঐ—অকল নিৰ্ম্মলক পাই।।

 ডাঙৰীয়া! মই এইটিও জানিছিলোঁ যে এই বিয়াত বোপাইত বাজেও অনিৰাম নামেৰে আমাৰ সেই সৰু কালৰ লগৰীয়াজনো সুখী হোৱা নাছিল। তাৰ কাৰণ অনিৰামেও ৰূপহীক অন্তৰে সৈতে ভাল পাইছিল; কিন্তু সি লাজকুৰীয়া ডেকা আছিল, লাজতে সি তাৰ সেই প্ৰেম আৰু মৰম কোনো দিনেই ৰূপহীক জানিব নিদিছিল। এতিয়া ৰূপহীৰ পৰৰ লগত বিয়া হোৱা দেখি সি হেনো মানুহৰ আঁৰে আঁৰে কান্দিছিল।


নৱম অধ্যায়

 এইদৰে সকলো বাধা-বিঘিনিৰ হাত সাৰি ৰূপহীক বিয়া কৰাই মই পৰম সুখী হলোঁ। সংসাৰ মোৰ পক্ষে স্বৰ্গতুল্য বোধ হৈছিল। মই সংসাৰত সকলো বস্তুকেই উজ্জ্বল দেখিবলৈ ধৰিলো। ভবা নাছিলো যে এই সুখৰ দিনৰ ওৰ পৰিল। নেজানিছিলো যে সংসাৰত সুখৰ পিছত দুখ, দুখৰ পিছত সুখ চকৰিত ঘুৰাৰ দৰে ঘূৰি থাকে। নেজানিছিলো যে জগত অনিত্য। কিন্তু ডাঙৰীয়া শুনক, ৰূপহীক বিয়া কৰাই বছেৰেকলৈকে মই স্বৰ্গসুখত আছিলো; কিন্তু ঠিক এবছৰৰ মূৰে পৰা মোৰ ভাগ্য চকৰি ঘূৰিব ধৰিলে। প্ৰথমে বিয়া কৰোৱাৰ এবছৰৰ মূৰতে বোপাই গ্ৰহণী ৰোগত পৰি বৈকুণ্ঠী হ'ল। গোটেই ঘৰৰ ভাল মোৰ মূৰৰ ওপৰত পৰিল। খেতি-বাতিৰ দিহা, হাল, গৰু ৰখা ইত্যদি সকলো কাম মোৰ মূৰত। তাৰ লগে লগে ভাই দুটাক [ ১৩ ] বিয়া-বাৰু কৰাই দিবলগীয়া চিন্তাও হব ধৰিলে। আইহঁতৰ আৰু ৰূপহীৰ সহায়ত, আইৰ দিহাত কোনোৰকমে পিতৃ-কলীয়া গৃহস্থীখন ৰাখিলো। বোপাই ঢুকোৱাত সত্ৰৰ পৰা নিৰ্ম্মালি দি মোকে মেধিও পাতিলে।

 মানুহৈ কয় বিপদ হেনো অকলে নাহে। যেতিয়া এবাৰ এটা বিপদ হয়, তাৰ লগে লগে আন বিপদো আহে। বোপাই ঢুকোৱাৰ ছমাহ পিছতে আয়ো বৈকুণ্ঠী হ'ল। এতিয়া সমস্ত জঞ্জাল মোৰ মূৰত। সন্দিকৈ গাঁৱৰপৰা মাহীক আনি লগত ৰাখি ঘৰৰ ভিতৰুৱাল দিহা মেলাৰ পৰা অলপ আজৰি পালো হয়; কিন্তু তাৰ আকৌ ছমাহৰ মূৰতে আমাৰ দেশত বৰ হুলস্থুল লাগিল; মানে আহি দ্বিতীয় বাৰ অসম আক্ৰমণ কৰিলে।

 ডাঙৰীয়াজনে সুধিলে—"আতৈ! প্ৰথম বাৰনো মান কেলেই আহিছিল? দ্বিতীয়, তৃতীয়বাৰনো কেলেই আহিছিল? আঁতি-গুৰি মাৰি কওকচোন।" নিৰ্ম্মল আতৈ—"ডাঙৰীয়া! আঁতি-গুৰি মাৰি কবলৈ গ'লে ভালেমান কথা। তথাপি মই যিমান দূৰ জানো সংক্ষেপে কওঁ শুনক। ১৭৩০ শকত মোৰ যেতিয়া বয়স ২১ বছৰ তেতিয়া ৺ চন্দ্ৰকান্ত সিংহ অসমৰ ৰজা হ'ল। তেওঁৰ তেতিয়া মুঠেই তেৰ বছৰ। সেইদেখি ৰাজ্য চলোৱাৰ ভাৰ ৰাজমাও দেউতা আৰু বুঢ়াগোঁহাই উভয়ৰে গাত পৰিল। প্ৰৱাদ আছে বুঢ়াগোঁহাই ডাঙৰীয়াৰ আৰু ৰাজমাও দেউতাৰ মিল আছিল। মিল হ'বৰে কথা; কিয়নো সেই সময়ৰ দৰাচলতে বুঢ়াগোঁহাই ডাঙৰীয়াই সৰ্ব্বে-সৰ্ব্বা আছিল। বৰগোহাঁই, বৰপাত্ৰগোহাঁই দুয়োজনা বুঢ়াগোহাঁয়ে পতা। ৺ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱকো বুঢ়াগোহাঁয়ে ৰজা পাতিছিল। বুঢ়াগোহাঁইৰ ল'ৰা সাতোটা। ধনেজনে সেইকালত বুঢ়াগোহাঁইৰ সমকক্ষ কেৱে নাছিল। বিদ্যা, বুদ্ধি ৰাজনীতি ইত্যাদিতো বুঢ়াগোহাঁই বৰ বিচক্ষণ আছিল ইত্যাদি কাৰণে বুঢ়াগোহাঁইৰে সমস্ত পয়োভৰ আছিল।

 ভূত নামেৰে কুকুৰাচোৱা বৰাৰ পুতেক সৎৰাম ৺ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ সৰু কালৰ ওমলা লগৰীয়া আছিল ৰাজ্যৰ ভাৰ পায়ো স্বৰ্গদেৱে সৎৰামক পাহৰিব নোৱাৰিলে। বুঢ়াগোহাঁই ডাঙৰীয়া আৰু ৰাজমাও দেউতা উভয়কে খেচ্‌খেচাই স্বৰ্গদেৱে সৎৰামক আনি আগৰদৰেই খেলাৰ লগৰী কৰিলে।

 ৰজাৰ লগৰীয়া হ'বলৈ পাই হেনো সৎৰাম দিনক দিনে ওফন্দি গঙাটোপটো হ'ল। ৰজাৰ আগত বুঢ়াগোহাঁইৰ বিপক্ষে লগাবলৈ ধৰিলে; বুঢ়াগোহাঁয়েও হেনো তলে তলে সৎৰামৰ ৰেহ-ৰকম চাবলৈ ধৰিলে। [ ১৪ ] সেইবাৰ দুৰ্গাপূজাৰ সময়ত হেন বুঢ়াগোহাঁয়ে নিজ হাতে এটা কিংখাপৰ চোলা তৈয়াৰ কৰি ৰজাক পিন্ধিবলৈ দিছিল। ৰজাই সেই চোলা পিন্ধি ষষ্ঠীৰ দিনা দেৱী-সেৱা কৰিবলৈ যোৱাৰ কথা আছিল। বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই তিনিওজনে ৰজাক দৰ্শন পাবৰ অভিলাষে চণ্ডী-মণ্ডপত ৰৈ আছিল। সময় পৰত হেনো ৰজাই সেই চোলা পিন্ধাই সৎৰামক চণ্ডী-মণ্ডপলৈ পঠাই দিলে। ডাঙৰীয়া তিনিওজনে সৎৰামকে ৰজা বুলি আঠু লৈ দেখিলে যে ৰজা নহয় সৎৰামহে। তিনিওজনা ডাঙৰীয়া গোট হৈ, ৰজাৰ চ'ৰাঘৰলৈ আহি মেল পাতি ৰজাক সৎৰামৰে সৈতে সেই মেললৈ আহিবলৈ আদেশ কৰি পঠালে।

 ৰজাৰ চ'ৰাত তিনিওজনা ডাঙৰীয়াৰ মেল সেই সময়ত বৰ ডাঙৰ কথা আছিল। সেই মেলত আনকি ৰজাকো ভাঙিব পৰা ক্ষমতা আছিল। ৰজাই শুনি ভয়তে নিজেও নোলাল, সৎৰামকো নপঠালে। ডাঙৰীয়া তিনিজনে হেনো সেই মেলত সৎৰামৰ প্ৰাণদণ্ড বিহি সৎৰামক ধৰি আনিবলৈ আদেশ দিলে। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ তিনিজন পুতেকে গৈ সৎৰামক ৰজাৰ ওচৰৰ পৰা টানি আনিলে। ৰজাই ডাঙৰীয়া তিনিজনক সৎৰামক প্ৰাণে নেমাৰিবলৈ বৰকৈ কাকূতি-মিনতি জনাই পঠালে। ৰজাৰ অনুৰোধ এৰাব নোৱাৰি হেনো ডাঙৰীয়াসকলে সৎৰামৰ প্ৰাণদণ্ডৰ ব্যৱস্থা গুচাই, তাক মূৰ খুৰাই ঘোল ঢলাই পৰ্ব্বতৰ ফাললৈ খেদি পঠালে।

 প্ৰৱাদ আছিল গুৱাহাটীৰ বৰফুকনৰ হেনো পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ সৈতে পেটে পেটে বৰ অৰিভাব আছিল। সৎৰামক নিৰ্ব্বাসন কৰোঁতে বুঢ়াগোহাঁই ডাঙৰীয়াই জানিলে যে গুৱাহাটীয়া বৰফুকনো সৎৰামৰ লগ। মুঠতে কবলৈ গ'লে গুৱাহাটীৰ বৰফুকন, সৎৰাম, ৰজা এই তিনিজনা এফলীয়া আৰু বুঢ়াগোহাঁই ডাঙৰীয়া আৰু ৰাজমাও উভয়ে আনফলীয়া। বুঢ়াগোহাঁয়ে চণ্ডী-মণ্ডপৰ সেই অপমানতে বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই এই দুজনকে তেওঁৰ অভীষ্ট সিদ্ধিৰ নিমিত্তে লগলগাই লবলৈ বৰ সুবিধা পালে। সৎৰামক নিৰ্ব্বাসন কৰি বুঢ়াগোহাঁয়ে তেওঁৰ বিপক্ষৰ সকলো শত্ৰুকে নিপাত কৰিবলৈ ইচ্ছা কৰিলে সেই ইচ্ছা অনুসৰি তেওঁ গুৱাহাটীৰ বৰফুকনক ধৰাই আনিবলৈ তলে তলে কাৰবাৰ কৰিলে। তেওঁৰ বোৱাৰী পিজৌ গাভৰুৱে বুজ পাই তলে তলে বাপেক বৰফুকনলৈ খবৰ পঠালে। [ ১৫ ] বুঢ়াগোহাঁইৰ ফৈদ গৈ পোৱাৰ আগেয়ে বৰফুকন কলিকতালৈ গৈ সেই সময়ৰ লাট চাহাবক অসমখন ইংৰাজৰ অধীনলৈ আনিবলৈ খাটিলে। লাট চাহাবে হেনো সেই কথাত কৰ্ণপাত নকৰাত বৰফুকনে কলিকতাত থকা মান এটাৰে সৈতে মিতিৰালি পাতি মানৰ দেশলৈ গৈ মান ৰজাক জনালে যে বুঢ়াগোহাঁয়ে তেওঁৰ ভাই ৰজাৰ দেশখন ছাৰখাৰ কৰিলে। তেওঁৰ এই কথা বিশ্বাস কৰি মানৰ ৰজাই তেওঁক পোন্ধৰ হেজাৰ মান সৈন্য দি অসম উদ্ধাৰ কৰিবলৈ পঠাই দিলে। তেওঁ শদিয়াৰ বাটেৰে আহি জয়পুৰতে কোঠ মাৰি বহিল।


দশম অধ্যায়

 যেতিয়া বৰফুকনে এই পোন্ধৰ হেজাৰ সৈন্য লৈ জয়পুৰ পালেহি তেতিয়াহে সেই খবৰ আমাৰ ৰজা আৰু বুঢ়াগোহাঁই ডাঙৰীয়াই পালে। বুঢ়াগোহাঁয়ে নেভাবিছিল যে নাশ্ৰুত-নাভূত এনেকুৱা বিধৰ শত্ৰু আহি অসম ৰাজ্যত সোমাব। ৰজাঘৰৰ সৈন্য-সামন্ত একো সাজু নাছিল। ডাঙৰীয়াসকলে একো উপায় নেপাই ৰংপুৰতে যি পায় সৈন্য-সামন্ত গোটাবলৈ স্থিৰ কৰি চাৰিওফালে কটকী পঠালে। সাত আঠদিনৰ ভিতৰতে আমাৰ অসমীয়াৰ দহ-বাৰ হেজাৰ সৈন্য গোট খালে। বুঢ়াগোহাঁইৰ পুতেক চন্দ্ৰ গোহাঁইদেৱ, ৰুচিনাথ গোহাঁইদেৱ এই দুজনে সেই দহ-বাৰ হেজাৰ সৈন্য লৈ নাজিৰাৰ পৰা প্ৰায় এবেলাৰ বাট আগবাঢ়ি আহি মানেৰে সৈতে ৰণ পাতিলে। অসমীয়া ৰণুৱাৰ হাতত ধেনু-কাঁড়, হিলৈ, মানৰো প্ৰায় সেয়ে অস্ত্ৰ আৰু তাৰ লগতে তৰোৱাল। উভয় দলৰে প্ৰায় তিনিদিন তিনি ৰাতি ৰণ হ'ল। মানো নিজিকে, আমিও নিজিকোঁ। চতুৰ্থ দিনৰ যুঁজত আমাৰ সেনাপতি চন্দ্ৰ গোহাঁইদেৱ পৰিল। তেওঁৰ লগতে আন আন দুই চাৰিজন বীৰ পৰাত আমাৰ বল ক্ষীণ হ'ল। মানহঁতে তৰোৱাল লৈ খেদি আহি আমাৰ সৈন্যেৰে সৈতে হতাহতি যুঁজ কৰি আমাৰ অসমীয়াক ঘটুৱালে। আমাৰ প্ৰায় তিনি চাৰিশ ৰণুৱা সিহঁতে ধৰি বন্দী কৰিলে। ৰুচিনাথ গোহাঁইদেৱে কথমপি প্ৰাণ লৈ উলটি আহি ৰংপুৰত খবৰ বাতৰি দিলেহি। মান জিকা আৰু চন্দ্ৰগোহাঁইদেৱ যুঁজত মৰা শুনি হেন মান আহি নগৰ নৌ পাওঁতেই বুঢ়াগোহাঁইৰ পৰলোক হ'ল। ডাঙৰীয়া! কেৱে কয়, বুঢ়াগোহাঁই ডাঙৰীয়াই তেওঁৰ আঙুলিত থকা হীৰাপতোৱা [ ১৬ ] আঙঠিৰ হীৰা চেলেকি মৰিল। কেৱে কয় তেওঁ বিষ খাই মৰিল। কেৱে কয় তেওঁৰ আগৰে পৰা শৰীৰ অসুস্থ আছিল, তাতে যেতিয়াই আমাৰ পৰাজয় আৰু পুত্ৰ চন্দ্ৰ গোহাঁইৰ মৃত্যুৰ বাতৰি শুনিলে তেতিয়াই মনৰ দুখতে তেওঁৰ ইচ্ছামৃত্যু হ'ল।


একাদশ অধ্যায়

 ডাঙৰীয়া! মই আগেয়ে কৈছোঁ সেই সময়ত মই একৈশ বছৰীয়া। যদিও আমি বুঢ়াগোহাঁইৰ ফৈদৰ আছিলোঁ; তথাপি নগৰৰপৰা আঁতৰত থকাৰ বাবে ঈশ্বৰৰ ইচ্ছাত আমাৰ গাঁৱৰ হৈ মুঠেই এজন যুঁজত মৰাত বাজে আন বিশেষ ক্ষত নোহোৱাত আমি ভাবিছিলোঁ আপদ আঁতৰি গ'ল, ৰক্ষা পৰিলোঁ। কিন্তু ডাঙৰীয়া সিটি নহ'ল। মানক বৰাই-বুজাই হেনো আইদেউক বৰ্ম্মা ৰজালৈ দি খেদোৱাৰ পিছত, দেশত বদন বৰফুকনেই এইবাৰ এদনীয়া অধিপতি হ'ল। ক্ষমতা বঢ়াৰ লগে লগে তেৱোঁ হেনো মহা অত্যাচাৰী হৈ উঠিল। মান আনি দেশ নষ্ট কৰাৰ বাবে বিষয়াসকল বিশেষকৈ ৰাজমাও দেউতা তেওঁৰ ওপৰত বৰ অসন্তুষ্ট হৈছিল। তাতে যেতিয়াই বৰফুকনে বুঢ়াগোহাঁইৰ ফৈদৰ মানুহবিলাকক বিশেষকৈ অত্যাচাৰ কৰিব ধৰিলে তেতিয়াই বুঢ়াগোহাঁইৰ মৃত্যুৰ পোটক তুলিবলৈ ৰাজমাও দেউতাই তলে তলে চক্ৰান্ত কৰি ৰূপ সিং নামেৰে হিন্দুস্থানী চিপাহী এটাৰ হতুৱাই নিৰস্ত্ৰ হৈ শৌচ কৰিবলৈ যাওঁতে বাটতে ধৰি বদনচন্দ্ৰক বধ কৰোৱালে। বদনক বধ কৰাৰ লগে লগে বৰফুকনৰ ফৈদ হীনপ্ৰভ হলেও ৰজা তলে তলে বৰফুকনৰ ফলীয়া আছিল। সেইদেখি ৰাজমাও দেউতাই বুঢ়াগোহাঁইৰ পুতেক ৰুচিনাথ বুঢ়াগোহাঁই ডাঙৰীয়াক নগৰলৈ মাতি পঠোৱাতো তেওঁ নাহি চিলামাৰিত ভাগি থকা ৰাজেশ্বৰ সিংহৰ বংশৰ পুৰন্দৰসিংহ কোঁৱৰক ৰজা পাতিবৰ মনেৰে তেওঁক ৰংপুৰলৈ লৈ আহিলগৈ। এই বাতৰি পাই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে ভয়তে লুকু ডেকাফুকনক নগৰ গতাই দি পলাই গ'ল। যথাসময়ত ডেকাফুকনক লগত ৰুচিনাথ বুঢ়াগোহাঁইৰ এখান চুৰচুৰীয়া ৰণ হ'ল। এই ৰণত ডেকাফুকন মৰিল। পিছে ৰুচিনাথ ডাঙৰীয়াই সকলোৰে সন্মতিক্ৰমে ১৭৩৮ শকত পুৰন্দৰ সিংহ কোঁৱৰক যুৱৰাজ পাতি [ ১৭ ] চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱক "মহাৰাজ পাতিম" বুলি মাতি পঠালে। কিন্তু চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে ৰুচিনাথক বিশ্বাস নকৰিলে। তেওঁ নহাত পুৰন্দৰসিংহই ১৭৩৯ শকত ৰজা হ'ল।

 ৰুচিনাথ বুঢ়াগোহাঁয়ে যদিও চন্দ্ৰকান্তসিংহক একো নকৰিলে তথাপি তেওঁৰ ভাতৃ মৰঙিখোৱা গোহাঁয়ে পূৰ্ব্বৰ শত্ৰুতা মনত ৰাখি ছল-চক্ৰান্ত কৰি আগলৈ ৰজা হ'ব নোৱাৰাকৈ চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ কাণ এখনত ঘুণ লগালে। এই ব্যৱহাৰত চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে মৰ্ম্মান্তিক বেজাৰ পাই এই অপমানৰ প্ৰতিশোধ লবৰ মনেৰে আকৌ গোপনে বৰফুকনৰ ফৈদৰ মানুহ কেইজনমানক আকৌ মান আনিবলৈ পঠালে। মান ৰজাই বদন বৰফুকনক অন্যায়কৈ মৰোৱা বাতৰি পাই এইবাৰ ত্ৰিশ হেজাৰ মান সেনা লগত দি আলুমিঙ্গি নামে সেনাপতি এজনক ১৭৪১ শকত অসম আক্ৰমণ কৰিবলৈ পঠালে। সিবাৰ অলপীয়া মান সেনাৰ লগতে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ শিক্ষিত সেনায়ো নোৱাৰিলে, এইবাৰ ত্ৰিশ হেজাৰ মানৰ লগত যুঁজিবলৈ কি সাধ্য! তাতে দেশখন দুফলীয়া হৈ ছাৰ-খাৰ হৈ ৰৈছে! তথাপি মৰণত শৰণ দি ৰুচিনাথ গোহাঁই দেৱে আমাৰ এজাক ৰণুৱা গোটালে। ডাঙৰীয়া! এইখন যুঁজলৈ এই নিঃকিনো গৈছিলো। মানেৰে তয়া-ময়া ৰণ লাগিল। আমাৰ পোন্ধৰ হেজাৰ ৰণুৱা হৈছিল। তথাপি জননী জন্মভূমিৰ নিমিত্তে আমি সকলোটি অসমীয়াই প্ৰাণৰ মায়া বিসৰ্জ্জন দি মানেৰে সৈতে তিনি দিন তয়া-ময়া ৰণ কৰিছিলো। এই নিঃকিনে এই দুখন হাতেৰেই তৰোৱালেৰে তিনিটা মান ৰণুৱা বধ কৰিছিলোঁ। কিন্তু ক'লে কি হব! আমাৰ ভাগ্যত ঈশ্বৰে সুখ লিখা নাছিল। আমাৰ প্ৰায়বিলাক অসমীয়া ৰণুৱাই মানৰ হাতত জীৱন সামৰিলে। কিবা ভাগ্যৰ গুণত এই নিঃকিন আৰু তিনিশ ৰণুৱাৰ মৰণ নহ'ল। মানহঁতে আমাক জীয়াই জীয়াই ধৰি বন্দী কৰিলে; আৰু যুঁজৰ অন্তত সন্ধি হ'লত মানহঁতে আমাক সিহঁতৰ বয়-বস্তু কঢ়িওৱা ভাৰী কৰি আমাক সিহঁতৰ মান দেশলৈ লৈ গ'ল।

 দেখক ডাঙৰীয়া! আমাৰ বিষয়াসকলৰ পৰস্পৰ হিংসাহিংসি, ৰজা-ভঙা, ৰজা-পতা ইত্যাদি খেলি-মেলিয়েই আমাৰ অসম দেশখন খালে। ঘাইকৈ দুৰ্ব্বল ৰজা চন্দ্ৰকান্ত আৰু বৰফুকন বদনচন্দ্ৰ যেনেকৈ এফালে দোষী, আন পক্ষেও ডাঙৰীয়া! নকৈ নোৱাৰোঁ যে পূৰ্ণানন্দ বুঢ়াগোঁহাই আৰু ৰাজমাও এই দুজনাও দোষী। এই দুদলৰ অন্যায়, অবিধি পৰস্পৰ হিংসাহিংসি ভাবেই অসম দেশখন খালে। মোৰ জননী জন্মভূমিৰ মান-মৰাণৰ হাতত দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছিল। [ ১৮ ]  এইদৰে একুৰি বাৰ বছৰ বয়সতে অৰ্থাৎ ১৮৩৯ শকত মানৰ যুঁজত ঘাটি মৰমৰ ভাইহঁত আৰু প্ৰিয়তমা ৰূপহীৰ লগৰ পৰা, জননী জন্মভূমিৰ পৰা বঞ্চিত হৈ মানৰ দেশ পালোঁগৈ। পথ যে কি দুৰ্গম তাক কৈ অঁতাব নোৱাৰি। পাহাৰৰ পাছত পাহাৰ। হাবিৰ পাছত হাবি। প্ৰায় এমাহে গৈ গৈ মানৰ দেশ পালোঁ। জিকাৰু মানহঁতে আমাক নি সিহঁতৰ ৰজাৰ আগত ভেটিলে। আমি ভাৰ-ভেটিবিলাক ৰজাৰ আগত দিলোঁ। আমি জনালোঁ যে আমাক আকৌ নিজ দেশত থবহি লাগে। মানৰ ৰজাই আমাক বুজোৱালে যে বয়-বস্তুৰ দৰে আমিও হেনো অসমৰ পৰা তেওঁৰ দাস-দাসী স্বৰূপে গৈছিলোঁ; আমি আৰু দেশলৈ উলটিব নোৱাৰোঁ। আমি বুজিলোঁ যে আমাৰ কপালত মানৰ ৰজাৰ বেটী-বান্দী হৈ থাকিবলগীয়া লিখন আছে। কি কৰিম, ইচ্ছা নাথাকিলেও আমি মানৰ দেশতে থাকিবলগীয়া হলোঁ। যি কি নহওক মানৰ ৰজাই আমাক তেওঁৰ ৰাজধানীৰপৰা প্ৰায় এদিনৰ বাটত, ইৰাৱতী নৈৰ পাৰত বসতি কৰি থাকিবলৈ আদেশ দিলে। আৰু গাইপতি হাল-গৰু আৰু জোখাৰে মাটি-বৃত্তি দি মান দেশতে ৰাখি থলে। আদেশ কৰিলে যে বছৰি আমাৰ গাঁৱৰ পৰা ৰজাঘৰত তিনিকুৰিজন মানুহে গাৰে খাটি দিব লাগিব। আৰু আমাৰ যাৰ ইচ্ছা মানৰ ছোৱালী বিয়া কৰাব পাৰিব। কিন্তু বিয়া কৰালে আমি আমাৰ হিন্দু ধৰ্ম্ম এৰি বৌদ্ধ ধৰ্ম্মত ভজিব লাগিব। খাব-লব পৰাকৈ এবছৰলৈ ৰজাঘৰৰ পৰা আমাক ধান-চাউলোঁ দিলে। ভামোৰ ওচৰত ইৰাৱতী নৈৰ পাৰত চাৰিওফালে মানৰ গাঁৱৰ মাজত এডোখৰ হাবি কাটি আমি বসতি কৰিলোঁ, আৰু ৰজাৰ আদেশ মতে বছৰি পাল পাতি খাটনিও কৰিবলৈ ধৰিলোঁ।

 ভামো নগৰত আমাৰ ৰাজকুঁৱৰী হেমো আইদেওক থৈছিল। মানৰ মুখত হেনো 'হেমো' শব্দ 'ভামো' হৈছিল আৰু আইদেওৰ নাম অনুসৰিয়েই এইখানৰ 'ভামো' নগৰ নাম হৈছিল। আমি সেই ভামোতেহে খাটনি কৰিবলগীয়াত পৰিছিলোঁ। ৰজা বছৰি সেই ঠাইত আহি তিনি মাহ মানকৈ বসতি কৰিছিল। ডাঙৰীয়াজনে সুধিলে—"আতৈ! মানৰ দেশখননো কেনেকুৱা? তাৰ মানুহবিলাকনো কেনেকুৱা? আচাৰ-ৰীতিয়েই বা কেনেকুৱা?" আতৈ—"ডাঙৰীয়া, সেই বিলাক বিষয় কবলৈ গলে ভালেমান কথা হব। মুঠতে কওঁ মানৰ দেশখন ধুনীয়া। ৰজাৰ ঘৰবিলাকৰ টুপবিলাকত সোণৰ [ ১৯ ] কলচি লগোৱা। প্ৰায় মানুহৰে ঘৰবিলাক কাঠৰ। সিহঁতৰ ধৰ্ম্ম-মন্দিৰবিলাক আমাৰ দৌলৰ দৰে জোঙা দেখিবলৈ ধুনীয়া, কিন্তু কাঠৰ। টুপবিলাকত সোণৰ কলচি, কাঠবিলাকত যে কি বিচিত্ৰ নক্সা-কটা তাক বৰ্ণাই অঁতাব নোৱাৰিল মান মানুহবিলাক সূতাৰৰ কামত বৰ পকা। মন্দিৰবিলাকত হালধীয়া কাপোৰ পিন্ধা ফিঙ্গু নামেৰে সিহঁতৰ গোসাঁই আৰু পুৰোহিতবিলাক থাকে। মানৰ তিৰোতাবিলাক তেজগোৰা বগা; দেখিবলৈ ধুনীয়া কেৱল অনেকৰে কি প্ৰায় সকলো বিলাকৰেই নাকবিলাকহে চেপেটা। সিহঁতে নানা বৰণৰ বিশেষকৈ হালধীয়া, ক'লা, ৰঙা, ৰেছমি কাপোৰৰ কুৰ্ত্তা পিন্ধি সুন্দৰ জাক্‌জমক্‌কৈ ফুৰে। সিহঁত স্বাধীন ভাবেৰে আপোন মনেৰে য'তে ইচ্ছা ত'তে ফুৰে। জীয়ৰীবিলাকে নাচি-বাগি গীত গাই ধেমালি কৰি ফুৰে। যাকে ভাল পায় তাতে বিয়া সোমায়। সিহঁতৰ গাওঁবিলাক পৰিষ্কাৰ। দোষৰ ভিতৰত সিহঁতে মুৰগী আৰু গাহৰি পোহে। গৰু, ম'হ, মদ, গাহৰি, মুৰগী, হাঁহ, পাৰ, শুকান মাছ সকলো খায়। আনকি ইন্দুৰ, নিগনি আৰু বাদুলিও খায়। মান দেশৰ মাটিও বৰ সাৰুৱা। পথাৰবিলাকত অলপ পৰিশ্ৰমতে অপ্লাৱিত ধান, সৰিয়হ আৰু নানা তৰহৰ খেতি হয়। নৈবিলাকৰ পানী বৰ নিৰ্ম্মল। ঠাই ঠাণ্ডা স্বাস্থ্যকৰ। মান দেশত যেন সদায় বসন্ত আৰু শৰৎ ঋতু বিদ্যমান।


ত্ৰয়োদশ অধ্যায়

 ডাঙৰীয়াজনে ক'লে,--"আতৈ! মোৰ বোধেৰে আপুনি নিশ্চয় মান-ছোৱালী দেখি ভোল গৈছিল; পিছত আপুনি জানো মান-ছোৱালী নাৰাখাছিল, কওকচোন সঁচা কথা!" আতৈয়ে হাঁহি হাঁহি উত্তৰ দিলে—"ডাঙৰীয়া! ধৈৰ্য্য ধৰক! মই কৈ নিবই ধৰিছোঁ নহয়। মই আপোনাক সকলো কথা অকপট চিত্তেৰে ক'ম।"

 আমি এইদৰে বসতি কৰি থকাৰ দুবছৰৰ ভিতৰতে হেনো আকৌ অসংখ্য মান আমাৰ অসমলৈ আহি অসমখন ছাৰখাৰ কৰিলে। সেই বিষয়ে ডাঙৰীয়া মই বিশেষকৈ একো কব নোৱাৰোঁ। মাথোন শুনিছিলোঁ আনৰ উপদ্ৰৱত হেনো সেইবাৰ অসমীয়া মানুহ বৰকৈ জ্বলা-কলা হৈ আনকি অসম এৰি জাকে জাকে অসমীয়া মানুহে হেনো ত্ৰিপুৰা, জৈন্তিয়া, ময়মনসিং, মণিপুৰ, কাছাৰ, ভোটান, তিব্বত আদি ঠাইলৈকো পলাই গৈছিল। মানৰ [ ২০ ] উপদ্ৰৱত হেনো অসম শ্মশানত পৰিণত হৈছিল। সেই বিষয়ে মই মানৰ দেশৰ পৰা আহি যি দেখিছিলোঁ আৰু শুনিছিলোঁ তাৰে পৰা বঢ়িয়াকৈ বুজিছিলোঁ, মানে আমাৰ অসম দেশখনক কিৰূপে ধ্বংস কৰিছিল। আমি তাত থাকোঁতে থাকোঁতেই আমাৰ গাঁওখন আৰু আমাৰ ওচৰৰ ঠাইবিলাকো ধৰি নিয়া অসমীয়া মানুহেৰেই ভৰপূৰ হৈ উঠিছিল। আনকি তিনি চাৰিখন গাঁওও হৈছিল। আমাৰ অনেক অসমীয়া মানুহে হিন্দু ধৰ্ম্ম এৰি বৌদ্ধ ধৰ্ম্ম লৈ মানৰ ছোৱালী বিয়া কৰাই অসমীয়া গুচি মান হৈছিল। ইয়াৰ পৰা ধৰি নিয়া জীয়াৰী-বোৱাৰীৰ কেতবিলাক পাষণ্ড মানহঁতৰ ৰক্ষিতা হৈছিল, দুই-চাৰিজনী আমাৰ অসমীয়া মানুহেও বিয়া কৰাই ঘৰ-গিৰিস্থালি পাতিছিল। মোকো লগৰ লগৰীয়াবিলাকে অনেক সময়ত হয় মান ছোৱালীক নহয় অসমীয়াৰে এজনী বিয়া কৰাবলৈ বৰকৈ কৈছিল। মোৰ কিন্তু সেইবিলাক একোলৈকে ইচ্ছা নহ'ল। দিন যেতেকে বেছি হব ধৰিলে তেতেকে মোৰ নিজ দেশলৈ, জননী জন্মভূমিলৈ, মোৰ প্ৰথম যৌৱনৰ প্ৰেমময়ী ৰূপহীৰ মূৰ্ত্তিলৈ ধাউতি বেছি হবলৈ ধৰিলে। মই ৰূপহীক মোৰ নিজৰ জীউটোতকৈও বেছি ভাল পাইছিলোঁ। ৰূপহীৰ প্ৰেমময়ী সুন্দৰ ছবিখানি মোৰ হৃদয়ত ইমান দকৈ আছিল যে সেই মূৰ্ত্তিৰ ঠাই আন কোনো যুৱতীয়েই অধিকাৰ কৰিব নোৱাৰিছিল। মই অনেক সময়তে মানহঁতৰ সেই ধৰ্ম্ম মন্দিৰবিলাক চাই ফুৰিছিলোঁ। স্বচ্ছা সলিলা ইৰাৱতীৰ পাৰত বহি বহি নীৰৱে মোৰ দেশৰ নিমিত্তে, স্নেহময়ী প্ৰিয়তমা ৰূপহীৰ নিমিত্তে দুই এটোপা চকুৰ পানীও টুকিছিলোঁ, আৰু দীঘলৈ হা-হুমুনিয়াহ কাঢ়ি মনতে গাইছিলোঁ—

"মোৰ আশাও নৰ'ল— হেঁপাহো নগ'ল
 সকলো ইচ্ছা মনতে ৰ'ল
নিয়তি চকৰি— এনেকই ঘূৰি
 কৰি কিনো দুৰ্দ্দশা মোৰ
জনমৰ ভূমি— অসম জননী
 ক'তনো মই আহিলোঁ এৰি
সোদৰ ভাতৃ— মৰমৰ পত্নী
 কেতিয়া উলটি দেখিমে গই।"

 ডাঙৰীয়া! মনতে এনেকুৱা বিধৰ গীত দুই এটি আবৃত্তি কৰি ছাটি-ফুটি কৰাত বাজে মোৰ আৰু কোনো উপায় নাছিল। অৱশ্যে এনেবিলাক [ ২১ ] আৰু উদাসিনীয়া ভাবত তত নেপালে, শেহত সেই সৰুতে শৰণ লওঁতেই গুৰু ঈশ্বৰৰ পৰা আভাস পোৱা সেই কৃষ্ণৰ ৰূপ চিন্তি, "সইতে কৃষ্ণদেৱ গোপিনীক নেৰিবা, অক্ৰুৰে লৈয়া গল ৰথতে তুলি, গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি" এনেকুৱা ল'ৰাকালতে শিকা নাম-পদ গাই নিজৰ মনক প্ৰবোধ দিছিলোঁ। বাহিৰে লগ সমনীয়াৰ লগত ঠাট্টা ইয়াৰ্‌কি, এলেগে বন-বাৰী, খৈতি-বাতি কৰি কাল কটাইছিলোঁ। বিশেষকৈ বাঢ়ৈৰ কাম মই ভালকৈ শিকিছিলোঁ। ডাঙৰীয়া! প্ৰায় বাৰ বছৰ কাম মানৰ দেশতে মোৰ এইদৰে গ'ল। মোক বিয়া-বাউৰ নকৰোৱা দেখি লগৰীয়াবিলাকে অনেক সময়তে ৰূপহীৰ গোলাম, ৰূপহীত পগলা এনেকুৱা পেংলাই নামো দিছিল। কেৱে মোক "কেৱলীয়া আতৈ" বুলিও সম্বোধন কৰিছিল। মানহঁতৰ দুই-চাৰিজন বৌদ্ধ পুৰোহিতে মোক বিয়া-বাৰু নকৰোৱা দেখি সিহঁতৰ লগৰে ফিঙ্গুৱা হবলৈকো কৈছিল। মোৰ কিন্তু ডাঙৰীয়া! একোকে ভাল নালাগিছিল। মোৰ মন-প্ৰাণ সমস্ত জননী জন্মভূমি আৰু বাতৃ, ৰূপহী ইত্যাদিৰ চিন্তাত ডুবি আছিল।


চতুৰ্দ্দশ অধ্যায়

১৭৫০ শকত আমাৰ দেশ কোম্পানীয়ে লোৱাৰ পিছত বৰ্ম্মাৰ ৰজাই হেনো ইংৰাজ কোম্পানীৰ সৈতে কৰা সন্ধিত আমাৰ দেশৰ পৰা ধৰি নিয়া বন্দীবিলাকক বিশেষকৈ যিসকলে ইচ্ছা কৰে সেইসকলক আকৌ অসমত ওলোটাই থবলৈ বাধ্য হৈছিল। সেই সন্ধি অনুসৰি মান ৰাই আমাৰ গাঁৱলৈ ত্ৰিশজন ত্ৰিশজন ৰণুৱা পঠাই হুকুম শুনালে যে যাৰ ইচ্ছা হয়, সেইবিলাক বন্দী সেই মানহঁতৰ লগতে অসমলৈ উলটিব পাৰে। আমাৰ যিবিলাক অসমীয়া মানুহে তাতে ঘৰ-গিৰিস্থালি কৰিছিল সেইবিলাকো অসমলৈ উলটিব পাৰে। আমাৰ ডিমাপুৰৰ পৰা আঠ দিনমান হাবিৰ মাজে মাজে খোজ কাঢ়ি কাঢ়ি নাজিৰা পালোঁ। নাজিৰাৰ পৰা ৰংপুৰলৈ আহিলোঁ। বাৰ বছৰৰ মূৰত মাতৃভূমিলৈ আহি, আমাৰ মনত কিমান যে আশা, কিমান আনন্দ হৈছিল তাক কব নোৱাৰোঁ। দুই তিনিদিন হাত ভৰি ভাঙি মই আমাৰ গাঁৱলৈ আহিলোঁ। কিন্তু গাঁৱলৈ আহি যি দেখিলোঁ তাত মোৰ হৃদয় বিদীৰ্ণ হ'ল। আমি এৰি থৈ যোৱা ভৰপূৰ লাহন গাঁও অৰণ্যত পৰিণত। গাঁওখনত এটিও মানুহ নাই। ভঙা ঘৰ, ভঙা দুৱাৰ দুই চাৰিটা পৰি আছে। আগেয়ে যি ডোখৰ আমাৰ গাঁৱলীয়া হাবি আছিল তাত নকৈ গাঁও বহিছে। নৈৰাশ নিৰানন্দ মনেৰে সেই গাঁৱলৈ গলোঁ আৰু তাত মানুহ এঘৰত বহি সুধিলোঁ আগৰ লাহন গাঁওখননো কি হ'ল? মোৰ সেই প্ৰশ্নত সেই ঘৰৰ ঘাই মানুহজনে [ ২২ ] আচৰিত হৈ সুধিলে—"ককাই! তইনো ক'ৰপৰা আহিছ?" মই কলোঁ—"মই মান দেশৰ পৰা আহিছোঁ। মই অসমীয়া মানুহ, এই লাহন গাঁৱতে মোৰ ঘৰ আছিল, মোক যুঁজত মানে ধৰি নিছিল। মোৰ এই কথাত সেই নতুন গাঁৱৰ গোটেইবিলাক ল'ৰা-তিৰোতা, বুঢ়া-বুঢ়ী মোৰ ওচৰলৈ আহি মোক বেঢ়ি ধৰিলে, আৰু মইনো কেনেকৈ মানৰ দেশলৈ গৈছিলো, মানৰ দেশখননো কেনেকুৱা, তাত শুকুলা হাতী আছেনে ইত্যাদি নানা কথা সুধিলে। ময়ো নিজৰ দেশ পাই, নিজৰ অসমীয়া লগ পাই আঁতি-গুৰি মাৰি সকলোবিলাক কলোঁ। মোৰ কাহিনীত ল'ৰা-ছোৱালী আৰু তিৰোতাবিলাক, বিশেষকৈ গাভৰুবিলাক বৰ মোহিত হৈছিল। মই এইবিলাক কৈ উঠি সুধিলোঁ—"আমাৰ আগৰ গাঁওখননো কি হ'ল?" বুঢ়া-মেধা দুই-চাৰিজনে ক'লে—"ঔ বোপাই! সুধিলেনো কি হ'ব। মানৰ উপদ্ৰৱত কোন কেনি গ'ল, কাক ক'ত মানে কাটিলে, মাৰিলে, কাক ক'ত ধৰি বেটি-বন্দী কৰি নিলে, তাৰ ঠিক নাই। আমিও কোম্পানীৰ ৰাজ্য হোৱাতহে নানা ঠাইৰ পৰ আহি ইয়াত বসতি পাতিছোঁ। বোপাই! তয়ো ইয়াতে থাক। উদ্ধাৰ পৰাচিত হ। ধনবিত নাই যদি আম দহজন লগলাগি তোক বৰঙণি তুলি সহায় কৰি দিওঁ। উদ্ধাৰ পৰাচিত হৈ চাই-চিন্তি গাঁৱৰে এজনী ছোৱালী বিয়া কৰাই ইয়াতে থাক বোপাই!" মই সুধিলোঁ--"লাহন গাঁৱৰ এটাইবিলাক মানুহকে মানে কাটিলেনে?" সিহঁতৰ দুই এজনে ক'লে--"বোপাই! শুনিছোঁ প্ৰায় হেনো এটাইবিলাককে কাটিলে, কেতবোৰ ধৰি বেটী-বন্দী কৰি নিলে, অলপ কিছুমান সব মতা-মাইকী হেনো পলাই গ'ল। আউৰ দুই-চাৰিজন মানুহ হেনো আজি-কালি বোকাখাটত আছেগৈ। সিহঁতৰ এইবিলাক কথা শুনি মোৰ মনত নৈৰাশ ডাৱৰে ঢাকিলে। মোৰ মনত খেলিছিল "হায়! মই মান যুঁজত নমৰিলো কেলেই। নমৰিলোঁ নমৰিলোঁ মান দেশৰ পৰা উলটি আহিলো কেলেই—মোৰ ৰূপহীনো ক'লৈ গ'ল। আইহঁতৰনো কি হ'ল। গাঁৱৰ মানুহৰ নো কাৰ কি দুৰ্গতি হ'ল। ভাৱনা-চিন্তাই মোক দুখআৰু শোকসাগৰত পেলালে। গৃহস্থজনে সেই নিশা আতৌ-পুতৌ কৰি খাব শুবলৈ দিলে। অৱশ্যে এইটোও নকৈ নোৱাৰোঁ ডাঙৰীয়া! যে ইমান আদৰ-সাদৰ কৰাৰ পিছতো মোক ভাতগাল হলে মই মানৰ দেশত থাকি মেলেছ হোৱা বাবে বাহিৰতেহে খাবলৈ দিলে। যদিও বাহিৰত খাবলৈ দিলে, তথাপি ডাঙৰীয়া! মই সেই মানুহ ঘৰৰ আদৰ-সাদৰ আইলৈকে পাহৰিব নোৱাৰোঁ। [ ২৩ ]  ৰাতি চাৰি ডাঁৰ সেই গিৰিহঁতৰ ঘৰতে কটালোঁ। ওৰে নিশা মোৰ টোপনি নাহিল। ছাটি-ফুটি কৰোঁতে গ'ল। নান ভাবে, নান চিন্তাই শৈশৱ আৰু কৈশোৰৰ অনেক পুৰণি কথাই মোৰ মন বিয়াকুল কৰিলে। দেশৰ অৰ্থে যুঁজি মানৰ হাতত বন্দী হৈ, ঘৰ-দুৱাৰ, ভাই-ককাই, তিৰোতা সকলোৰে বঞ্চিত হৈ মানৰ দেশত বাৰ-তেৰ বছৰ কাল কটাই বৰ হেঁপাহেৰে স্বদেশলৈ উলটিছিলোঁ। কিন্তু স্বদেশত আহি পালো কি? আত্মীয়স্বজন সকলোটি নিৰুদ্দেশ, মোৰ জন্ম হোৱা গাঁওখনি শ্মশান আৰু অৰণ্যত পৰিণত। ইফালে মই মানৰ দেশত থকা বাবেই মই জাইত ভ্ৰষ্ট মেলেছ! যলৈকে যাওঁ ততে লেই লেই ছেই ছেইত বাজে ভাল সমাদৰ নাই। জানিলোঁ মোৰ জাত-কুলত উঠিবলৈকো টান হ'ল, যিহেতু মোৰ হাতত ধন-বিত নাই। মোক সহায় কৰিবলৈকো ভাই-ককাই সোদৰহঁত নিৰুদ্দেশ, ৰূপহীওনো ক'ত? তাইৰনো কি হ'ল! বাৰু এবাৰ চাই লওঁ। যদি ভাইহঁত জীয়াই আছে তেন্তে সিহঁতৰ সহায়তে জাতকুললৈ উঠিবও পাৰিম। আৰু যদি ৰূপহী জীয়াই আছে আৰু মোলৈ মৰম এৰা নাই; তেন্তে কি জানি সুখীও হব পাৰিম। বাৰু ঈশ্বৰে কি কৰে দেখা যাওক। এইদৰে ভাবি থাকোঁতে থাকোঁতে পুঁৱতি নিশা অলপ টোপনি আহিছিল। সেই টোপনি বা তন্দ্ৰাতে ডাঙৰীয়া! সমাজিক এটা দেখিবলৈ পাইছিলোঁ। সেই সমাজিকত আই আৰু মাহী উভয়ে আহি মোক দেখা দিছে। দুইৰো মন যেন নিৰাশ। মই কথা সুধিব খোজোতেই দুয়ো অন্তৰ্দ্ধান হ'ল। সাৰ পালোঁ; মনটো চিৰিং কৰি উঠিল। আইৰ লগত মাহীকো দেখাৰ অৰ্থ কি? মাহীও কি এই সংসাৰত নাই? ভাইহঁত আৰু ৰূপহী জীয়াই আছেনে? যদি ৰূপহী জীয়াই আছে তেন্তে তাইনো ইমান দিনে আন ক'তো বিয়াত নোসোমোৱাকৈ নিৰাশ্ৰয়ে মাহীৰ আৰ্হিৰেই আছেনে? যদি মাহীৰ নিচিনাকৈ ব্ৰত ধৰি আছে তেন্তে তাইক আকৌ নিশ্চয় পাম। যদি তাই মৰিছে অথবা আন কাৰবাত বহিছে তেনেহলেনো মোৰ আৰু দুনাই সেই পূৰ্ব্ব সুখ ক'ত হব? তাই যদি জীয়াই থাকি আন কোনোবাত বহিছে তেন্তে নিশ্চয় সুখী হৈছে। এতিয়া মই যদি তাইক চিনাকি দিওঁ তাইৰ জীৱনটো অসুখী নহবনে? ইত্যাদি নানা ভাৱনা হৈছিল। শেষত মন স্থিৰ কৰিলোঁ যে যেনেহলেও এবাৰ অচিনাকি বেশ ধৰি সিহঁতক বিচাৰি চাওঁ। মই যেতিয়া যুঁজত বন্দী হৈ মানৰ দেশলৈ যাওঁ তেতিয়া মই কেচেলীয়া ডেকা; এতিয়া মই প্ৰায় একুৰি পোন্ধৰ বছৰ বয়সীয়া। মুখত [ ২৪ ] ডাঢ়ি-গোঁফে ভৰা; সেইদেখি অচিনাকি বা ছদ্মবেশ এটা লবলৈ মোৰ টান নহব। এই ভাবি পিছদিনা শুই উঠি সেই গৃহস্থৰ ঘৰতে আকৌ চাইটা ভাত খাই আৰু লগত অনা ৰূপ এটকা গিৰিহঁতক দি এখান গামোচা আৰু এখান ছকঠিয়া লৈ তেওঁলোকত বিদায় মাগি এটি উদাসীন ভকতৰ বেশ ধৰি যোৰহাট, গোলাঘাটৰ ফাললৈ খোজ ললোঁ। দিনৰ দিনটো খোজ কাঢ়ো, গধূলি হ'লে য'তে ত'তে এঘৰ গৃহস্থৰ ঘৰ চাপোঁ, উদাসীন ভকত বুলি চিনাকি দিওঁ। গিৰিহঁতে মৰম কৰি খাবলৈ জা-জলপানেৰে হওক বা টৌ-খুটি মাৰি খাবলৈ চাউল-পাতকে দিয়ে। নিজে কাৰবাৰ কৰি এমুঠি খাই পৰি থাকোঁ। কোনো কোনো ঠাইত দুই এঘৰ গৃহস্থে শোধ-পোছো নকৰিছিল। লঘোণে-ভোকে গিৰিহঁতৰ ভঁড়ালৰ আগতে হওক বা বাহিৰা ঘৰতেই হওক নিশাটো পৰি থাকোঁ আৰু পুৱা হলেই আকৌ খোজ লওঁ। এইদৰে চৈধ্য পোন্ধৰ দিনে বোকাখাট পালোঁগৈ।


ষোড়শ অধ্যায়

 বোকাখাট পাই ওচৰৰ গাঁৱৰ মানুহৰ পৰা জানিলোঁ তাত ন-ভঙনীয়া নামে এটা চুবুৰী আছে। সেই চুবুৰীৰ মানুহবিলাক হেনো মানভঙনিত উজনিৰ ৰংপুৰৰপৰা পলাই অহাল এই কথা শুনি মোৰ মনত আশা নিৰাশা উভয় ভাবেই খেলিব ধৰিলে। মনত থিৰাং কৰিলোঁ যে সেই গাঁৱত গৈ বাস নকৰোঁ। আগেয়ে ওচৰৰ যুগী গাঁওখনত থাকি নভঙনীয়া গাঁৱৰ মানুহ-দুনুহবিলাকৰ ইতিবৃত্ত বুজি লওঁ। এই ভাবি মই যুগী গাঁৱলৈ গৈ ভকত বুলি চিনাকি দি মানুহ এঘৰত আশ্ৰয় ললোঁ। মইনো কোন, ক'ৰ পৰা গৈছিলোঁ, এই কথা কাকো ক'তো খুলি নকলোঁ। মুঠতে চিনাকি দিলোঁ যে মই ৰংপুৰৰ মানুহ, এতিয়া ৺ দক্ষিণপাট সত্ৰৰ এজন উদাসীন ভকত।

 যুগীগাঁৱৰ প্ৰায় চাৰিকুৰি বছৰীয়া বুঢ়া মানুহ এজনৰপৰা নভঙনীয়া গাঁৱৰ মানুহবিলাকৰ বিষয়ে এইৰূপে শুনিলোঁ—"আতৈ! আমিও আগৰে ৰংপুৰৰে মানুহ। মানভঙনিত পলাই আহি ইয়াত ঠাই লৈছোঁ। আমাৰ অসমলৈ মান তিনিবাৰ আহে। প্ৰথম দুবাৰত সিহঁতে আমাৰ ৰজাৰ পৰা কৰ-কাঁটল লোৱা আৰু যুঁজত ঘটা ৰণুৱাবিলাকক বন্দী কৰি নিয়াত [ ২৫ ] বাদে সাধাৰণ প্ৰজাৰ ওপৰত বিশেষ একো অত্যচাৰ কৰা নাছিল। কিন্তু সিহঁতে তৃতীয় বাৰ অসম আক্ৰমণ কৰোঁতে যিহে উপদ্ৰৱ কৰিলে সেই কথা মনত পৰিলে এতিয়াও গাৰ নোম শিঁয়ৰি উঠে। সিহঁতে কিমান মানুহ, ল'ৰা-ছোৱালী, বুঢ়া-বুঢ়ী যে মাৰিলে তাৰ লেখ-জোখ নাই। মাকৰ বুকুৰ পৰা কেচুৱা ল'ৰা টানি আজুৰি ওপৰলৈ ঢোপ মাৰি দি তলত তৰোৱাল পাতি কাটিলে। গিৰীয়েকৰ আগত ঘৈণীয়েকৰ জাতি ভ্ৰষ্ট কৰিলে, বুঢ়া-বুঢ়ী বিলাকক হালে হালে সাঙুৰি কাটিলে, ঠায়ে ঠায়ে গাঁওবিলাকত জুই লগাই দি আগেয়ে মানুহক ঘৰৰ ভিতৰত ৰাখি বাহিৰে দুৱাৰ বান্ধি লৈ ঘৰত জুই দি মানুহ পুৰি মাৰিলে। কাকো কাক তৰোৱালেৰে পেট ফালি মাৰিলে। সিহঁতৰ পৈশাচিক অত্যাচাৰ সহিব নোৱাৰি অসমীয়া মানুহ জাকে জাকে কোন কেনি পলাল ঠিক নাই। গাঁও এৰি অসমীয়া মানুহে হাবি-বননি, কচুৱনি, পিটনি এইবিলাকত আশ্ৰয় ললে। আমিও সেইখান ভঙানিতে ওপজা ঠাই এৰি এইখিনি পালোঁহি। মই সুধিলোঁ—"ককাই, তুমি লাহন গাঁৱৰ জনাৰ্দ্দন মেধিক জানানে?" বুঢ়াই ক'লে—"এ বোপাই! জানোতো। তেওঁৰ ঘৰ আমাৰ ওচৰতে আছিল। তেওঁ ধনে-ধানেও চহকী আছিল।" মই সুধিলোঁ—"ককাই! তেওঁৰ ল'ৰা-ছোৱালী, বোৱাৰী ইত্যাদিৰ কি অৱস্থা হ'ল ক'ব পাৰেনে?" বুঢ়াই ক'লে—"এ বোপাই! ক'লে কি হ'ব। বৰ দুখ লাগে। তেওঁৰ বৰ ল'ৰাটো মানৰ দ্বিতীয়বাৰৰ যুঁজলৈ গৈছিল। সেই যুঁজত সি মৰিলেই নে নামে তাক বন্দী কৰি ধৰিয়েই নিলে একো কব নোৱাৰোঁ। মানহঁত উলটো যোৱাৰ ছমাহমানৰ মূৰতে তাৰ মাহীয়েক ঢুকাল।" বুঢ়াই এই কথাবোৰ কোৱা মাত্ৰই মোৰ চকুৰে দুধাৰ লো ব'লে। মোক শোকে খুন্দা মাৰি ধৰিলে। বুঢ়াই মোৰ অৱস্থা দেখি সুধিলে—"আতৈ, তুমি দেখোন এই কথাষাৰত শোকাকুল হ'লা। নিৰ্ম্মলৰ মাহীয়েক তোমাৰ কিবা লাগে নেকি?" মই দেখিলোঁ যে মই ধৰা পৰিলোঁ। বুঢ়াক কলোঁ—"মই বাৰু পিছত ক'ম। মোক অনুগ্ৰহ কৰি নিৰ্ম্মলৰ ভায়েক আৰু ঘৈণীয়েকৰ কি হ'ল তাকো সবিশেষ কোৱা।" বুঢ়াই দীঘলীয়া হুমুনিয়াহ এটা কাঢ়ি ক'লে—"আতৈ! দ্বিতীয় বাৰ মানৰ আক্ৰমণৰ পিচত নিৰ্ম্মলৰ ভায়েক এটা আছিল। তৃতীয়বাৰ মানৰ যুঁজত সিও ৰজা ঘৰৰ ফলীয়া হৈ যুঁজলৈ গৈছিল, সেই যুঁজতে সি মৰিল।" বুঢ়াজনে এইবাৰ কথা কোৱা মাত্ৰেই মোৰ ফেকুৰি ফেকুৰি কান্দোন ওলাল। বুঢ়াই বুজিলে মই কোন। তেওঁ ক'লে—"বোপা [ ২৬ ] নেকান্দিবি। সকলো ঈশ্বৰৰ ইচ্ছা। তয়ে নিৰ্ম্মল নহৱনে?" কলোঁ—"ককাই! তোমাক আৰু লুকাবৰ সকাম নাই। কিন্তু মই কাবৌটি কৰিছোঁ মোৰ বিষয়ে যেন কাকো নোকোৱা। মোক যেন কাৰো আগতে চিনাকি নিদিয়া।" বুঢ়াই মোক সাৱট মাৰি ধৰি চকুৰ লো টুকি ক'লে—"বাৰু বোপা। মই শপত খালোঁ তোৰ বিষয়ে কাকো নকওঁ। তোৰ পিতাৰ আমাৰ ওচৰতে মেধি আছিল। ময়ো ৺ দক্ষিণপাট সত্ৰৰে সেৱক। তোৰ আঁতি-গুৰি বৃত্তান্ত কচোন। মই ক'লোঁ—"ককাই! সমস্ত কম। কিন্তু এতিয়া মোক আৰু শেষ কথা এষাৰ কওক। ৰূপহী জীয়াই আছেনে?" বুঢ়াই দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক'লে—"বোপা তই দেখিছোঁ তই বৰ দুৰ্ভগীয়া। ৰূপহীৰ বিষয়ে ক'লে তই জানো থিৰেৰে থাকিব পাৰিবি?" মই ক'লোঁ—"ককাই! নিয়ঁতিৰ চকৰিত ঘূৰি পকি যথেষ্ট টান হৈছোঁ; ভাইহঁত গ'ল। আই বোপাই গ'ল। মাহীও গ'ল। তথাপি এই জীউটো আছে। এতিয়া ৰূপহীৰ বিষয়ে কওক।" বুঢ়াই ক'লে—"বোপা! তেনেহলে অথিৰ নহবি, মই কওঁ শুন। তাই আমাৰ সহায়ত আৰু বিশেষকৈ অনিৰামৰ যত্নত কচুৰ তলত পলাই, হাবিৰ মাজত সোমাই ৰক্ষা পৰিল। আমি যি দুই চাৰিটা জীয়াই আছোঁ সিও কেৱল হাবিৰ মাজত, কচুৰ তলত, ইকৰাণিৰ মাজত সোমাইহে ৰক্ষা পৰিলোঁ। কত ঠাইত যে পালোঁ তাক কি ক'ম। তোৰ ঘৈণীয়েৰে এতিয়া জীয়াই আছে। তাই আঠ দহ বছৰ আমালোকৰ ঘৰে-দুৱাৰেই থাকি ৰুই দাই খাইছিল। তাই, তই কিজানি জীয়াই আছ, কিজানি কেতিয়াবা ওলাবিহি, এই ভাবি আঠ দহ বছৰ ডেকা গা বুঢ়া কৰিও ৰাখিছিল। কিন্তু অনিৰামেও তাৰ সেই সৰুকালৰ ওমলা লগৰী ৰূপহীৰ মৰমতে হেনো বিয়া-বাৰু নকৰাই ৰূপহীৰ চিন্তাতে ভোল গৈ আছিল। সি সুবিধা পালেই সততে ৰূপহীক সহায় কৰিবলৈ, তাইৰ নিমিত্তে জীউটোকো দিবলৈ উদ্যত আছিল। আন কি অনেক সময়তে তাইক ৰোৱা-দোৱা ইত্যাদি কামত সহায় কৰি ফুৰিছিল। ৰূপহীয়ে বাট চাই চাই যেতিয়া বাৰ বছৰ কাল কটালে, তাইৰ খোৱা-লোৱাত আৰু সদায় পৰৰ ঘৰত থকাত দুখ হবলৈ ধৰিলে আৰু ইফালে অনিৰামেও তাইৰ চেনেহতে আনক বিয়াও নকৰায়। তেতিয়া আমি আটাইবিলাক গিৰিগঞায়ে লগ লাগি তাইক বুজাই বৰাই অনিৰামত বিয়া দিলোঁ। এতিয়া তাইয়ে অনিৰামে সুকীয়াকৈ ঘৰ-দুৱাৰ সাজি, খেতি-বাতি কৰি সুখেৰে খাই আছে। অনিৰামৰ ফালৰ তাইৰ এটি ল'ৰাও হৈছে।" [ ২৭ ]  ডাঙৰীয়া! মোৰ দুখৰ মাত্ৰা ভৰপূৰ হ'ল। বুজক, আই, ভাই, মাহী সকলোটি গ'ল। ৰূপহীয়ো অনিৰামত তিৰোতা হ'ল। মই সেইদিনৰ দিনটো মূৰ্চ্ছিত হৈ পৰি আছিলোঁ। বুঢ়াই মোক নানা প্ৰকাৰৰ সেৱা-শুশ্ৰুষা কৰাতহে গধূলি সময়ত মোৰ জ্ঞান আহিল। বুঢ়াই আৰু মোক নিজৰ থকা ঠাইলৈ যাবলৈ তেওঁৰ মাৰল ঘৰতে ৰাখিলে। নানা সেৱা-শুশ্ৰুষা কৰি বঢ়াই বুজাই খুৱালে। ওৰে নিশাটো মোক বুজনি দিলে, পৰমাৰ্থৰ কথা ক'লে। ইয়াকো ক'লে—"বোপাই! মই নিজে খৰছ ভগন কৰি তোক জাতত তুলিম। ময়ে তোক আকৌ নকৈ এজনী ছোৱালীও বিয়া কৰাই দিম। তই দুখ নকৰিবি বোপা!" মোৰ হৃদয়ত যি ভাব খেলিছিল তাক কব নোৱাৰোঁ। সংসাৰখান মোলৈ অশান্তিৰ ঠাই যেন হ'ল। মনত হ'ল ক'তনো সেই শান্তি পাম। ক'তনো এফেৰি জুৰণি পাম। এইদৰে ভাবোঁতে ভাবোঁতে মোৰ সৰু কালৰ অণিৰাম আৰু ৰূপহীৰ সৈতে কৰা কথাবিলাক মনত পৰিছিল! ৰূপহীয়ে যে কৈছিল—"অনিৰাম! আজিৰ ধেমালিত মোক নিৰ্ম্মলেই বিয়া কৰাওক দে। বাৰু কাইলৈ আকৌ তোত বিয়া সোমাম"—এই কথাষাৰলৈ বিশেষকৈ মনত পৰিল। তাৰ লগে লগে মোৰ সত্ৰৰ ঈশ্বৰ প্ৰভুৱে যে তাহানিৰ দেউতাৰ লগত যাওঁতে মোক সুধিছিল--"নিৰ্ম্মল! তই ভকত হবিনে?" মই কলোঁ "হ'মতো।" তেতিয়া প্ৰভুৱে কৈছিল--"বাৰু এতিয়া নেলাগে পিচত হবি" এই মহাবাক্যশাৰীলেকো মনত পৰিল। যদিও মানৰ দেশত ১৪ বছৰ কাল কটাইছিলোঁ তথাপি আমাৰ মহাপুৰুষ গুৰুৱে পাপী-তাপীৰ নিমিত্তে লেখি থৈ যোৱা পদবিলাকলৈকো মনত পৰিল। হৃদয়ৰ তলি ভেদি গীত উঠিল—

ক্ষুদ্ৰ সুখে বহু আশা কৰি ভবকূপে
জীৱ আছে পৰি
কালসৰ্পে দংশি হৰিল চেতন তাৰ।
মোক্ষৰূপ তযু বাক্যামৃত কৃপায়ে
সিঞ্চিয়া প্ৰতিনিত
দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ।।
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰ পীড়াক পায়া পাছে
আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি।
দেখি সুবৰ্ণৰ পদ্মধাৰী, বোলে দুঃখে আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি।।

[ ২৮ ] তাহানিখন দেউতাই প্ৰসঙ্গ কৰাত গোৱা এই নাম কেইফাঁকিও মনলৈ আহিছিল—

"জয় যুদপতি কৃপাময় কৃপাময় কৰি
তুমি মোৰ নিজ বন্ধু
তযু অংশ হুয়া তোমাক পাসৰি
লভিলোহো ভৱসিন্ধু
যশোদা নন্দন কৈষ্ণদেৱ প্ৰাণ কৃষ্ণদেৱ
তুমি মোৰ গতি মতি
ভকত বৎসল নাম ধৰি আছা
নেৰিবা মোক সম্প্ৰতি"

 ডাঙৰীয়া! এই মহাশোকৰ কালত চকুৰ লো ধাৰাসাৰে বোৱাই শান্তি বিচাৰোঁতে সৰু কালত শিকা এই পদবিলাক গাই থাকোঁতে থাকোঁতে মাজনিশা সময়ত টোপনি আহিল। টোপনিতে আকৌ মোৰ দেৱী সদৃশী মাহীয়ে আহি সমাজিকত দেখা দি ক'লে—"বাছা! গুৰুত ভজ। ঈশ্বৰত ভজ।" সাৰ পালোঁ। চকু-মুখ মোহাৰি শেহ নিশা বিছনাত উঠি বহিলোঁ। "যাদৱ, যাদৱ" নাম মনতে উচ্চাৰণ কৰি প্ৰতিজ্ঞা কৰিলোঁ যে, যেনেহলেও ধৈৰ্য্য ধৰি এবাৰ ৰূপহীক ছদ্মেবেশেৰে ধৰা নিদিয়াকৈ চাই লওঁ। হৃদয়ক কলোঁ—"হৃদয়! ধৈৰ্য ধৰিবি প্ৰভু যাদৱৰায়! মোক এইবাৰ এই শেষ পৰীক্ষাত ৰাখিবা দয়াময়! কৃপা কৰিবা।"


সপ্তদশ অধ্যায়

 ৰাতিপুৱা ঢাৰিপাটীৰ পৰা উঠি মুখ-হাত ধুই গা-পা ধুই বেলি এপৰ মানতে ভাত চাইটা খাই গাঁৱৰ মানুহ এগৰাকীৰ পৰা খঞ্জুৰি এটা খুজি লই হাতত বাঁহৰ লাখুটি এডাল লৈ, মূৰত গামোছাখনেৰে পাগুৰি এটা মাৰি আৰু কান্ধত জোলোঙা এটা লৈ ৰূপহীহঁতৰ গাঁৱলৈ গলোঁ, আৰু পোন প্ৰথমতে ইঘৰ সিঘৰত খঞ্জুৰি বজাই অলপ অচৰপ চাউল পাত লৈ ৰূপহীহঁতৰ চোতালত গৈ ওলালোঁ আৰু "গুৰু মৰ পৰম ধন" বুলি লাখুটিডাল পাৰি লৈ খঞ্জুৰিত চাপৰ মাৰি মাৰি গাবলৈ ধৰিলোঁ— [ ২৯ ]

অ' গুৰু! মোকে দয়া নছাৰিবা এ
মই বৰ পাতকীৰ পাপী, গুৰু চৰণে ৰাখিবা
অ' গুৰু! ইকুল নহলো সিকুল নহলো
মাজ সাগৰত পৰি জাঁজি হৈয়া ৰৈলো
জাঁজি হৈয়া ৰৈলো, গুৰু মাণিকৰ আশে
সাগৰ শুকাল মাণিল লুকাল মোৰে কৰ্ম্মদোষে

 খঞ্জুৰিত চাপৰ মাৰি গীত আৰম্ভ কৰা মাত্ৰকে ভিতৰৰ পৰা এটি তিনি বছৰীয়া বয়সৰ ল'ৰা ওলাই আহিল। ল'ৰাটি হৃষ্ট-পুষ্ট, দেখিবলৈকো চিকুণ। তাৰ চেহেৰাতে বুজিলোঁ, এইটিয়েই অনিৰামৰ ঔৰষে ৰূপহীৰ গৰ্ভত হোৱা ল'ৰা। মনত এনেকুৱা ইচ্ছা হৈছিল যে ল'ৰাটিক ধৰি মৰম কৰোঁ, চুমা এটা খাওঁ, কিন্তু ধৈৰ্য্য ধৰিলোঁ, মনক বান্ধিলোঁ, চৌবিশ পঁচিশ বছৰ বয়সৰে পৰা নিয়তিৰ কঠোৰ চকৰিত পৰি মনক দমাবলৈ শিকিছিলোঁ। এই গীতটো গোৱা শেষ হ'লত মোৰ তাহানিখনৰ ওমলাৰ লগৰীয়া অনিৰাম আগত ওলালহি। অনিৰামে সুধিলে—"আতৈ! আপুনি ক'ৰ পৰা আহিছে?" মই কলোঁ—"মই মগনীয়া মানুহ। মোৰ আগৰ ঘৰ ৰংপুৰত।" অনিৰামে আকৌ সুধিলে--"আতৈ! আপোনাৰনো কোন কোন আছে?" মই কলোঁ—"মোৰ কোনো নাই। মই উদাসীন। সৰুতে আই বোপাই মৰিল। মই বৰ দুখীয়া, হতভগীয়া, সেইদেখি খুজি খাই ফুৰোঁ।" অনিৰামে আৰু কথা-বতৰা পাতো পাতো কৰোঁতেই মই ক'লোঁ—"আৰু এটি গীত গামনে?" অনিৰামে ক'লে—"গাওক, গাওক আতৈ! আপোনাৰ গীত বৰ শুৱলা আৰু মিঠা বোধ হৈছে।"

 মই ধৰিলোঁ—

ৰাগ আশোৱাৰি

"ভয়ো ভাই সাবধান-যাবে নাহি চুতে প্ৰাণ
যাদৱৰ কৰো ধ্যান-নিকটে মিলয় জান।"

পদ

"জীৱন যৌৱন ধন সবে মাত্ৰ অকাৰণ
মিছা মৰীচিকা মায়া জলবিম্ব সবে প্ৰায়
তেজু সব অভিলাষ-দূৰ কৰ মোহ পাশ
হৰিপদে কৰা আশ-কহয় যাদৱ দাস"

[ ৩০ ]  মোৰ এই গীত গোৱা হ'ল মাথোন এনেতে ৰূপহীও ভিতৰৰ পৰা ওলাই আহি মোৰ ফালে একেথৰে চাই শেহত সুধিলে—"আতৈ! আপুনি ক'ৰ পৰা আহিছে?" মই ধৈৰ্য্য ধৰি কলোঁ—"মই আগৰ ৰংপুৰৰ মানুহ। সৰুতে আই বোপাই মৰিল। মোৰ এই সংসাৰত কেৱে নাই। মই দক্ষিণপাটৰ সেৱক। মই এইদৰেই খুজি মাগি খাই ফুৰোঁ। য'তে ৰাতি হয় ত'তে থাকোঁ। মোৰ ঘৰ-দুৱাৰ নাই।" ৰূপহীয়ে সুধিলে—"আতৈ! আপুনি সৰুৰে পৰা উদাসীননে? আপুনি বিয়া-বাৰু কৰোৱা নাছিলনে?" মই ক'লোঁ—"সেইবিলাক মোক নোসোধাই ভাল। আৰু এটি গীত গাই উঠিবহে খোজোঁ। আৰু দহঘৰ ফুৰিলেহে আমাৰ নিচিনা দুখীয়া মগনীয়া মানুহৰ পেটৰ ভাত মিলিব।" এই বুলি কৈয়েই আকৌ খঞ্জুৰিত চাপৰ মাৰি গালোঁ—

"মন-কৰা হৰি নাম গান।
স্মৰা দয়াল হৰি পতিত পাবন।
গোৱা-পতিত তাৰক নাম হৰে জনাৰ্দ্দন
মিছা আশা মিছা ইচ্ছা মিছা ই সংসাৰ
মিছাতে পৰি আছোঁ আমি চৰাচৰ
মিছা ঘৰ মিছা দ্বাৰ মিছাই জীৱন
মায়া মোহে পৰি আমি হৰাইলোঁ চেতন।।
দিন যায় ৰাতি যায় মাস ঋতু
ভব তৰিবাৰে আনি নাবান্ধিলোঁ সেতু।
কৃষ্ণনাম মহাধন নাজানিলোঁ আমি
অমূল্য মানৱী জন্ম মিছাই হৈল হানি।।

 গীত গোৱা হ'ল। ৰূপহীয়ে দেখোন দীঘলকৈ হুমুনিয়া এটা মাৰি ক'লে—"কেৱে কিছু নাই দেখিহে দেহি ঐ এইদৰে ফুৰিছা, আতৈ?"

 মই কলোঁ—"হয়! এতিয়া বিদায়হে মাগোঁ" এইবুলি একেচাবে উঠিলোঁ। ৰূপহীয়ে "ৰ'ব ৰ'ব আতৈ! মই এফেৰা যি হয় দিওঁ" বুলি কৈ ভিতৰলৈ গৈ দুকঠামান চাউল আনি দিলে। অলপ পইচাও দিলে। মই চাউল দুকঠা জোলোঙাত সুমাই লৈ দুয়ো হাত তুলি ৰূপহী আৰু সিহঁতৰ ল'ৰাটিক আশীৰ্ব্বাদ দি উলটিলোঁ। ডাঙৰীয়া! বহালৈ অৰ্থাৎ থকা ঠাইলৈ আহি ওৰে গধূলি পৰটো চকুৰে ধাৰাসাৰ লো বোৱালোঁ। ওৰে নিশা ঢাৰিপাটিত ছাতি-ফুটি কৰিলোঁ। পুৱাই কাকো একো নোকোৱাকৈয়ে বোকাখাট এৰি ডেৰগাঁৱৰ [ ৩১ ] ফাললৈ খোজ ললোঁ। সুখৰ বিষয় যে মোক ৰূপহী আৰু অনিৰামে নিচিনিলে। নিচিনিবৰে কথা। যেতিয়া মই সিহঁতক এৰি যাওঁ তেতিয়া মই পঁচিশ বছৰীয়া ডেকা। এতিয়া মই প্ৰায় চল্লিশ বছৰীয়া আদহীয়া। তেতিয়া মোৰ মুঠেই গোফ ঠুটিয়াইছিল, এতিয়া মোৰ মুখ ডাঢ়ি-গোফে ভৰা। ইয়াৰ উপৰিও সিহঁতে সপোনতো ভবা নাছিল যে মই জীয়াই আছো আৰু মানৰ দেশৰ পৰা উলটি আহিছোঁ। যি কি নহওক ডাঙৰীয়া! ৺যাদৱৰায়ে মোক এইটো বৰ ডাঙৰ পৰীক্ষাত উদ্ধাৰ কৰিলে।


অষ্টাদশ অধ্যায়

 কেলেইনো কান্দিলো, কেলেইনো নিশা টোপনি নাহিল, সেইবিলাক, ডাঙৰীবা! আপুনি বুজিবই পাৰিছে। ডেৰগাঁৱৰ ফাললৈ কেলেই আহিলোঁ কওঁ শুনক। আজি পন্ধৰ বছৰৰ মূৰত মোৰ প্ৰথম যৌৱনৰ প্ৰণয়িনী, বিবাহিতা তিৰোতা ৰূপহীক, মোৰ পুৰণি কথাবোৰ, সোপায়ে মনত পৰিল। কেনেকৈ সৰুতে উমলিছিলোঁ, কেনেকৈ ৰূপহীৰ সৈতে খেলৰ ধেমালিতে বিয়া পাতিছিলোঁ, পিচত কেনেকৈ তাইক ভাল পাই পলুৱাই নিছিলোঁ, মাহীয়ে কিদৰে আমাক মৰম কৰিছিল, কিদৰেনো মাহীৰ সহায়ত তাইক পিতৃ দেৱতাৰ ইচ্ছাৰ বিৰুদ্ধেও বিয়া কৰাইছিলোঁ, মানেৰে সৈতেই বা দেশৰ নিমিত্তে কি দৰে যুঁজি মানৰ হাতত বন্দী হৈছিলোঁ, মানৰ দেশতনো কিদৰে কাল কটাইছিলোঁ, কেনেকুৱা আশা বুকুত বান্ধি মানৰ দেশৰ পৰা উলটিলোঁ, এই সকলোবিলাক মনত পৰিল। ওৰে নিশা ঢাৰি-পাটিত আকৌ সেই মহাপুৰুষ গুৰুৰ ৰচিত "ক্ষুদ্ৰ সুখে বহু আশা কৰি" এই লেছাৰীটোৰ গুৰু-গীতবিলাক গালোঁ। মই ৰূপহীৰ বিষয়ে ভাবি ইয়াকে পালোঁ যে ৰূপহী সুখেৰে আছে। হিন্দুৰ নিয়ম মতে বাৰ বছৰ মোলৈ বাট চাই থাকি মই মৰিলোঁ বুলি সকলোৱে বুজোৱাত আৰু অনিৰামৰ অকৃত্ৰিম প্ৰেমত আব্দধ হৈ তাই তাক বিয়া সোমাই সুখেৰে ঘৰ গৃহস্থী কৰিছে। সুন্দৰ সন্তান তুলিছে। এনেস্থলত চিনাকি দি সমাজত এখন হুলস্থূল লগাই তাইক আৰু অনিৰামক চিৰকাললৈ অসুখী কৰাটো মই অন্যায় আৰু পাপ বুলি ভাবি ল'লো। মোৰতো ইহ সংসাৰত কোনো নাই। আই, ভাই, বোপাই, মাহী সকলোৱে [ ৩২ ] এৰি গৈছে। মই ওপজা ঠাইডোখৰো অৰণ্যত পৰিণত হৈছে। মৰমৰ ৰূপহী এতিয়া পৰৰ তিৰোতা। যি অসমীয়া ৰজাৰ হকে যুঁজ কৰি বন্দী হৈ মানৰ দেশ পাইছিলোঁ সেই অসমীয়া ৰজাও নাই, ৰাইজো নাই। স্বৰ্গদেৱ ৺চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ উভয়ে বৈকুণ্ঠী। তেওঁলোকৰ পুত্ৰ কেশৱকান্ত যুৱৰাজ, কন্দৰ্পেশ্বৰ সিংহ গুৱাহাটীত নিৰ্ব্বাসিত। অসমীয়া সমাজে মোক মানৰ দেশৰ পৰা উলটি অহা জানিলে জাতিভ্ৰষ্ট মেলেছ বুলি মোক সহজে সতকাই গ্ৰহণ নকৰে। উদ্ধাৰ পৰাচিত হ'বলৈকো হাতত ধন-বিত নাই। উদ্ধাৰ পৰাচিত হৈয়েই বা কি কৰিম।"

 ডাঙৰীয়াজনে ক'লে—"কেলেই! আপুনি এবছৰ ৰৈ অলপ ধন-বিত আজি আৰ্জি অলপ খৰচতেই উদ্ধাৰ-পৰাচিত হৈ দেখোন আমাৰ কোনো এঠাইত বসতি কৰি আকৌ বিয়া-বাৰু কৰাই সুখেৰে সংসাৰ কৰি আগৰদৰেই গণ্য-মান্য হৈ থাকিব পাৰিলেহেঁতেন। আপুনি ৰূপহীৰ নিচিনা তিৰোতা এজনীৰ বেজাৰতহে উদাসীন হ'ল। নহয়নে আতৈ?" আতৈয়ে ক'লে—"হওঁতে ডাঙৰীয়া! আপুনি যিটো কৈছে সেইটো সঁচা। মই সেইদৰেও কৰিব পাৰিলোহেঁতেন। কিন্তু ডাঙৰীয়া। মনত কৰিব যে মই সেই সময়ত চল্লিশ বছৰীয়া। ধন ঘটি উদ্ধাৰ পৰাচিত হৈ বিয়া কৰাওঁ মানে প্ৰায় ৪৫ বা ৫০ বছৰীয়া হলোঁহেঁতেন। সেই বয়সত বিয়া কৰাইনো আকৌ সুখী হলোঁহেঁতেন নে?"

 ডাঙৰীয়া—"আপুনি দেখোন এতিয়া প্ৰায় এশ বছৰীয়া। সেই সময়তে আপুনি বিয়া কৰোৱা হ'লে এতিয়া নাতিৰ নাতি দেখিলেহেঁতেন।"

 আতৈ—"ডাঙৰীয়া! আপুনি কোৱাটো নুই নকৰোঁ কিন্তু ডাঙৰীয়া সংসাৰত থকা হ'লে কিজানি ইমান দিন নিজীলোঁহেঁতেন।" ডাঙৰীয়া—"কিয়! যাৰ যিমান আয়ুস সেইটো পাবই।"

 আতৈ—"ডাঙৰীয়া! হওঁতে হয়, আয়ুসৰ গৰাকী ঈশ্বৰেই। কিন্তু তথাপি মই এইটো নকৈ নোৱাৰোঁ যে ব্ৰহ্মচৰ্য্যত আয়ুস বাঢ়ে। আৰু ইবিলাক কথাৰ উপৰি হৈছে প্ৰাক্তন। যাৰ যি ৰকম প্ৰাক্তন বা কৰ্ম্ম সি সেই অনুসাৰেই ফল ভোগ কৰে। কৰ্ম্মফল কেৱে এৰাব নোৱাৰে। মোৰ কপালত আছিল উদাসীন হোৱা। সেইটোৱে হৈছে। বাৰু ইবিলাক কথা এতিয়া এৰা যাওক ডাঙৰীয়া! মই বাকী কথাবিলাক কওঁ শুনক!" ডাঙৰীয়া—"কওক, কওক আতৈ। মই মাজতে এইবিলাক কথা সুধি দিগদাৰি কৰা বাবে যেন বেজাৰ নেপায়।" [ ৩৩ ]  আতৈ—"ডাঙৰীয়া! মোৰ প্ৰথম যৌৱনৰ অতি মৰমৰ ৰূপহীৰ মনতেই যেতিয়া মই মৰিলোঁ, তেনেস্থলত সেই সময়ত ভাব হৈছিল যে আৰু সংসাৰ কৰাৰ লাভ কি? মোৰনো কোন আপোন আছে? মোকনো কোনে মৰম কৰিব? এইবিলাক কথা ভাবি-চিন্তি স্থিৰ কৰিলোঁ, এই জীৱনৰ গৰাকী যি গুৰু ঈশ্বৰ তেওঁৰে চৰণৰ ওচৰ চাপোঁগৈ। সংসাৰত সকলোৱে এৰিলেও গুৰুৱে দিয়া নাম নেৰে। কৃষ্ণনাম মহাধনে জীয়াই থকা দিনকেইটাত সংসাৰৰ সুখ দৈবাৎ নিদিলেও মৰণ কালত তৰাব, ইয়াকে মনত সাৰোগত কৰিলোঁ। ভাবিলোঁ যি ছদ্ম উদাসীন বেশেৰে ৰূপহীক ধৰা নিদিলো সেই বেশক লৈ সংসাৰক ধৰা নিদিয়াই ভাল। এইবিলাক ভাবি-চিন্তি বোকাখাট এৰি ডেৰগাঁৱৰ ফাললৈ আহিছিলোঁ।"


ঊনবিংশ অধ্যায়

 দুদিনে বোকাখাটৰপৰা ডেৰগাঁও পালোহি। ডেৰগাঁৱেদি মাজুলিলৈ পাৰ হৈ তিনি চাৰি দিনে হাবিৰ মাজে মাজে খোজ কাঢ়ি মাগি খুজি খাই এই সত্ৰ পালোঁহি। সত্ৰ পাই প্ৰথমে বাহিৰ কৰাপাটতে বহি আছিলোঁ। সত্ৰৰ দুই চাৰিজনে ভকতে মই ক'ৰ মানুহ, ক'লৈ আহিছোঁ, কিয় আহিছোঁ এইবিলাক নানা কথা সুধিলে। মই মোৰ কেৱল পিতৃৰ নামটো নকৈ মোৰ আঁতি-গুৰি বৃত্তান্ত কৈছিলোঁ। আতৈসকলেও মোক মানৰ দেশৰ নানা কথা-বতৰা সুধি হায়ৰাণ কৰিছিল। কিন্তু শেহত গধূলি হ'লত ক'লে যে "ম'ই জাতকুল ভ্ৰষ্ট মেলেছ, উদ্ধৰা পৰাচিত নোহোৱাকৈ সত্ৰৰ ভিতৰলৈ যাব নোৱাৰোঁ।" তেওঁবিলাকৰ এনেকুৱা কথা শুনি মোৰ হৃদয়ত এপাট শেল বাজিছিল। ভাব হৈছিল—হৰি হৰি কপাল। দেশৰ হকে প্ৰাণটো আগ কৰি, মানৰ লগত যুঁজি, মানৰ হাতত বন্দী হৈ, মান দেশত থকা বাবেই মোৰ আই-বোপাই, ভাই, আন কি বিবাহিতা তিৰোতা পৰ্য্যন্ত হেৰুৱালোঁ। যি অসমীয়া ৰাইজৰ হকে যুঁজি মোৰ এই দশা হ'ল, "জাতিভ্ৰষ্ট মেলেছ" বুলি সমাজত তো নলয়েই, লেই-লেই ছেই-ছেই কৰিবলৈকো নেৰে। মনৰ বেজাৰত এই জীৱনৰ গৰাকী গুৰু-ঘৰলৈ আহিলোঁ। আৰু ইয়াতো এনেকুৱা! বৈকুণ্ঠতো জাতিবিচাৰ! ইয়াত মই অস্পৃশ্য! মোৰ দোষ কি? মইতো নিজ [ ৩৪ ] ইচ্ছাত মানৰ দেশলৈ যোৱা নাছিলোঁ। যুঁজত বন্দী হৈ গৈছিলোঁ, তথাপি মোৰ এই বিলাই! ধন্য মোৰ দেশ! ধন্য মোৰ হিন্দুধৰ্ম্ম! ধন্য মোৰ দেশী ভাইসকল! ধন্য মোৰ বৈকুণ্ঠখনো! মোৰ মনত এনেকুৱা ভাব হৈছিল যে সংসাৰ গোটেইখন ঝুঠা। হাঁয়! কেলেই মই মানৰ দেশ এৰি নিজৰ দেশলৈ ইমান হেঁপাহ কৰি আহিলোঁ। কেলেই মই মানৰ দেশত নিজক নিজে বঞ্চি আহিলোঁ। আন আন অসমীয়া মানুহৰ দৰে তাতে দেখোন মই, হয় ইয়াৰ পৰা ধৰি নিয়া যেই সেই অসমীয়া ছোৱালী এজনী, অথবা এজনী মান-গাভৰুকে ৰাখি সুখেৰে থাকিব পাৰিলোঁহেঁতেন। যিসকলে কপাল সাৰোগত কৰি তাতে ঘৰ-গৃহস্থী কৰি ৰৈছে সেইসকল দেখোন সুখেৰেই ৰ'ল। মইনো কেলেই তাত থকা অসমীয়া বন্ধু-বান্ধৱৰ কথা নুশুনিলোঁ। মোকতো সকলোৱে কৈছিল যে "ভাই তইনো এইদৰে কেলেই থাক? তইও এজনী গাভৰু ৰাখি আমাৰ দৰে সুখেৰে থাক।" মইনো কেলেই সেইবিলাক কথা নুশুনিলোঁ। দেশলৈ মৰম আৰু ৰূপহীলৈ অকৃত্ৰিম প্ৰেমৰ ফলেৰেই আজি মোৰ এই দুৰ্দ্দশা! হাঁয় মোৰ দেশ! হায় ৰূপহী! তহঁতেই মোৰ এই গতি কৰিলো! ডাঙৰীয়া এনেকুৱাবিলাক কথা মোৰ মনলৈ আহি মোৰ চকুত ধাৰাসাৰে লো ব'লে। মই নিজৰ দেহটোক আৰু প্ৰাণটোক সেই মুহূৰ্ত্তৰে পৰা আকৌ কৃষ্ণত সমৰ্পন কৰি সেই নিশা বাহিৰ কৰাপাটতে বাঘ-ঘোঙ্‌ একোলৈকে ভয় নকৰি পৰি থাকিলোঁ। অৱশ্যে মই দিনে পোহৰেই ওচৰৰ গাঁৱত গৈ আশ্ৰয় ল'ব পাৰিলোহেঁতেন। কিন্তু শেষত ভাব হ'ল যে এই দেহটো থকা যি নথকাও সেই! যদি প্ৰাণ যাবলগীয়া আছে তেন্তে এই কৰাপাটতে যাওঁক।


বিংশ অধ্যায়

 সকত সকলে মোক দেখিয়েই জাতিভ্ৰষ্ট মেলেছ বুলি এৰি থোৱাৰ পিছত নিশা হ'লত মই এই লেখীয়া ভাবিবিলাক মানতে ভাবি গাৰ বৰ কাপোৰখন মেৰাই-ঘূৰাই লৈ মাটিতে লঘোনে ভোকে পৰি থাকিলোঁ। দতকাই মোৰ টোপনি নাহিল। হৃদয়ৰ তলি ফুটি কব নোৱাৰো কি গুণত, ডাঙৰীয়া! মোৰ মুখৰ পৰা এই কেষাৰি পদ আপোনা-আপুনি ওলাল—

দীনবন্ধু কৃপাসিন্ধু পতিত পাবন হৰি।
মাতিছোঁ অধমে প্ৰভু! সকাতৰ কৰি।।

[ ৩৫ ]

সংসাৰ সাগৰে হৰি ডুবিলো সমূলি।
ৰাখা ৰাখা অধমক প্ৰভু বনমালী।।
মৰমৰ আই-ভাই সকলো হেৰালো।
কৃপা কৰা প্ৰাণনাথ! তুমি হৈ কৃপালু।।
দেশৰ কাৰণে প্ৰভু! মানেৰে যুঁজিলোঁ।
নিয়তি চকৰিত পৰি সমূলি ডুবিলোঁ।।
কোনেনো কৰিব দয়া এই অভাজনে।
জাতিভ্ৰষ্ট ম্লেছ মোক দয়াময় বিনে।।
অৰ্পিলোঁ এই দেহ মোৰ তোমাৰ চৰণে।
ৰাখা ৰাখা প্ৰণনাথ! এই অভাজনে।।
জন্মাৰ্জ্জিত কৰ্ম্ম প্ৰভু জীৱন মৰণ।
সকলো অৰ্পিলোঁ প্ৰভু তোমাৰ চৰণ।।

 ডাঙৰীয়া! আন কেও শুনোতা নহলেও নিজে গুণ গুণ কৰি চকুৰ লো টুকি গাই থাকোঁতে মোৰ ঘোৰ নিদ্ৰা আহিল। বহুদিনৰ ভাগৰৰ মূৰত যেন শান্তিৰে শুলোঁ। ৰাতি পুৱাওঁ পুৱাওঁ হওঁতে এটা সপোন দেখিলোঁ। দেখিলোঁ যেন মোৰ মাহী আহি শূন্যতে সুন্দৰ আসন এখনত বহি মোক হাঁহি হাঁহি কৈছে—"বাছা নিৰ্ম্মল! তই নেকান্দিবি, তোৰ দুখৰ ৰাতি পুৱাল।" এই কেইষাৰ কৈয়েই দেখোন মাহী আৰু আগৰ মাহী নাই। মাহীৰ ৰূপ চাই থাকোঁতেই থাকোঁতেই বদলিল। মাহী থকা ঠাইতে দেখোন সিংহবাহিনী দুৰ্গে দুৰ্গতি নাশিনী মা দশভূজা দুৰ্গা দেৱী উপস্থিত! সপোনতে মই বিমোৰ হলোঁ। মই যেই ক'লোঁ—"মাতৃ! পতিত পাৱন জননী। তোমাকনো মই কিদৰে সেৱিম! তোমাৰ স্তুতিয়েই বা কি? মা! সিংহবাহিনী জগত জননী! দুৰ্গতি নাশিনী! বৰাভয়দায়িনী। মই একো নেজানো। তোমাক কি বুলি স্তুতি কৰিম, কি বুলি সেৱা কৰিম, মা মই মূৰ্খ সন্তানে একো নেজানো। মোৰ এই কথাত ধীৰে গম্ভীৰে মাতৃয়ে যেন ক'লে—"বীৰ প্ৰৱৰ। স্বাৰ্থত্যাগী! দেশভক্ত বাছা নিৰ্ম্মল! তই যি কেইষাৰ স্তুতি কৰিলি সেয়ে যথেষ্ট! তোৰ দুখৰ ওৰ পৰিল। মই বৰ দিলোঁ তোক তোৰ প্ৰাণৰ ইষ্ট কৃষ্ণই দেখা দিব।" এই বুলি কৈয়েই দেৱী অন্তৰ্দ্ধান হ'ল। দেৱী অন্তৰ্দ্ধান হোৱাৰ পিছতে আকৌ কি দেখিলোঁ! ডাঙৰীয়া মোৰ সেই প্ৰাণৰ কৃষ্ণও উপস্থিত! মোৰ সেই— [ ৩৬ ]

পৰম সুন্দৰ  শ্যাম কলেৱৰ
ৰূপে কোটি কাম প্ৰায়।
যেন কোটি  শশী আছন্ত প্ৰকাশি
মধুৰ মূৰ্ত্তি সদায়।।
কীৰিটি মুকুট  চূড়ামণি যত
শিৰত কৰে প্ৰকাশ।
কপালে অলকা  ৰত্নৰ তিলকা
মুখে পদ্ম চাৰুহাস
কমল নয়ন  সুচান্দ বয়ান
অধৰ অলকা কান্তি।
ভ্ৰৱ কাম চাপ  মধুৰ আলাপ
দশন মুকুতা পান্তি।।
কৰ্ণে জলমল  মকৰ কুণ্ডল
জলে দুই ৰবি প্ৰায়।
গলে বনমালা  ৰত্নৰ মেখলা
ত্ৰিভঙ্গ ভঙ্গিম বায়।।

 ডাঙৰীয়া! এনেকুৱা ৰূপ দেখিলোঁ! মোৰ প্ৰভুৱে যেন মিচিকি মিচিকি হাঁহি মোলৈ এফেৰা সকৰুণ ভাৱে চায়েই নোহোৱা হ'ল। মোৰ চকুৰে প্ৰেম অশ্ৰু ধাৰাসাৰে বলে। মই সাৰ পাই কান্দিব ধৰিলোঁ। বৰ কাপোৰৰ তলৰ পৰা মূৰ উলিয়াই উঠি বহি কৰাপাটৰ বাহিৰৰ ফালে যে চাওঁ মোৰ পৰা ঠিক দুটাঁৰৰ আঁতৰত প্ৰকাণ্ড এটা ঢেঁকীয়াপতীয়া বাঘ মোৰ ফাললৈ চাই পিছভৰিখন পাৰি আগভৰি দুখনৰ ওপৰত বহি আছে। চকু দুটা টল্‌ টল্‌কৈ জ্বলিছে। জোনৰ পোহৰত গোটেইটো বাঘ তেনেই দেখিলোঁ। ডাঙৰীয়া! মোৰ ভাব হ'ল যে প্ৰভু কৃষ্ণ! সমাজিকত তুমি মোক তোমাৰ মদনমোহন মূৰ্ত্তি দেখুৱালা। এতিয়া সাৰ পালত দিঠকত বাঘ হৈ মোক খাবলৈ আহিছা! তোমাৰ যি ইচ্ছা সেয়ে হক। এই দেহ তোমাৰেই। তোমাতেই অৰ্পণ কৰিছোঁ, তুমি এতিয়া বাঘ হৈ লব পাৰা।" এইদৰে ভাবি ডাঙৰীয়া মই কৃষ্ণৰ সেই মদন মোহন মূৰ্ত্তিটোকে চিন্তিব ধৰিলোঁ। আৰু তাৰ লগে লগে বাঘটোকো এটা নমস্কাৰ কৰিলোঁ। বাঘটোৱে দেখোন মই নমস্কাৰ কৰা মাত্ৰকে দীঘলকৈ হামি এটা মাৰি মূৰটো দোঁৱাই মাটিত লগালে। তাৰ পিছত লাহেকৈ উঠি [ ৩৭ ] হাবিৰ ফাললৈ এখোজ দুখোজ কৰি গুচি গ'ল। ঠিক সেই সময়তে ধল ফাট দিলে। কাউৰীয়ে "কা" কৰিলে। এনেতে দেখোন সত্ৰৰ ফালৰ পৰা খৰম পিন্ধি আগত এজন, পিছত এজন শুদা ভৰিৰে কান্ধত গামোছা এখন আৰু চুৰীয়া এখন লোৱা আন এজন আহি মোৰ ওচৰত উপস্থিত হ'ল।


একবিংশ অধ্যায়

 আগত অহাজনে মোৰ ওচৰ চাপিয়ে মাত লগালে—"নিৰ্ম্মল!" মই সুধিলোঁ—"আপুনি কোন?" এনেতে পিছৰজনে মাত লগালে "ই কটা ক'ৰ অ'! ই একো নেজানে? হেৰ কটা!" ঈশ্বৰ পুৰুষে মোক "নিৰ্ম্মল উঠ উঠ" বুলি আদেশ কৰিলে, মই উঠিলোঁ। ঈশ্বৰ পুৰুষে ক'লে—"নিৰ্ম্মল! তোৰ আঁতিগুৰি পূৰ্ব্ব বৃতআন্ত মই সমস্ত জানিছোঁ। তই মোৰ জনাৰ্দ্দন মেধিৰ ঘৰৰ ল'ৰা। মানৰ যুঁজত বন্দী হৈ মানৰ দেশত আছিলিগৈ। এতিয়া তোৰ ইহ সংসাৰত কোনো নাই। তোক কি লাগে?" মই ক'লোঁ—"প্ৰভু জগন্নাথ! পতিত পাৱন! ই পতিতক প্ৰভুৰ চৰণছত্ৰৰ ছায়া লাগে।" ঈশ্বৰ পুৰুষে মিচিকিয়া হাঁহি মাৰি ক'লে,—"নিৰ্ম্মল! মোৰ জনাৰ্দ্দন মেধিৰ বংশ নোহোৱা হ'ল। তহঁতৰ ঘৰ মোৰ সাত পুৰুষীয়া সেৱক। মই তোক খৰচ ভগন কৰি উদ্ধাৰ পৰাচিত কৰোঁ। আৰু তোক টকা শিকা যি লাগে সমস্তকে দিওঁ, তই আকৌ বিয়া কৰাই এঠাইত গৃহস্থী কৰি, ইচ্ছা হ'লে এই মাজুলীতে গৃহস্থী কৰি বংশ ৰক্ষা কৰিব পাৰ। তোৰ ইচ্ছা কি ক।" মই ক'লোঁ—"প্ৰভু জগন্নাথ! মই সংসাৰ বিৰাগী। মোৰ আৰু বিয়া কৰাই সংসাৰ কৰিবৰ ইচ্ছা নাই। দুখানি চৰণে চৰণছত্ৰৰ চায়া দি সত্ৰতে মোক ৰাখক। পুৱা-গধূলি দুখানি চৰণ সেৱা কৰি নাম গুণ গাই ইহ জন্ম কটাম।" ঈশ্বৰ পুৰুষে ক'লে—"নিৰ্ম্মল! তেনেহলেতো তহঁতৰ ঘৰৰ মানুহৰ বংশই লোপ হব।" মই ক'লোঁ—"প্ৰভু জগন্নাথ! কত বংশ এই পৃথিৱীতে উপজিছে আৰু লোপ হৈছে তাৰনো কিবা সীমা সংখ্যা আছেনে? মোৰ নিচিনা এঘৰৰ বংশ লোপ হলেই প্ৰভু জগন্নাথৰ শিষ্য সেৱক কমিব সিটো নহয়। মোৰ একান্ত বাঞ্চা যে জীৱনৰ বাকীডোখৰ কৃষ্ণত অৰ্পণ কৰি কটাওঁ।" ঈশ্বৰ পুৰুষে ক'লে—"বাছা! তই নেজান উদাসীন ধৰ্ম্ম দেখাত যদিও কোমল তথাপি আচলতে কিমান কঠোৰ। মই হ'লে পৰাপক্ষত কাকো উদাসীন হ'বলৈ নকওঁ। ঈশ্বৰৰ এই বিনন্দীয়া সৃষ্টিত সকলো প্ৰাণীয়েই সংসাৰ ধৰ্ম্ম আচৰণ [ ৩৮ ] কৰি জনবল বঢ়োৱাটোহে আচল ধৰ্ম্ম। ঈশ্বৰৰো বোধকৰো অভিপ্ৰায় সেইটোৱেই! তেনস্থলত মনক নিগ্ৰহ কৰি সমস্ত ইচ্ছা, অভিলাষ, ভোগৰ বাঞ্ছা মাৰি ঈশ্বৰৰ সৃষ্টিৰ বিপৰীতে চলা টান। যিসকলে উপৰি জন্মত সমস্ত ধৰ্ম্ম শেষ কৰি শেষ বয়সত হৰি ভজিবলৈ একান্ত ইচ্ছা কৰিও ভজিবলৈ আয়ুস বা কাল নাপায় সেইসকলেহে ইহ জন্মত কেৱল হৰিক ভজিবলৈ জন্ম লৈ সত্ৰ সভা আৰু আন আন নানা ঠাইত উদাসীন হৈ ব্ৰহ্মচৰ্য্য অক্ষুণ্ণ ৰাখি হৰি ভজি জীৱন কটাইছে। এতেকে নিৰ্ম্মল! তই আকৌ ভাবি চাচোন।" মই ক'লোঁ—"প্ৰভু জগন্নাথ! মোৰ এই দেহটো গল নিশাই ঈশ্বৰ কৃষ্ণৰ চৰণত মনে মনে উছৰ্গি দিছোঁ। তাৰ ফলতে নেকি কব নোৱাৰোঁ এই দেহটো প্ৰভু জগন্নাথ এইখিনি আহি পোৱাৰ অলপ আগখিনিতে বাঘৰ মুখতহে আছিল। প্ৰভু কৃষ্ণই জানিবা সেই বাঘটোকে আঁতৰি যাবলৈ মন দিয়াত হে এই দেহটো এৰি গুচি গ'ল। এতিয়া আৰু সেৱকৰ এই দেহ আন কামত লগাবৰ অধিকাৰ নাই। ইয়াকে জানি প্ৰভু জগন্নাথে যি ভাল দেখে কৰক।" মোৰ এই কথাত ঈশ্বৰ পুৰুষে ক'লে--"কি! ৰাতি এইখিনিলৈকে বাঘ আহিছিল নেকি?" মই কলো—"হয় প্ৰভু! জগন্নাথ। বৰ ডাঙৰ ডাঙৰ খোজ পৰি আছে।" ইশ্বৰ পুৰুষে তেতিয়া অলপ মিচিককৈ হাঁহি এটা মাৰি মোক ক'লে--"চাচোন নিৰ্ম্মল! আমি কেনেকুৱা বাঘ ঘোঙৰ মাজত সত্ৰ পাতি আছোঁ। হওঁতে কোনো দিনেই কোনো বনৰীয়া জন্তুৱে আমাৰ বৈষ্ণৱ বৃন্দৰ কাকো অপকাৰ কৰা নাই। নকৰিবৰে কথা। যিহেতু আমিতো হিংসা পৰায়ণ নহওঁ। বৈষ্ণৱ বুলিলেই আমাৰ 'অহিংসাহে পৰম ধৰ্ম্ম।' আমি কাকো হিংসা আৰু অপকাৰ নকৰোঁ যেতিয়া এই মহা হিংসুক জাতিসকলেও আমাক হিংসা নকৰে। বাৰু! তোৰ ভয় লগা নাছিলনে?" মই ক'লোঁ—"প্ৰভু জগন্নাথ! মোৰ হলে এফেৰাও ভয় লগা নাছিল। মনত ভাবি লৈছিলো ঈশ্বৰ কৃষ্ণৰ যদি ইচ্ছা হয় তেন্তে বাঘৰ হতুৱাই এই দেহটো লওক।" ঈশ্বৰ পুৰুষে তেতিয়া দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক'লে—"বাৰু নিৰ্ম্মল! তোৰ ইচ্ছা পূৰ্ণ হব। তই পৰম ভক্ত।" লগত অহা ভকতজনক ক'লে--"তই লৰি যা। ভঁৰালৰ পৰা ভাল কাপোৰ এযোৰ লৈ আহগৈ। পূজাৰীকো তিল-তুলসীৰে সৈতে লৈ আহগৈ। ইয়াক এতিয়াও ব্ৰহ্মপুত্ৰত স্নান কৰাই এফেৰা বিধি অনুসাৰে পৰাচিত কৰাওঁ। গ'ল কালিও ই একো খোৱা নাই। মই আৰু ইয়াৰ দুখ সহিব নোৱাৰোঁ।" ঈশ্বৰ পুৰুষৰ এই আদেশ পাই ভকতন লৰি গ'ল আৰু অলপ পৰৰ ভিতৰতে [ ৩৯ ] কাপোৰ এযোৰ লৈ আহিল। পূজাৰীও আহিল। তেতিয়া আমি এটাইবিলাক ওচৰৰে নৈলৈ গলো। প্ৰভু জগন্নাথে নিজে নৈত নামি স্নান তৰ্পানদি কৰি কাপোৰকানি সলালে। পূজাৰী বামুণে প্ৰভু জগন্নাথৰ আদেশ পাই মোক নৈৰ পাৰতে এক চান্দ্ৰায়ণ পৰাচিত কৰালে। তাৰ পিছত মোক সত্ৰত ভিতৰলৈ লৈ গৈ বুলনি ঘৰতে থাকিবলৈ দি ঈশ্বৰ পুৰুষে নিজে পূজা-সন্ধ্যাত বহিল। প্ৰায় দেড় ঘণ্টামান কাল পূজা-সন্ধ্যা কৰি অঁতাই আহি কুশাসন পাৰি খুটাত আউজি বহিল। পূজাৰীজনে আহি মোক মহাশান্তি কৰিলে। আৰ পিছত ঈশ্বৰ পুৰুষে মোক এজন বৃদ্ধ ভকতক গতাই দি খাব-লবলৈ ব্যৱস্থা কৰাই দিলে। নিজে নামঘৰলৈ গ'ল। তাত মহাপ্ৰভূ ৺ যাদৱৰায়ৰ মূৰ্ত্তি আদি দৰ্শন কৰি নাম প্ৰসঙ্গ কৰালে। নিজে ভাগৱত বাখ্যা কৰি ভাগৱত পাঠ অন্তে খোলেৰে কীৰ্ত্তন কৰি বাজলৈ উলটি আহি ভোজনাদি কৰি জিৰাই শঁতাই বেলি ভাটী দিয়াত মোক আকৌ মতাই নিয়ালে। প্ৰভুৱে এই সমস্ত কৰে মানে মইও সেই ভকতজনৰ পৰা প্ৰসাদ আদি পাই খাই-বই জিৰাই আছিলো।


দ্বাবিংশ অধ্যায়

 ভাটীবেলা খাই-বৈউঠি ঈশ্বৰ পুৰুষে পিন্ধি-উৰি মেলচ'ৰাত খাটলাত কিংখাপ পৰা বিছনাত বহিল। প্ৰধান প্ৰধান ভকতসকলে মাটিতে আঁঠু লৈ বহিল। ময়ো গৈ সেইদৰে সেৱা কৰি বহিলোঁ। মোৰ হাতত মানৰ দেশৰ পৰা অনা যি দুই-চাৰিটা পইছা আছিল সমস্ত অৰ্পন কৰিলোঁ। ঈশ্বৰ পুৰুষে নিৰ্ম্মালি দিলে। তাৰ পিছত সৰুকালৰ পৰা কেনেকৈ ডাঙৰ ডাঙৰ হলো, তেনেকে মানেৰে সৈতে যুঁজি বন্দী হৈ মানৰ দেশত আছিলো সমস্তকে ক'লো। ভকতসকলে আৰু মাজে মাজে ঈশ্বৰ পুৰুষে মোক মানৰ দেশৰ স্বভাৱিক সৌন্দৰ্য্য, খেতি-বাতি, আচাৰ-ব্যৱহাৰ আৰু বৌদ্ধ ধৰ্ম্মৰ বিষয়ে নানা কথা সুধিছিল। ময়ো যথাযথ ভাঙি-ছিঙি ক'লো। মানৰ দেশৰ বিষয়ে কওঁতেই সেইদিনা গধূলি হ'ল।

 পিছদিনা আকৌ সেইদৰে ঠিক কেনেকুৱা সময়তে ঈশ্বপুৰুষে মোক মতাই নি মোৰ বাকী সমস্ত বৃত্তান্ত সুধিলে। ময়ো কেনেকৈ মানৰ দেশৰ পৰা উলটিলো, উলটি আহি সকলো কেনে শূন্য পালো, কিদৰে মই ৰূপহীক [ ৪০ ] চাই ললো, কিদৰে সত্ৰলৈ আহিলো, কিদৰে কৰাপাটত পৰি আছিলো, কিদৰে নিশা বাঘ আহি আগতে বহি আছিল, সমস্ত অকপট চিত্তে, আন কি স্বপ্ন দৰ্শন বিষয়টোও ক'লো। ঈশ্বৰপুৰুষে কৈছিল—"বাছা নিৰ্ম্মল! তই যে ৰূপহী আৰু অনিৰামক চিনাকি দি সমাজত হুলস্থূল নলগালি এইটোৱেই তোৰ প্ৰধান স্বাৰ্থত্যাগ। যেই সেই মানুহেই এনেকুৱা ত্যাগ কৰিব নোৱাৰে। তই ধন্য! ইমান স্বাৰ্থত্যাগী নহবিয়েই বা কেলেই! তইতো মোৰ সাত পুৰুষীয়া সেৱকৰ ঘৰৰ জনাৰ্দ্দন মেধিৰহে ল'ৰা। যুঁজৰ বীৰেই বা নহ'বি কেলেই? তহঁতৰ ঘৰটো আগৰ ক্ষত্ৰিয়ৰহে সন্তান, যদিও এতিয়া কলিতা নামে অভিহিত হৈছে। বাছা! কথা এটা কওঁ। আমি ব্ৰাহ্মণে বহু সংযম নিয়ম ব্ৰত ইত্যাদি আচৰণ কৰিহে, বহুদিন সাধনাদি কৰিহে যদি এফেৰা সিদ্ধি পাওঁ; কিন্তু ক্ষত্ৰিয় স্ত্ৰী, আন কি শূদ্ৰাদিয়েও আমাৰ পৰা যৎকিঞ্চিৎ এফেৰা বস্তুৰে পৰা সহজে সিদ্ধি পাব পাৰে। সহজে ব্ৰহ্মজ্ঞান পায়। বাছা! তই যি মুহূৰ্ত্তেই নিজৰ বিবাহিতা স্ত্ৰীকো সমাজৰ হিতৰ অৰ্থে ত্যাগ কৰি আহিলি সেই মুহূৰ্ত্তেই তোক সিদ্ধিয়ে লগ দিলে। নহলেনো তই এনেকুৱা সপোনেই বা দেখিবি কেলেই! আমি অত বছৰ ইয়াত পৰি আছোঁ, সংসাৰৰ সকলোকে ত্যাগ কৰি নামগুণ গাই প্ৰৱৰ্ত্তিছোঁ, তথাপি আমাৰ কেইজনে এনেকুৱা সপোন দেখে?" মই কলো—"প্ৰভু জগন্নাথ, দাসৰ কোনো বল, কোনো গুণ, কোনো ত্যাগেই নাই। যি হৈছে যি কৰিছোঁ সকলো এই ৺ যাদৱৰায়ৰ ইচ্ছাতহে—প্ৰভু বনমালী দেৱৰ তেজৰ বলতহে আৰু প্ৰভু জগন্নাথৰ আশীৰ্ব্বাদতহে।" মোৰ এই কথাত প্ৰভু জগন্নাথে হাঁহি হাঁহি কৈছিল—"বাছা! তই ঠিক কথাকে কৈছ। এই ৺যাদৱৰায় পাণ্ডৱৰ ৰাজসূয় যজ্ঞৰ দিনৰে মূৰ্ত্তি। আমাৰ পূৰ্ব্বপুৰুষ এই সত্ৰ অধিষ্ঠাতা ৺বনমালী দেৱ এজন সিদ্ধৰো সিদ্ধ যোগী পুৰুষ আছিল। বাৰু যি কি নহওক তোক আজিৰ পৰা সাত দিনৰ মূৰত উদাসীন পন্থত প্ৰৱৰ্ত্তিত কৰাম। ছমাহমানৰ পিছত মালা মন্ত্ৰ দিম।"

 ডাঙৰীয়া! কব নেলাগে ঠিক সাত দিনৰ মূৰত মোক প্ৰভু ঈশ্বৰে উদাসীন পন্থত অভিষেক কৰিলে। ছমাহৰ মূৰত মালা মন্ত্ৰ দিলে। সেই কালৰে পৰা আজিলৈকে এই সত্ৰতে পৰি আছোঁ। মোৰ প্ৰভূ বাসুদেৱ ঈশ্বৰ পুৰুষ চলিবৰ আজি বাৰ বছৰ হ'ল। ময়ো ভাবি আছৌঁ এই দেহা কেতিয়া পৰে। ডাঙৰীয়া! আমাক আপোনাসকলে পুতৌ কৰিব, মৰম কৰিব। আমি আন একোৰে ভিখাৰী নহলেও মৰমৰ ভিখাৰী!" ডাঙৰীয়াজনে ক'লে— [ ৪১ ] "আতৈ! আপোনাৰ সমস্ত বৃত্তান্ত শুনিলোঁ; কিন্তু মোৰ তিনি চাৰিটা বিষয় আপোনাক সুধিবলৈ আছে। আজিলৈ বাৰু এৰিলোঁ কিন্তু কাইলৈ আকৌ আমনি কৰিমহি।" আতৈয়ে ক'লে—"বাৰু ডাঙৰীয়া! আপুনি যিহকে সোধে তাকে অকপট চিত্তে ক'ম।"


ত্ৰয়োবিংশ অধ্যায়

 পিছদিনা ডাঙৰীয়াজনে আকৌ আতৈক লগ ধৰিলে—"আতৈ! মোৰ প্ৰথম কথা এই—আপুনিতো নিজ ইচ্ছাত মান দেশলৈ যোৱা নাছিল। আৰু গলেও আপুনি নিজে কোৱা মতে আপুনিতো তাত অখাদ্য খোৱা নাছিল। আপুনি দেশৰ ইমান হিতৈষী যে নিজৰ জীৱনকো আগ কৰি ৰজাৰ হকে, দেশৰ হকে মানেৰে সৈতে যুঁজিছিল। অনিৰাম আৰু ৰূপহীৰ কেনেবাকৈ শান্তি হেৰায় বুলি আপুনি কি ভয়ঙ্কৰ স্বাৰ্থত্যাগ কৰিছিল; আপুনিতো বাহিৰ কৰাপাটতেই সিদ্ধি লাভ কৰিছিল; এনেবিলাক স্থলতো আপোনাৰ প্ৰায়শ্চিত্তৰ বিধান হল ইয়াৰ অৰ্থ মই হলে বুজিব নোৱাৰোঁ। পৰাচিতৰ আচল অৰ্থ হৈছে যে স্বইচ্ছাই কোনো এটা দোষ কৰিলেহে দণ্ড বা পৰাচিত হব লাগে; পৰাচিত মানেই দণ্ড। কথাতেই কয় পাপৰ পৰাচিত হ'ল। আপুনিনো কি পাপ কৰিছিল যে পৰাচিত হবলগীয়া হৈছিল।

 মই হ'লে বুজো যে এই পৰাচিতৰ নিচিনা অনুষ্ঠান কেৱল বামুণে নিজৰ প্ৰাপ্তিৰ উদ্দেশ্যেহে সমৰ্থন কৰি থৈছে। মনত উন্নতি নহলে বাহিৰৰ সেই বামুণৰ মন্ত্ৰ কেইটাৰ আৰু কুশ দুবৰিৰে ছিটোৱা পানী দুটোপাৰনো কি বলটো বা উপকাৰটো আছে? এনেকুৱা বিচাৰহীন অযুক্তিকৰ অনুষ্ঠানবিলাকে আমাক মনুষ্যত্ব লোপ কৰি থৈছে। আমাক গোলামৰো গোলাম কৰি ৰাখিছে। বামুণে নিজৰ পেট পুহিবৰ অৰ্থে এইবিলাক ফাঁকতি স্ৰজিছে। বামুণেই এই দেশখন খালে।"

 আতৈ—"ডাঙৰীয়া! আপুনি বৰ ডাঙৰ অভিযোগ কৰিলে। এই সমস্তৰে উত্তৰ মোৰ নিচিনা শাস্ত্ৰজ্ঞানহীনে যে আপোনাক পৰিষ্কাৰৰূপে বুজাব পাৰিম এই আশা মোৰ নাই। তথাপি সাধাৰণ বুদ্ধিৰে দুই চাৰিষাৰ কথা কওঁ শুনক। বাৰু! আপুনি কেতিয়াবা হাবিৰ পৰা ধৰি অনা ভাটৌ পোৱালি পুহিছেনে? অথবা কাউৰ এটা ধৰি আনি এদিনমান ৰাখি কাউৰ, ভাটৌ [ ৪২ ] পোৱালি দুয়োটাকে এৰি দি চাইছেনে? প্ৰথমে সেই এৰি দিয়া কাউৰটোক বা ভাটৌটোক বনৰীয়া কাউৰে আৰু ভাটৌৱে এদিন দুদিনকৈ লগকে নিদিয়ে। দেখিলেও খুটিবলৈ আহে। পিছত দুই চাৰি দিন বা অন্ততঃ এৰাতি বা দুৰাতি অকলৈ থকাৰ পিছতহে বনৰীয়া জ্ঞাতিবৰ্গৰ লগ পায়। ঘৰচীয়া হাতীও কেতিয়াবা ডোল ছিগি মুকলি হলে সেই হাতীয়েও সতকাই বনৰীয়া পালত লগ নাপায়গৈ ইয়াৰ কাৰণ কি? সিহঁতেতো নিজ ইচ্ছাত মানুহৰ ঘৰত বসতি লোৱা নাছিল; তেনেস্থলতো বনৰীয়া জ্ঞাতিয়ে সিহঁতক কিয় সতকাই লগ নিদিয়ে? ইয়াৰ কাৰণ ডাঙৰীয়া! মানুহৰ সংসৰ্গত থাকি এই বনৰীয়া জন্তুকেটাৰো শৰীৰৰ অণুপৰমাণুবিলাকত, উপাদানবিলাকত কিবা এটা ব্যতিক্ৰম ঘটে। সেই ব্যতিক্ৰম ঘটাৰ বাবেই সিহঁতৰ বনৰীয়া জ্ঞাতিবিলাকে সিহঁতৰ গাৰ গোন্ধ পায়। ঘৰচীয়া জন্তুৰ গাৰ বতাহে বনৰীয়া জন্তুৰ বতাহে সৈতে নমিলে মানে লগ নিদিয়ে। সেইদৰএই এক দেশৰ এক আচাৰ অনুষ্ঠানৰ মানুহ যদি অন্য দেশত থাকে, আৰু আচাৰ অনুষ্ঠানত প্ৰৱৰ্ত্তা মানুহৰ মাজত থাকে তেনেহলে শৰীৰৰ অণুপৰমাণুবিলাকক অলপ নহয় অলপ ব্যতিক্ৰম ঘটে। সেই ব্যতিক্ৰম নিজৰ দেশৰ মানুহৰ উপযুক্ত নহয়। এনেকুৱাবিলাক কাৰণেই লঘোণে ৰাখি গা ধুৱাই পৰাচিত কৰিহে লগ দিয়ে। পৰাচিত শাস্ত্ৰত কৈছে "ভক্ষ্যাভক্ষ্য স্পৰ্শাস্পৰ্শ অনেক নিষিদ্ধাচৰণ জ্ঞানাজ্ঞানৃত পাপক্ষয়াৰ্থং প্ৰাজাপত্য ব্ৰতা সক্তৌ প্ৰাজাপত্য ব্ৰতা সম যথৈক চান্দ্ৰায়ণ ব্ৰতকল্প" ইত্যাদি ইত্যাদি। অভক্ষ্যৰতো কথাই নাই, আনকি স্পৰ্শাস্পৰ্শ, নিষিদ্ধাচৰণ, অজ্ঞানকৃত পাপকো ক্ষয় কৰিবলৈ পৰাচিতৰ বিধি। ইয়াৰ কাৰণ কি ডাঙৰীয়া! জানেনে? অভক্ষ্য খালে হিন্দুৰ শৰীৰৰ অণু-পৰমাণুৰ বিচত্ৰতা ঘটে। সেই অণু-পৰমাণুৰ বিচিত্ৰতাই হিন্দুৰ মন আৰু আধ্যত্মিকতাত সৰহ নহলেও অতি সামান্যৰো সামান্য পৰিবৰ্ত্তন ঘটায়। হিন্দুৰ যোগতত্ত্ব, আধ্যাত্মিক তত্ত্ব অনুসাৰে চেতনৰূপী মনৰ ওপৰত দেহৰূপী জড়ৰ এফেৰা আধিপত্য আছে। আমাৰ হিন্দুৰ মতে সুস্থ দেহতহে সুস্থ মন হয়। সেইদেখি মনৰ সাধন কৰিবলৈ হলে দেহৰো সাধন লাগে। নিশা লঘোনে থাকিলে দেহৰ যেনে হলেও এফেৰা সাধন হয়, তাৰ পিছত পানীত গা ধুই তিতা তিয়নিৰে থাকি মন্ত্ৰ উচ্চাৰণ কৰাৰ পৰাও দেহৰ অনুশোধন হয়। পৰাচিতৰ দক্ষিণাই বা [ ৪৩ ] কি বেছি। দিব পৰাৰ পৰা জিতেন্দ্ৰিয় ব্ৰহ্মপৰায়ণ বামুণে এশ ছকুৰিও এটা পৰাচিতত লব পাৰে। নোৱাৰাৰ পৰা ফুল এটি, তামোল এখন লৈও কৰি। কাজে কাজে এই অনুষ্ঠানক একেবাৰে বামুণৰ স্বাৰ্থসিদ্ধিৰ ফাঁকতিকে বা বুলিম কেনেকৈ?" ডাঙৰীয়াজনে আকৌ সুধিলে "বাৰু আতৈ! আপুনি যে হিন্দুৰ আধ্যাত্মিকতা কৈ চিঞৰিছে অকল হিন্দুৰেহে সেই আধ্যাত্মিকতা আছে আন ধৰ্ম্মৰ নাইনে? আপুনি কেতিয়াও কব নোৱাৰে যে বৌদ্ধ ধৰ্ম্মত, মুচলমান ধৰ্ম্মত, খৃষ্টীয়ান ধৰ্ম্মত আধ্যাত্মিকতা নাই। বৌদ্ধৰ ভিতৰতো, মুচলমানৰ ভিতৰতো মহা মহা যোগী, সাধু, পীৰ, সাধুসকল আছে। হিন্দুৰো যিসকল পৰম সাধু, পৰমহংস পৰম বৈৰাগী সেই সকলো দেখোন কথাই কথাই পৰাচিত নহয়। ইয়াৰ উপৰি হিন্দুৰ আচল মহাত্মা সকলে দেখোন জাতকুল, বৰ্ণাশ্ৰম সমস্ত এৰে। কৰ্ম্মৰ চৰম লক্ষ্য ব্ৰহ্মপ্ৰাপ্তি। এনেস্থলতনো সামান্য পৰাচিতে কিটো উপকাৰ কৰে।" আতৈয়ে ক'লে—"ডাঙৰীয়া! মহাসিদ্ধ বা মহাযোগী হব পাৰিলে তেনেকুৱাজনলৈ পৰাচিতৰ বিধি, বৰ্ণাশ্ৰম বিধি নাই যে সেইটো সঁচা। কিন্তু আমাৰ নিচিনালৈ পৰাচিত হোৱা উচিত। আন ধৰ্ম্মত যে আধ্যত্মিকতা নাই এই কথা কব নোৱাৰোঁ। নিজ চকুৰেই মানৰ দেশত পৰম আধ্যাত্মিক ফুঙ্গিও দেখিছোঁ। কিন্তু তথাপি এইটো নকৈ নোৱাৰোঁ যে আমাৰ সাধাৰণ হিন্দুৰ আধ্যাত্মিকতা যেনেহলেও আমাৰ এটা সুকীয়া বস্তু। আমাৰ নিজস্ব। আমি ইয়াৰ মাজেদিহে ক্ৰমশঃ ওপৰলৈ উঠিব লাগিব। মাছৰ জন্মস্থান আৰু জীয়াই থকা স্থান পানীহে। হৰিণাৰ হাবিহে। মাছও হাবিত নিজীয়ে, হৰিণাও পানীত থাকিব নোৱাৰে। অৱশ্যে মানুহ সকলো জীৱৰে শ্ৰেষ্ঠ, সেইদেখি প্ৰায় সকলো অৱস্থাতে থাকিব পাৰে। কিন্তু হিন্দুৱে হিন্দুৰ আধ্যাত্মিকতা বিচাৰিবলৈ হলে, সহজে সুগমে পাবলৈ হলে, প্ৰৱৰ্ত্তিত অনুষ্ঠানৰ মাজেদিহে যাব লাগিব। আন মাৰ্গেৰে গ'লে হয়তো ঢেৰ খুন্দা কাটল খাব লাগিব। আমাৰ পক্ষে যিটো বাট বেছি বাধা বিঘিনি নাই সেইটো বাটেদিহে যোৱাটো প্ৰশস্ত।

 দ্বিতীয়তঃ যদি ধৰি লোৱা যায় যে পৰাচিতে কোনো আধ্যাত্মিকতা দিব নোৱাৰে, তথাপি যেতিয়াই বিদেশৰ পৰা উলটি আহি পৰাচিত নহলে আমি মৰমৰ আই, বোপাই, ভাই, দেশৰ বন্ধু-বান্ধৱৰ লগ সঙ্গ নেপাওঁ তেতিয়া এই সৎসামান্য খৰচৰ অনুষ্ঠান ফেৰা আচৰণ কৰাতেই বা হানি কি? যদি ধৰা যায়, কোৱা যায় যে "মই কোন পাপ কৰা নাই, অন্যায় [ ৪৪ ] কৰা নাই, পৰাচিত নহওঁ" তেনেহলে এনেকুৱা গোঁৱাৰামি দাম্ভিকতাৰহে চিন, অহঙ্কাৰৰহে কথা। ই বৈষ্ণৱ ধৰ্ম্ম বিৰোধী।" ডাঙৰীয়াজনে ক'লে—"আতৈ! আন মানুহে জানিবা এই পৰাচিতৰ অনুষ্ঠানত নিজৰ বিশ্বাস নেথাকিলেও ভাই-বন্ধু, ইষ্ট-কুটুম্ব, পিতৃ-মাতৃ এই সকলৰ সংসৰ্গ লভিবলৈকে পৰাচিত হয়; কিন্তু আপোনাৰতো ইহ সংসাৰত প্ৰায় কেৱে নাছিল। আপুনি সত্ৰত নেথাকি নিজে নিজেইতো য'তে ত'তে এটা জুপুৰি বান্ধিও থাকিব পাৰিলেহেঁতেন, আৰু আপুনি যি কাঠৰ কাজ জানে তাকে কৰিয়েই দেখোন নিজকো পুহিব পাৰিলেহঁতেন আৰু দহজন দেশীভাইক কাঠ মিস্ত্ৰিৰ কাম শিকাই আপোনাৰ বহুদৰ্শিতাৰপৰা ওপজা শিক্ষা দি উপকাৰ কৰিব পাৰিলেহেঁতেন। গোটেইটো জীৱন সত্ৰত উদাসীন হৈ থাকি দেশৰনো কি উপকাৰ সাধিলে!" আতৈ—"ডাঙৰীয়া! মোৰ মনৰ গতি তেনেকুৱা হোৱা হলে মই সেইদৰেই কৰিব পাৰিলোঁহেঁতেন। কিন্তু মোৰ মনৰ গতি হ'ল জীৱনৰ বাকী ছোৱা মোৰ নিজৰ সত্ৰৰ বৈষ্ণৱসকলৰ সংসৰ্গত থাকি কটোৱা। সেইবাবে মই এই সত্ৰতে ৰ'লোঁহি। দেশৰ দহজনক উপকাৰ কৰিব পৰা কথা যে কৈছে এই বিষয়ে মই পিছত ক'ম। কিন্তু আপুনি যে ক'লে—"যেতিয়াই আপোনাৰ ইহ সংসাৰত কেৱে নাই আপুনি পৰাচিত নোহোৱা হলেও হ'লহেঁতেন" মই এই কথাত অলপ বেজাৰ পালোঁ; কিয়নো মোৰ আই, বোপাই, ভাই, তিৰোতা নেথাকিলেও আপোনালোকৰ দহজনেই মোৰ নিজা নহয়নে? এই বৈষ্ণৱবৃন্দ, এই মোৰ ঈশ্বৰ পুৰুষ, এই মোৰ যাদৱৰায়, এই মোৰ ব্ৰহ্মপুত্ৰ, এই মোৰ অসমত থকা সকলো মানুহ আন কি এই পৃথিৱীৰ মানুহ মাত্ৰেই, আৰু মোৰ দেশৰ গছ, গছনি, তৰু, তৃণ, পক্ষী, পতঙ্গ এই সকলো মোৰ নিজা নহয় নে? মোৰ এই অসমদেশখনেই নিজৰ দেশ নহয়নে? মইনো আন কোন ঠাইত এই নদী, এই হাবি, এই ব্ৰহ্মপুত্ৰ, এই সত্ৰ, এই বৈষ্ণৱবৃন্দ পাম। পৰাচিত নহৈ য'তে ত'তে এঠাইত থকা হলে আপুনিয়েই জানো মোক মনে মনে লেই লেই ছেই ছেই নকৰিলেহেঁতেন? আপুনিয়েই জানো আমাক এই ফেৰা প্ৰীতি কৰিলেহেঁতেন? আমাৰ ওচৰলৈ আপোনাৰ নিচিনা ডাঙৰ মানুহ জানো চাপিলহেঁতেন? পৰাচিত নহলে যি স্থলত মোৰ নিজৰ দেশীভাইসকলৰ সম্পূৰ্ণ লগ নেপাওঁ, তেনেস্থলত এই পৰাচিত ফেৰা হোৱাই বা দোষ কি? বিশেষ ডাঙৰীয়া! মোৰ হতুৱাই যেতিয়া ব্ৰাহ্মণে মন্ত্ৰ মাতি মাতি মোক পৰাচিত কৰিছিল সেই সময়ত [ ৪৫ ] দৰাচলতে মোৰ বৰ ভাল লাগিছিল। পৰাচিত হৈ উঠি কানিকাপোৰ সলাই উঠিলত মোৰ মনত এনেকুৱা লাগিছিল মই যেন এটা নতুন জীৱনহে পাইছিলোঁ। যেন মোৰ সমস্ত শোক-তাপ-দুখৰ শান্তি হৈছিল। তাৰ পিছত যেতিয়া ব্ৰাহ্মণে মন্ত্ৰ মাতি মাতি দুবৰিৰ আগেৰে পানী ছটিয়াইছিল তেতিয়া ডাঙৰীয়া! মোৰ এনেকুৱা লাগিছিল যেন প্ৰত্যেক টোপ পানীৰ কণাই মোৰ মনত সোমাই বৈদ্যুতিক আলোকেৰে মোৰ এন্ধাৰ মনক পোহৰ কৰিছিল। পৰাচিত কৰোৱা ব্ৰাহ্মণ যিমান শুদ্ধ আৰু সাত্ত্বিক হয় সেই অনুপাতে পৰাচিত হোৱা জনৰ উপকাৰ হয়। সেইদেখি ডাঙৰীয়া! পৰাচিত কৰোৱা ব্ৰাহ্মণজনো অতি নিৰ্ম্মল আৰু সাত্ত্বিক হব লাগে। সত্ৰৰ উদাসীন আৰু নিৰ্ম্মল, আৰু ঈশ্বৰ কৃষ্ণপৰায়ণ ব্ৰাহ্মণ যে কিমান শুদ্ধ আৰু সাত্ত্বিক তাকনো মই আপোনাক কি বুজাম। ডাঙৰীয়া! পৰাচিতৰ নিচিনা অনুষ্ঠান ফেৰাও অকল ব্ৰাহ্মণৰ স্বাৰ্থ সিদ্ধিৰ নিমিত্তেই নহয়। মোৰ মনেৰে ইয়াত সামাজিক আধ্যাত্মিক সকলো প্ৰকাৰ আছে।"

 ডাঙৰীয়া—"আতৈ! আপোনাৰ মুখে, যি কি নহওক পৰাচিতৰ উপকাৰিতাৰ বিষয়টো শুনিলোঁ; কিন্তু এই বিষয়ে আৰু এটা কথা নুসুধি নোৱাৰোঁ। সেইটো হৈছে যে আপুনি ক'লে যে ব্ৰাহ্মণে দিব পৰাৰ পৰা এশ ছকুৰিও লন পাৰে। দিব নোৱাৰাৰ পৰ তামোল-পাণ এটাকে দক্ষিণা স্বৰূপে লৈয়ো কৰিব পাৰে। কিন্তু আমি দেখো প্ৰায় সততে দেখিবলৈ পাওঁ যে অনেক ব্ৰাহ্মণেই দিব পৰাকহে আগ্ৰহ কৰি পৰাচিত কৰে। দিব নোৱাৰা দুখীয়া মানুহক দেখো তামোল পাণ লৈ নকৰে। বৰং তেনেকুৱা দুখীয়া মানুহ পৰাচিত হব খুজিলেও দেখোন দুই চাৰিজন দেউৱে তাক দূৰতে লেই লেই ছেই ছেই কৰি খেদে। তামোল-পাণ এটা লৈ কৰাটো দূৰৈতে থাওক। ব্ৰাহ্মণ মহালভী নহয়নে? আপুনিনো এই বিষয়ে কি কয়?"

 আতৈ—"ডাঙৰীয়া! যি ব্ৰাহ্মণে এনেকুৱা আচৰণ কৰে সি জনমত ব্ৰাহ্মণ হ'লেও কৰ্ম্মত দৰাচলতে ব্ৰাহ্মণ নামৰ উপযুক্ত নহয়। তেনেকুৱা ব্ৰাহ্মণ ঈশ্বৰৰ কৃপাৰ ভাজন নহয়। তেনেকুৱা লোভী ব্ৰাহ্মণৰ দ্বাৰাই পৰাচিত হোৱাৰ ফল নাই। কিন্তু ডাঙৰীয়া! মই হলে ইওতো জানো যে ধন চহকী ডাঙৰীয়াসকলেহে বামুণক পৰাচিতৰ দক্ষিণা ফেৰা দিয়াত যিমান পাৰে কেৰজেৰ কৰে। যিসকল দুখীয়া মানুহ সেইসকল সৰল, সেইসকলে খুজি-মাগি আনিও, ব্ৰাহ্মণৰ দক্ষিণাটো গোটাই সেই দক্ষিণা সাধ্যানুসাৰে [ ৪৬ ] মিনতিৰে দিহে পৰাচিত হয়। অৱশ্যে আজিকালি দিনক দিনে কলি প্ৰৱল হৈছে, সেই কাৰণে ব্ৰাহ্মণো লোভী আৰু দিব পৰা ডাঙৰীয়া সকলো কৃপণ। এইবিলাকৰ কাৰণেহে এইটো ফকৰা সৃষ্টি হৈছে—"ভকতি ভোমাই মাই, গুৰু আশাধাৰী, শিষ কপটীয়া, জীৱৰো তৰণি নাই।"

 ডাঙৰীয়া—"বাৰু, আতৈ; আৰু এটা কথা সোধোঁ। আপুনি সত্ৰলৈ আহোঁতেই যে আপোনাক সেই নিশা কৰাপাটতে একো খাব-বব নিদিয়াকৈ উদাসীন ভকতসকলে সোধপোচ নকৰাকৈ এৰিলে এইটো জানো ভাল? নিশা যদি আপোনাক সেই বাঘটোৱে খালেহেঁতেন।"

 আতৈ—"এই কথাৰ সমিধান ঈশ্বৰ পুৰুষে প্ৰত্যুষতে মোক কোৱা কথা কেইষাৰৰ পৰাই নুবুজিলেনে? উদাসীণৰ প্ৰাণ কোমলতো কোমল, কঠিনতো কঠিন। সত্ৰ বিধান আছে লেটি-পেটি থকা হিন্দু মানুহ সত্ৰলৈ সুমাব নাপায়। সেই কাৰণেই পৰাচিত নহলো মানে মোক সোমাব নিদিলে। নিশা খাবলৈকো নিদিলে। তাৰ দ্বাৰাই মোৰ ভক্তিৰ আৰু বিশ্বাসৰ পৰীক্ষা হ'ল; আৰু মোৰ উপকাৰো হ'ল। মই নিজৰ দেশৰ নিমিত্তে প্ৰাণ আগবঢ়ালেও মোৰ দেশী ভায়ে পুৰণি শাস্ত্ৰৰ বিধান ত্যাগ কৰিব নোৱাৰে; আৰু দৰাচলতে ত্যাগ কৰা উচিতো নহয়। অৱশ্যে দেশ-কাল চাই, মানুহজনৰ সকলো পাৰিপাৰ্শ্বিক অৱস্থা বুজি পৰাচিতৰ মাত্ৰাৰ কম বেছিৰ ব্যৱস্থা শাস্ত্ৰয়ে দি থৈছে। শাস্ত্ৰ প্ৰৱৰ্ত্তনকাৰীসকলে সেই অনুসাৰেই চলে। পৰাচিত হোৱাৰ আগেয়ে লঘোণে থকাটো নিয়ম। সেই দোষ মোৰ; সেই লঘোণটো কৰাপাটতে হৈ গ'ল। বাঘে যদি খালেহেঁতেন! মোকতো সত্ৰে মাতি অনা নাছিল। মই নিজেহে স্বইচ্ছাত আহিছিলো। মোৰ যদি আগ্ৰহ নেথাকিলেহেঁতেন তেনেহলে মই ভাটিবেলাতে ওচৰৰ গাঁৱলৈ গৈ আশ্ৰয় ললোঁহেঁতেন। মোৰ একান্ত ইচ্ছা হৈছিল যে দেহ যায় যদিও তথাপি মই সেই ঠাইৰ পৰ আনুঠো। সেই কাৰণে বাঘে আহি মোক ভয় খুৱাইছিল; কিন্তু ক'তা? মোক নেখালে দেখোন। বিশেষ পাপ নকৰিল এনেকুৱা সিদ্ধস্থানবিলাকৰ বনৰীয়া হিংসুক জন্তুৱেও অপকাৰ নকৰে। বাঘটোৱে সত্ৰৰ ফালে মূৰ দোঁৱাই সেৱা কৰিহে গৈছিল যেন লাগিছিল।"

 ডাঙৰীয়া—"আতৈ! আপোনাৰপৰা ভালেমান কথা জানিলোঁ। এতিয়া উঠিলোঁহে; কিন্তু মোৰ আৰু কেইটামান বিষয় আঁতিগুৰি মাৰি আপোনাক সুধিবৰ ইচ্ছা ৰ'ল।" [ ৪৭ ]
 আতৈ—"বাৰু আকৌ কাইলৈ আহিব। যি সোধে শক্তি চাই তাৰ উত্তৰ আপোনাক জনাম।"

 ডাঙৰীয়া উঠি গ'ল; কিন্তু তেওঁৰ প্ৰাণত খেলিব ধৰিলে "প্ৰভু! তোমাৰ কৃপাত নিৰ্ম্মল আতৈ ধন্য। নিৰ্ম্মল আতৈ ধন্য! নিৰ্ম্মল আতৈ দৰাচলতে ত্যাগী, সিদ্ধ মহাপুৰুষ। ময়ো ধন্য যে এনেকুৱা এজন বীৰ, ত্যাগী, দেশহিতৈষী, প্ৰেমিক মহাপুৰুষেৰে সৈতে মন প্ৰাণ খুলি কথা-বতৰাৰ সুবিধা পাইছোঁ। শাস্ত্ৰৰ বিধান বা কেনে কোমল! কেনে কঠোৰ! আৰু বুজিলে কেনে যুক্তিপূৰ্ণ।


চতুৰ্ব্বিংশ অধ্যায়

 পিছদিনা ডাঙৰীয়াজন আকৌ যথাসময়ত আতৈৰ ওচৰতে আহি বহিল। আতৈয়ে ক'লে—"ডাঙৰীয়া! আপুনি কি সুধিব খুজিছে সোধক।" ডাঙৰীয়াজনে ক'লে—"আতৈ! মোৰ কথাটো এই—আপুনি কৰাপাততে সপোনত আপোনাৰ কৃষ্ণক যেতিয়াই দেখিছিল তেতিয়াইতো আপোনাৰ সিদ্ধি হৈয়ে গৈছিল, এনেস্থলতো আপোনাৰ আকৌ গুৰু লৈ শৰণ ভজন, দীক্ষা ইত্যাদি ল'বৰ কি আৱশ্যক আছিল? মোৰ মনেৰে হলে এই গুৰুগিৰিটো গুৰুসকলৰ নিজৰ ৰোজগাৰ বঢ়োৱাৰহে বাট। ক্ষমা কৰিব মই এই ফেৰা টান কথা কলোঁ।"

 আতৈ—"ডাঙৰীয়া। আপুনি এইষাৰ টান কথা ক'লে। বাৰু মই কওঁ শুনক—হিন্দু ধৰ্ম্মৰ বাটত চলিবলৈ হলে গুৰু নহলেও নহয়। ধৰ্ম্মৰ বাট বৰ জটিল। সেই বাটেদি যাবলৈ হলেই বাট দেখুৱাওঁতা এজন লাগিবই। বাট দেখুৱাওঁতা নহলে বৰকৈ খুন্দা কাটল খাই ক'ৰবাত হাত-ভৰি ভাঙিব পাৰে। গু মানে আন্ধাৰ আৰু ৰু মানে যি সেই আন্ধাৰ হৰণ কৰি পোহৰ দেখুৱাই দিয়ে। গুৰুৱে দেখুৱাই নিদিলে বা চলাই নিনিলে, কি কৃষ্ণ-বিষ্ণু; কি শিৱ-দূৰ্গা, কি সূৰ্য-গণেশ কাকো পোৱা নাযায়। মোৰ বিচিনা নিঃকিনৰ কথা এৰকেই, যিসকল অৱতাৰী পুৰুষ হৈ গৈছে সেই সকলোকো লোক-শিক্ষাৰ অৰ্থ হলেও গুৰুৰ আৱশ্যক হৈছিল। বিনা গুৰুৱে হিন্দু ধৰ্ম্ম লাভ নহয়। হিন্দু ধৰ্ম্মটোৱেই গুৰু আৰু ব্ৰাহ্মণ এই দুটা ভেটিৰ ওপৰত স্থাপিত। এই দুটা বাদ দিলে হিন্দুধৰ্ম্ম নাথাকে। আপুনি কৈছে যে মই যেতিয়াই [ ৪৮ ] কৰাপাটতে ঈশ্বৰ কৃষ্ণক সপোনত দেখিলো মোৰতো সিদ্ধিয়ে হ'ল। মোক আৰু কেলেই গুৰু লাগিছিল। ডাঙৰীয়া! আপুনি নিজৰ মনতে, নিজৰ অভিজ্ঞতাৰ ওপৰতে নিৰ্ভৰ কৰি ভাবি চাওকচোন মন বোলা এই বস্তুটো কেনে চঞ্চল। আজি আপোনাৰ মনত, সংসাৰত কিছু ঠেলা-হেঁচা খাই বৰ বৈৰাগ্য উপস্থিত হ'ল; কাইলৈ বা পৰহিলৈ সংসাৰৰ ঠেলা-হেঁচা আঁতৰি গৈ আপোনাক বৰ সুখৰ অৱস্থাত তুলিলে, তেতিয়া আপোনাৰ মনত সেই দুখৰ অৱস্থাত ওপজা বৈৰাগ্য ভাবটো থাকেনে বা থাকিব খোজেনে? আপুনি পাব পাৰে গীতাত অৰ্জ্জুনৰ নিচিনা ভক্তেও প্ৰভু কৃষ্ণক কৈছে— "চঞ্চলং হি মনঃ কৃষ্ণ প্ৰমাথি বলবদ্দধং তস্যাহং নিগ্ৰহং মনো বায়োৰিব সুদুষ্কৰং।" ইয়াৰ উত্তৰত প্ৰভু কৃষ্ণে কি কৈছে তাকো মনত কৰকচোন— "অসংশয়ং মহাবাহো! মনোদুনিগ্ৰহঃ চলং অভ্যাসেন তু কৌন্তেয়। বৈৰাগ্যেন চ গৃহ্যতে।" ডাঙৰীয়া! মন বৰ চঞ্চল বস্তু। অৱশ্যে তিৰোতাজনী দেখি অহাৰ পিছত মই বৈৰাগ্য ভাবত সপোনত কৃষ্ণক দেখিছিলোঁ; সিমানতে বা দীক্ষা-ভজন নল'লোহেঁতেন তেনেহ'লে ডাঙৰীয়া! আপুনি ডাঠি ক'ব পাৰেনে যে মই আজি এই অৱস্থাতে থাকিলোঁহেঁতেন? মোৰ মনৰ পৰা সেই কৃষ্ণ কিজানি কিমান দূৰলৈ গ'লহেঁতেন আৰু কৃষ্ণৰ ঠাইফেৰা হয়তো কত ৰকম ভূত-প্ৰেত অৰ্থাৎ পাপভাবে অধিকাৰ কৰিলেঁহেঁতেন তাকনো কোনে কব পাৰে?"

 ডাঙৰীয়া—"আতৈ! মই কথাটো নুবুজিলো। গুৰুধাৰণ নকৰা হ'লেও কিজানি আপুনি শুদ্ধ মনেই থাকিলহেঁতেন, গুৰুধাৰণ কৰিহে আপুনি শুদ্ধমনে ৰৈছে তাৰনো প্ৰমাণ কি?"

 আতৈ—"ডাঙৰীয়া! আপোনাক সহজভাব কওঁ। সপোনত কৃষ্ণ যেন নিধি অকস্মাৎ কেতিয়াবা পালেও বা দেখিলেও দিঠকত সেই নিধি প্ৰায় পাহৰা যায়। গুৰুধাৰণৰ পৰা অৰ্থাৎ গুৰুধাৰণ আৰু গুৰুৰ পৰা নাম, মন্ত্ৰ, ভজন ইত্যাদি লোৱাৰ পৰা এইটো হয় যে যি ইষ্ট তুমি সপোনত দেখিলা সেই ইষ্টৰ ধাৰণা গুৰুৱে দিয়া নাম, মন্ত্ৰ দীক্ষাৰ পৰা হৃদয়ত দকৈ বহে। অন্তত গুৰুৱে দিয়া মন্ত্ৰ নিতে সংগোপনে আবৃত্তি কৰিলে আৰু শ্ৰৱণ, কীৰ্ত্তন, মনন, নিধিব্যাসন ইত্যাদি নিতৌ কৰিলে তোমাৰ ইষ্টৰ নাম আৰু ৰূপহৃদয়ৰ পৰা অতি সহজে আঁতৰি যাব নোৱাৰে। আঁতৰিব খুজিলেও এইবিলাক নিত্য ক্ৰিয়াই বাট ভেটি ধৰিব। অৰ্থাৎ প্ৰভু কৃষ্ণৰ নাম তোমাৰ অন্তৰৰ পৰা, [ ৪৯ ] তেওঁৰ ৰূপ তোমাৰ হৃদয়ৰ পৰা সহজে যাব নোৱাৰিব। এইদৰে এই সমস্ত নিত্য ক্ৰিয়া কৰোঁতে কৰোঁতে অভ্যাসৰ বলত সেই নাম তোমাৰ জীৱ আত্মাৰ অংশ স্বৰূপ হৈ পৰিব। জীৱনত এই নাম আৰু ৰূপ তোমাৰ মনৰ অংশৰ নিচিনা হৈ গ’লে মৰণ কালত সেই নাম মুখেৰে আহিব আৰু সেই ৰূপ তোমাৰ হৃদয়ত অংকিত হ’ব। সেয়ে হ’লে তুমি মৃত্যুৰ সিপাৰলৈ গৈ তোমাৰ হৃদয়ৰ ধন সেই কৃষ্ণক পাবাগৈ। শাস্ত্ৰে কয়—"যাদৃশি ভাবনাৰ্যস্য সিদ্ধিৰ্ভবতি তাদৃশি।" গুৰুসকলেও ইয়াকেহে শিকায়। ইয়াকেইহে প্ৰভু কৃষ্ণে "অভ্যাস" আৰু "বৈৰাগ্য" বুলিছে। মই সপোনত কৰাপাটত যি ৰূপ দেখিছিলো সেই ৰূপকে ধ্যান কৰিবলৈ, সেই ৰূপকে গাবলৈ, স্তুতি কৰিবলৈ, কীৰ্ত্তন কৰিবলৈ, সেই প্ৰভুৰ নামকে ল’বলৈ মোৰ প্ৰাণৰ গুৰুদেৱে উপায় দিছে আৰু লগত পাৰ্ষদৰূপে ৰাখিও তাকেহে শিকাইছে। ডাঙৰীয়া! চাওক গুৰু কেনে পৰম বস্তু। কেনে বন্ধু, পিতা, আশ্ৰয়দাতা। গুৰু সাক্ষাৎ ভগৱান! আনকি গুৰুৰ আকাৰ কৃষ্ণ বুলিলেও হানি নাই। মোলৈ হলে বৰং কৃষ্ণকে নালাএ তথাপি মোক গুৰু লাগে। গুৰুক পালেহে কৃষ্ণক পাম। গুৰুক নাপালে কৃষ্ণকো নাপাওঁ। গুৰু তুষ্ট হ'লেহে কৃষ্ণ তুষ্ট হয়। ডাঙৰিয়া হিন্দুৰ গুৰু পৰম ধন— বিশেষ মন্ত্ৰদাতা গুৰুজন। ডাঙৰীয়া! মই এইখিনিতে আকৌ নাগাই নোৱাৰোঁ— "গুৰু মোকে দয়া নাছাড়িবা এ।" ডাঙৰীয়াজনে ক'লে—"আতৈ! কথা এটা আকৌ সোধোঁ। সপোনৰ কৃষ্ণ এটা মায়া বা মৰীচিকা মাথোন নহয়নে? আৰু সেই মৰীচিকাৰ অৰ্থে সমস্ত জীৱনটোকে এই পৃথিৱীৰ এই সুখভোগ ত্যাগ কৰি দুখেৰে কটোৱাটোনো কি ভাল? ছাঁয়া এটাৰ পিছে পিছে ফুৰি জীৱন কটোৱাৰ লাভ কি? সংসাৰলৈ আহিছোঁ খাম-ল'ম সুখেৰে থাকিম, তাকে নকৰি কৃষ্ণ কৃষ্ণ বা দুৰ্গা দুৰ্গা বা শিৱ শিৱ বুলি ছাঁয়া এটা খেদি ফুৰাৰ লাভ কি?"

 আতৈ—"ডাঙৰীয়া! আপুনি মোক আকৌ অন্যায় কথা সুধিলে। অৱশ্যে আপুনি যেতিয়াই মোত নিৰ্ভয়ে কথা সুধিবলৈ আগেয়ে অনুমতি লৈছে, অৱশ্যে তেতিয়াই মই আপোনাৰ এনেকুৱা নাস্তিক ভাবৰ প্ৰশ্নৰো যথাসাধ্য উত্তৰ দিওঁ শুনক। আপুনি দেৱীৰ, কৃষ্ণৰ, শিৱৰ ৰূপকেইটাক ছাঁয়া বা মৰীচিকা-মায়া বুলিছে। বাৰু! মই সোধোঁ— আপোনাৰ এই দেহটো আনকি গোটেই জীৱনটো এটা মায়া বা ছাঁয়া নহয়নে? ধন, ঐশ্বৰ্য্য, বিভূতি, পুত্ৰ, কন্যা, স্ত্ৰী ইত্যাদি সকলো অনিত্য নহয়নে? আপোনাৰ আৰু মোৰ নিজৰনো [ ৫০ ] কোনটো বস্তু? বাপেকৰ আগত পুতেক মৰি যায়, বাপেকে দেখোন ৰাখিব নোৱাৰে। পত্নীৰ আগত পতি মৰি যায়, পত্নীয়ে ৰাখিব পাৰেনে? এই যে গছডাল দেখিছে ইও ছায়া বা মায়াহে। যিহেতু ইও অনিত্য, এদিন মৰি পচি-সৰি যাব। এই যে বিশাল ব্ৰহ্মপুত্ৰ নদটো দেখিছে ইয়াৰ গতিও এদিন লৰিব। ইও ছায়াহে। আপোনাৰ, মোৰ এই যে সুন্দৰ দেহ দেখিছোঁ ইও এদিন প্ৰাণবায়ুটো গ'লে পুৰি ছাঁই-ভস্ম হৈ মাটিৰ লগত মিলিব। এই সমস্ত বিশ্বসংসাৰো হয়তো সময়ত, কোটি কোটি যুগৰ পিছত লৰিব। কাজে কাজে এই সমস্ত বিশ্বসংসাৰেই ঈশ্বৰৰ ছায়া বা মায়াৰহে বিকাশ- অনিত্য। ঈশ্বৰেহে আচল সত্য বস্তু। সেই ঈশ্বৰক যেয়ে যিভাৱে ভাল পায় সেইভাৱে মাতে বা চিন্তে। যদি ঈশ্বৰক নিচিন্তি কেৱল খোৱা, শোৱা, পিন্ধা-উৰাত জীৱনটো কটোৱা যায় তেনেহ’লেনো মানুহৰে আৰু পশুৰে প্ৰভেদ কি? আৰু সংসাৰত সকলো জাতৰ মানুহৰেইনো ধৰ্ম্ম আছে, ঈশ্বৰ আছে বুলি কেলেই কয়? ডাঙৰীয়া, মানৱী জনমটো অকল বিষয়-সুখতে কটোৱাটো উচিত হোৱা হলে ৺মাধৱদেৱৰ নিচিনা মহাপুৰুষে নাগালেহেঁতেন—

বিষয় সম্বন্ধ   ইন্দ্ৰিয়ৰ সুখ
সমস্ত যোনিতে পায়।
পৰম দুৰ্ল্লভ   হৰিৰ ভকতি
মনুষ্যত পৰে নাই।।

 খোৱা-লোৱা-থকাই মনুষ্য-জনমৰ চৰম লক্ষ্য হোৱা হ’লে, ধৰ্ম্ম বোলা এটা বস্তু, ঈশ্বৰ বোলা এটা ভাব, এই পৃথিৱীত নেথাকিলহেঁতেন আৰু এই ধৰ্ম্ম আৰু ঈশ্বৰৰ অৰ্থে অসংখ্য নৰ-নাৰীয়ে, মহা মহা পুৰুষসকলে যুগ-যুগান্তৰৰ পৰা নিজৰ নিজৰ জীৱনবিলাক উছৰ্গা নকৰিলেহেঁতেন।"

 ডাঙৰীয়া—"আতৈ! মই যে কৈছিলোঁ গুৰুৱে যে শৰণ-ভজন ইত্যাদি দিয়ে এইবিলাক প্ৰথাও গুৰুসকলৰ ৰোজগাৰৰ বাট বহল কৰাৰহে ফাঁকতি। ইয়াৰ উত্তৰ কি? শিষ্যৰ জানিবা ঈশ্বৰ কৃষ্ণলৈ যাব পৰা বাটটো চিনাই দিয়াৰ বাবে লাভ হ’ল। গুৰুৰনো নিজা লাভ কিটো?"

 আতৈ—"ডাঙৰীয়া! গুৰুৱে যদি শৰণ দিয়া, শিক্ষা দিয়া, নামমন্ত্ৰ দিয়া এইবিলাক কাৰ্য্য কেৱল নিজৰ জীৱিকাৰ উপায় কৰা বা ৰোজগাৰ বঢ়োৱাৰ বাট বুলি ভাবে তেন্তে দৰাচলতে গুৰুগিৰি দোকানদাৰিত পৰে। কিন্তু যদি গুৰুসকলে শিষ্যৰ নিস্তাৰৰ কাৰণে এই সমস্ত দিয়ে তেন্তে [ ৫১ ] দৰাচলতে এইবিলাকে শিষ্যৰ যে উপকাৰ কৰেই গুৰুৰো উপকাৰ কৰে। ধৰ্ম্মৰ এটা প্ৰধান অঙ্গ দান। ধন, সোণ, মাটি, বৃত্তি দিয়াও দান। অপৰ বিধৰ দানতকৈ পিছৰ বিধৰ দান শ্ৰেষ্ঠ, যেহেতু অপৰ বিধৰ দানে দান গ্ৰহণ কৰোঁতাজনৰ ক্ষণিক অথবা এই জীৱনৰ কালটোৰহে উপকাৰ সাধিব পাৰে। কিন্তু ঈশ্বৰৰ নাম-মন্ত্ৰ দানে এই জীৱন, পৰজীৱন, উভয় জীৱনৰে উপকাৰ সাধে। সেইদেখি এনেকুৱা স্থায়ী দান দিওঁতাজন ঈশ্বৰৰ প্ৰিয় হয়। এই দানে গুৰুক অক্ষয় বৈকুণ্ঠ দিয়ে।"

 ডাঙৰীয়া—"আতৈ! আপোনাৰ বাখ্যা মনোৰম। কিন্তু আৰু এটি কথা সোধো। গুৰুনো কেইপ্ৰকাৰ? মূল গুৰুনো কোন?"

 আতৈ—"ডাঙৰীয়া! প্ৰত্যেক নৰ-নাৰীৰে হিন্দুধৰ্ম্ম মতে আদি গুৰু পিতৃ-মাতৃ। পিতৃ সাক্ষাৎ কৃষ্ণ বা শিৱ বা ব্ৰহ্মা, মাতৃ সাক্ষাৎ ভগৱতী। এই সাকাৰ পিতৃ-মাতৃৰ ভাবৰে পৰা নিৰাকাৰ পিতৃ-মাতৃৰ ভাব উৎপন্ন হয়। "পিতা স্বৰ্গ পিতা ধৰ্ম্ম পিতাহি পৰমন্তপ" মাতৃ "দেবী, গঙ্গা।" যিসকলৰ পিতৃ-মাতৃ আছে সেইসকলে পিতৃ-মাতৃৰ অৰ্চ্চনা কৰিলেই সমস্ত ধৰ্ম্ম লভিব পাৰে। নিৰাকাৰ পিতৃ বা মাতৃ ভাবৰ বীজ যিজনে দিয়ে সেইজনেই দীক্ষাগুৰু। যিসকলে এই পিতৃক বা মাতৃক কেনেকৈ ভাবিব লাগে, কেনেকৈ পূজিব লাগে ইত্যাদি কৰ্ম্ম, আনকি লিখা-পঢ়া শিকায় বা কোনো বিষয়তে জ্ঞান দান কৰে সেইসকলেই শিক্ষাগুৰু। যিজনে পোহপাল বা ৰোজগাৰৰ বাট দিয়ে সেইজনেই অন্নদাতা গুৰু। মূল গুৰু পিতৃ-মাতৃ দীক্ষাগুৰু এজন, শিক্ষাগুৰ অনেক।"

 ডাঙৰীয়া—"আতৈ, আকৌ মই নকৈ নোৱাৰোঁ; ক্ষমা কৰিব। আপুনি যদি বিয়া-বাৰু কৰাই ঈশ্বৰ কৃষ্ণৰ চিন্তাৰ লগে লগে সতি-সন্তান ঘটিলেহেঁতেন তেনেহলে আপুনি, মোৰ বিবেচনাৰে, দেশৰ মহৎ উপকাৰ সাধিলেহেঁতেন। তাকে নকৰি আপুনি এই দীঘল মানৱী জনমটো উদাসীনভাৱে কটাই আপুনি জানিবা নিজৰ গতি সাধিলে, কিন্তু আপোনাৰ মৰমৰ অসমৰ অৰ্থেনো কি কৰিলে?"

 আতৈ—(হাঁহি হাঁহি) "ডাঙৰীয়া! আপুনি সেই একেটা কথাতেই বাৰে বাৰে হেঁচা দিছে। বাৰু! মই যদি আকৌ বিয়া কৰাই সতি-সন্তান কেতসোপামান তুলিলোঁহেঁতেন তেনেহ'লেই মই দেশৰ মহৎ উপকাৰ কৰা হ'লহেঁতেন নে? মনত কৰক, মই জানিবা সাত বেটাৰ বাপ হলোঁহেঁতেন [ ৫২ ] কিন্তু মোৰ সাতোটা বেটাৰ এটা বাঘে-খোৱা, এটা দগধা চোৰ, এটা ডকাইত, এটা গোবধী, এটা ব্ৰহ্মবধী, এটা নৰহত্যাকাৰী ইত্যাদি হ'লহেঁতেন তেনেহলেনো মই সংসাৰ কৰি দেশৰ উপকাৰ সাধিলোঁহেঁতেন নে অপকাৰ সাধিলোঁহেঁতেন তাকে কওকচোন? আপুনি ডাঠি ক'ব নোৱাৰে যে মোৰ ল'ৰা কেউটা লক্ষ্মীৱন্ত, গুণৱন্ত হ'লহেঁতেন। বিশেষ ডাঙৰীবা! মই যেতিয়া এবাৰ বিবাহ কৰিয়ে সুখী নহলোঁ; তেনেস্থলত আকৌ বিয়া কৰাই জানো সুখী হ'লোহেঁতেন? সুখীয়েও হওঁ বা দুখীয়েই হওঁ মোৰ মনৰ গতি এইদৰে চলিল যেতিয়া এইদৰেই হ'ল। ইয়াত অমূলক কথা এটা ধৰি বিষাদ কৰিবৰ একো নাই।"

 এই কথা-বতৰাৰ পিছত ডাঙৰীয়াজনে ক'লে—"আতৈ! আজি আৰু বেলি হ'ল। মোৰ আৰু এটা সুধিবলগীয়া আছে। কাইলৈ আকৌ সুধিমহি। বেজাৰ নেপাব।"

 আতৈ—"কোনো কথা নাই, সুধিবহি। অকপটচিত্তে উত্তৰ দিম।"


পঞ্চবিংশ অধ্যায়

 পিছদিনা যথাসময়ত ডাঙৰীয়াজনে আকৌ আহি আতৈক সুধিলে—"আতৈ! মোৰ শেহ প্ৰশ্ন এই দুটি—প্ৰথমতঃ, আপুনি সেই ৪৫ বছৰ বয়সৰে পৰা অৰ্থাৎ সত্ৰত আশ্ৰয় লবৰে পৰা এই দীৰ্ঘ কালটো ব্ৰহ্মচৰ্য্য ৰাখিব পাৰিছিলনে? যদি পাৰিছিল কি উপায়েৰেনো প্ৰবৃত্তিক অৰ্থাৎ কাম ৰিপুটোক জয় কৰিছিল? দ্বিতীয়তঃ, আপুনিনো মৰমৰ অসম মাতৃৰ কি উপকাৰ সাধিলে? অৱশ্যে আপুনি নিজৰ উপকাৰ সাধিছে কিন্তু দেশৰ হকেতো একো উপকাৰ নকৰিলে।"

 আতৈয়ে হাঁহি হাঁহি ক'লে—"ডাঙৰীয়া! আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰত ইয়াকে কওঁ যে ঈশ্বৰত একান্ত ভক্তি কৰি মনক তেওঁত লয় কৰিব পাৰিলেই প্ৰবৃত্তিবিলাকৰ আপোনা-আপুনি দমন হয়। প্ৰকৃতিয়েও জীৱক প্ৰতিহিংসা নকৰি বৰং সহায়হে কৰে। এই সত্ৰত পুৱা-গধূলি-দুপৰীয়া প্ৰায় সকলো সময়তে ভগৱন্ত পুৰুষৰ উদ্দেশ্যে নাম-গুণ চলিবই লাগিছে। ইয়াৰ উপৰিও আন আন সময়ত আমাৰ ভকতেৰে সৈতে পৰস্পৰ কথা-বতৰা পাতোঁতেও আনকি ঈশ্বৰ পুৰুষৰ লগত কথা-বতৰা হওঁতেও কেৱল ধৰ্ম্মৰ [ ৫৩ ] বিষয় লৈহে আলাপ হয়। আহাৰ-বিহাৰত আমি কঠোৰতাৰে চলোঁ। প্ৰকৃতিৰ অৰ্থাৎ স্ত্ৰীজাতিৰ সত্ৰলৈ সমাগমো সৰহকৈ হ'ব নিদিয়ে। এইবিলাক কাৰণে আৰু আচাৰ-অনুষ্ঠানো, আমাৰ মনো সততে কৃষ্ণতে আৱদ্ধ থাকে। কাজে কাজে প্ৰবৃত্তিয়ে অৰ্থাৎ কাম ৰিপুৱে আহি মনক আকৰ্ষণ কৰিবলৈ সময় নাপায়। নাম লোৱা, পূজা-পাতল কৰা সময়খিনি সেইবিলাক কৰোঁতেই যায়। কিছু সময় নিজৰ চাউলমুঠি বানি-খুন্দি লৈ সিজাই-পকাই খাওঁতেই যায়। কিছু সময় ঈশ্বৰ পুৰুষৰ ওচৰত বহি ধৰ্ম্মৰ আলাপ কৰোঁতে ধৰ্ম্মৰ তত্ত্ব লওঁতে যায়। আৰু মোৰ নিজৰ বিষয়ে হ'লে এইবিলাকৰ উপৰি যি সময় পাইছিলোঁ সেই সময়বিলাকত মই নিজ সত্ৰ, আনকি আন আন সত্ৰতো ঈশ্বৰ পুৰুষৰ আদেশমতে নামঘৰবিলাকৰ চৌতিমাৰলী ইত্যাদি ধুনীয়াকৈ কাটি অঁতাই-পিটাই মিস্ত্ৰী কাম কৰিছিলোঁ। মই আনকি নিজৰ পূৰ্ব্বকালডোখৰৰ কথাকে ভাবিবলৈ সময় নাপাইছিলোঁ। এইদৰেই জীৱন কটাওঁতে কটাওঁতে প্ৰবৃত্তি আপোনা-আপুনি দমন হৈ গৈছিল। আপুনি জানিবই পাৰে মই দুসাজ ভাত নাখাওঁ। ২৪ ঘণ্টাৰ ভিতৰত কোনোৰকমে নিৰামহীয়া ভাত খাই জীৱনটো কটালোঁ।"

 ডাঙৰীয়া—"আতৈ! বাৰু কওকচোন কেতিয়াও, কস্মিনকালেও কেতিয়াবা ৰাতি শুবৰ সময়তো আপোনাৰ ৰূপহীলৈ আৰু প্ৰবৃত্তিৰ বস্তু তিৰোতা জাতিলৈ মনত পৰা নাছিলনে?"

 আতৈ—"ডাঙৰীয়া! আপুনি বৰ বিষম ধৰণৰ লোক। এইষাৰত আপুনি বেজাৰ নাপাব। আপুনি মনৰ গুপুত বিষয়কো খোচাৰিছে। অৱশ্যে মই যেতিয়াই আপোনাক বাক্য দিছোঁ যে মই আপোনাক যিহকে সোধে অকপটচিত্তে ক'ম, তেতিয়াই আপোনাক কওঁ শুনক। ৪৫ বছৰ বয়সৰে পৰা তিনি কুৰি বছৰলৈকে মাজে মাজে মনলৈ প্ৰবৃত্তিৰ ভাব নাহিছিল তেনেকুৱা নহয়। সত্ৰত সোমোৱাৰ প্ৰথম তিনি বছৰমানলৈকে মোৰ মনত সেই নৰঘনশ্যাম কৃষ্ণহে অহৰ্নিশ আছিল। তিনি বছৰৰ পিছৰ পৰা অৱশ্যে সেই মূৰ্ত্তি অলপ অলপকৈ আঁতৰিছিল। কিন্তু ৰূপ আঁতিৰলেও নাম আঁতৰিব নোৱাৰিছিল যেহেতু আমাক ঈশ্বৰ পুৰুষে নামৰ ওপৰতে ২৪ ঘণ্টা ৰ'বলৈ শিকাইছিল। চাৰি-পাঁচ বছৰৰ পিছৰ পৰা অৱশ্যে কাচিৎ মাজে মাজে প্ৰকৃতিৰ ভাব আহিলেও মোৰ সেই মৰমৰ মাহীৰ ৰূপে আৰু মাহীৰ ৰূপৰ লগত দেৱীৰ ৰূপে লোভৰ সামগ্ৰী প্ৰকৃতিক খেদি দিছিল। সেইদেখি ডাঙৰীয়া! [ ৫৪ ] অভ্যাসৰ দ্বাৰা ধীৰে ধীৰে শেহত প্ৰকৃতি দেৱী মোৰ ওপৰত সন্তুষ্ট হৈছিল। প্ৰকৃতি দেৱীয়ে মোক কৃষ্ণক পাবলৈহে সহায় কৰিছিল।"

 ডাঙৰীয়া—"তেন্তে আতৈ! মই আপোনাৰ কথাৰ পৰা ইয়াকে বুজিলোঁ যে প্ৰকৃতিৰ পৰিশোধৰ পৰা হাত সাৰি ব্ৰহ্মচৰ্য্য অক্ষুণ্ণ ৰখিবলৈ এইকেটাই উপায়—

 ১ম। ঈশ্বৰৰ নাম আৰু ৰূপত মন লয় কৰা।
 ২য়। লয় নহয় মানে ধৰ্ম্মৰ আচাৰ আৰু অনুষ্ঠানত আৱদ্ধ থকা।
 ৩য়। আচাৰ-অনুষ্ঠান কৰা সময় বাদ দি যিফেৰা সময় থাকে সেই সময়ফেৰাত দিনৰ ভাগত হ'লে খুব শাৰীৰিক কামত আৱদ্ধ থকা।
 ৪ৰ্থ। নিশা ইমানবিলাকৰ ওপৰতো প্ৰকৃতিৰ উত্তেজনা আহে তেন্তে দেৱীক আৰাধনা কৰা অথবা নিজৰ মাক, মাহীয়েক, ভনী আদিৰ চিন্তা কৰা।"

 আতৈ—"হয় ডাঙৰীয়া! প্ৰকৃতিক দমাবলৈ হ'লে এই চাৰিটাই প্ৰধান উপায়। এই চাৰি ৰকম উপায়েৰেই হিন্দুৰ ঋষি, মুনি, যোগী মহাত্মাসকলে প্ৰকৃতিক জয় কৰিছিল।"

 ডাঙৰীয়া—"আতৈ! আৰু আপুনি জানিবা সত্ৰত সোমোৱাৰ আগেই সংসাৰত বৰ কষ্ট পাই এইদৰে প্ৰকৃতিক জয় কৰি ব্ৰহ্মত মন সমৰ্পন কৰিছে কিন্তু এটাইবিলাক উদাসীনেই এইদৰে কৰেনে?"

 আতৈ—"ডাঙৰীয়া! এটাইবিলাকৰ কথানো কেনেকৈ ক'ম? কাৰ মননো কিদৰে জিত হয় তাকে বা কেনেকৈ ক'ম? মাত্ৰ এইটোকে ক'ব পাৰোঁ যে যি উদাসীনৰ মন কোনোৰকমেই ব্ৰহ্মচৰ্য্যত স্থিত নহয় সেই উদাসীনকেই আমাৰ সত্ৰত হ'লে সত্ৰৰ পৰা উলিয়াই দিয়ে। কেতিয়াও জোৰ-জবৰদস্তি কৰি নাৰাখে। বিশেষ, সত্ৰ প্ৰভু বনমালী দেৱৰ মাহাত্ম্যত শক্তিৰো এফেৰা বল আছে অৰ্থাৎ এই সত্ৰত ঈশ্বৰৰ মাতৃভাবটোও শুদ্ধাচাৰভাৱে থকাৰ কাৰণে ইয়াত উদাসীন ব্ৰহ্মচৰ্য্য অক্ষুণ্ণ থাকে। আন সত্ৰাদিত কি হয় ক'ব নোৱাৰোঁ।"

 ডাঙৰীয়া—"আতৈ! আপুনি ক'ব পাৰেনে ৰূপহী এতিয়াও জীয়াই আছে?"

 নিৰ্ম্মল আতৈ—"ডাঙৰীয়া! সেইটোনো কেলেই লাগিছে? শুনাত শুনিছো ৰূপহী জীয়াই আছে। তাইৰ এতিয়া ল'ৰা-ছোৱালী, নাতি-পৰিনাতি ইত্যাদিৰে ভৰপূৰ।"
[ ৫৫ ]  ডাঙৰীয়া—"অনিৰাম আৰু ৰূপহী এই সত্ৰৰে সেৱক নহয় জানো?"

 নিৰ্ম্মল আতৈ—"হয়।"

 ডাঙৰীয়া—"তেন্তে তাইনো আপুনি জীয়াই থকা বুলি শুনা নাইনে?"

 নিৰ্ম্মল আতৈ—"অৱশ্যে নেই শুনা। বিশেষ, ঈশ্বৰ পুৰুষে সকলো ভকতকে দঢ়াই দঢ়াই হুকুম দিছিল যে গাঁৱলৈ ধৰ্ম্ম উপলক্ষে ভকত গ'লেও এই বষয়ে অৰ্থাৎ মই "জীয়াই আছো" বুলি ৰূপহীৰ গাৱঁত কৈ যেন কোনো অপকাৰ নকৰে।"

 ডাঙৰীয়া--""বাৰু, ৰাসৰ সময়তো আজি অত বছৰে অনিৰাম আৰু ৰূপহী এই সত্ৰলৈ অহা নাইনে? আপুনি সিহঁতক কেতিয়াও দেখা নাইনে?"

 নিৰ্ম্মল আতৈ--"আজি গ'ল তিনি কুৰি বছৰৰ ভিতৰত সিহঁত কেবাবেলিও আহিছিল। আহিলেও মই দেখা দিয়া নাছিলোঁ। মই সেইকেইবাৰ ঈশ্বৰ পুৰুষৰ অনুমতিক্ৰমে আন চহৰৰ ফালে গৈছিলোঁ।"

 ডাঙৰীয়া—"সিহঁতক দেখা হলে আপোনাৰ মনত কোনো বিকাৰ নহ'লহেঁতেন নে?"

 নিৰ্ম্মল আতৈ—"ডাঙৰীয়া! ক'ব নোৱাৰোঁ, মোৰ নহলেও কিজানি সিহঁতৰ হ'লহেঁতেন। মোৰ কাৰণে সিহঁত অসুখী হোৱা হ'লে মোৰ গাত পাপ লাগিলহেঁতেন। সেইদেখি মোৰ পৰম দয়ালু সিদ্ধ ঈশ্বৰ গুৰু বাসুদেৱ প্ৰভুৱে মোক আঁতৰাই আঁতৰাই ৰাখিছে।"

 ডাঙৰীয়া—"আতৈ! মোৰ সকলো প্ৰশ্নৰে উত্তৰ পালো; কিন্তু মোৰ যে শেষ প্ৰশ্ন অৰ্থাৎ আপুনি দেশৰ হকে কি কৰিলে ইয়াৰ উত্তৰ কি?"

 নিৰ্ম্মল আতৈ—"ডাঙৰীয়া! মইনো ইয়াৰ উত্তৰ কি দিম? যেতিয়া ডেকা আছিলো তেতিয়া দেশৰ হকেই সাহেৰে সৈতে যুঁজিছিলো। যেতিয়া মানদেশৰ পৰা উলটি আহিলো তেতিয়া দেখিলো যে মোৰ দেশ বৃটিছ-সিংহৰ সুশাসনৰ তলত। দেশত শান্তি স্থাপিত। দেশখনত এনেকুৱা কোনো বিপদ নাছিল যে মই সেই দেশৰ হকে আকৌ জীৱটো দিওঁ। মই আহি মনৰ বৈৰাগ্যত সত্ৰ সোমালো। মই এই সত্ৰত সোমাবৰে পৰা প্ৰায় অনেক সত্ৰতেই গুৰু ঈশ্বৰৰ আদেশ অনুসৰি কাঠৰ কাম কৰি দিছিলোঁ। নিজ সত্ৰ, পৰ সত্ৰবিলাকতো ডাঙৰ ডাঙৰ নাও অঁতাই-পিটাই দিছিলোঁ। শিকিব খোজা দুই-চাৰিজন মানুহকো এই কাম শিকাইছিলোঁ। ইয়াৰ উপৰিও ঈশ্বৰ পুৰুষৰ আজ্ঞাত ঠায়ে ঠায়ে জটিল মেল-মোকৰ্দ্দমা নিষ্পত্তি কৰিও ফুৰিছিলোঁ। সত্ৰবিলাকত ভাওনাৰ সাজপাৰো সাজি দিছিলোঁ। আৰু সত্ৰ সম্পৰ্কীয় যি [ ৫৬ ] যি কামতে ঈশ্বৰ পুৰুষে লগাইছিল তাকে কৰিছিলোঁ। আকালত সত্ৰৰ উৎপন্ন ধান-চাউল, টকা কৰিও ঠায়ে ঠায়ে মানুহক ঈশ্বৰ পুৰুষৰ আজ্ঞামতে দি সহায় কৰিছিলোঁ। ডাঙৰীয়া! এইবিলাকৰ উপৰিনো মই আৰু কি কৰিব পাৰিলোহেঁতেন? মোৰ শক্তিয়েই বা কিমান— বিদ্যাই বা কিমান?"

 নিৰ্ম্মল আতৈৰ এই কথাত ডাঙৰীয়াজনে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি নিৰ্ম্মল আতৈত ক্ষমা আৰু বিদায় মাগি পিছদিনা ৺যাদৱৰায়, ঈশ্বৰ পুৰুষ আৰু সমূহ বৈষ্ণৱক সেৱা-সৎকাৰ কৰি ডাঙৰীয়াজন সত্ৰৰ পৰা নিজ ঘৰলৈ উলটিল।


সামৰণি

 তিনি বছৰৰ মূৰত ডাঙৰীয়াজন আকৌ সত্ৰলৈ এবাৰ গৈছিল। তাত গৈ এইবাৰ নিৰ্ম্মল ভকতক নাপাই ভকতৰ কথা সোধোতে ঈশ্বৰ পুৰুষে আৰু ভকতসকলে ক'লে যে "আজি প্ৰায় বছৰেক হ'ল নিৰ্ম্মল আতৈ বৈকুণ্ঠী হৈছে।" ডাঙৰীয়াজনে এই কথা শুনি প্ৰভু শুভদেৱ ঈশ্বৰ পুৰুষক জনালে—"প্ৰভু জগন্নাথ! নিৰ্ম্মল আতৈৰ বৈকুণ্ঠপ্ৰয়াণৰ বিৱৰণটো দাসে জানিব খোজে।" প্ৰভু জগন্নাথে চকু চলচলীয়া কৰি ক'লে—"কি ক'ম মোৰ নিৰ্ম্মল আতৈৰ মহিমা। তেওঁ চলিবৰে পৰা আমাৰ সত্ৰৰ যেন ধৰণী এটাহে গ'ল। তেওঁৰ বয়স এশৰ ওপৰ হ'লেও সদায় সেই নিয়মত গা-ধোৱা, নিয়মমতে প্ৰসঙ্গ কৰা সকলো কামকে কৰিছিল। আন কি বৈকুণ্ঠী হ'বৰ দিনাও পুৱাৰে পৰা মই ভোজন কৰি উঠালৈকে সমস্ত কাম কৰিছিল। পিছত সেইদিনা মই আৰু সমূহ বৈষ্ণৱে ভোজনাদি কৰি জিৰাইছিলোঁ; এনেতে নিৰ্ম্মল আতৈৰ বহাৰ পৰা মোলৈ খবৰ আহিল যে নিৰ্ম্মল আতৈয়ে মোক দেখা কৰিব খোজে। মই ক'লো—"নিৰ্ম্মল আতৈ মোৰ ইয়ালৈকে আহক বাৰু।" ভকতজনে ক'লে—"নহয় প্ৰভু! আতৈয়ে থিয় হ'ব নোৱাৰে বুলি কৈছে। তেওঁ আজি প্ৰসঙ্গ কৰি আহিবৰে পৰা তেওঁৰ বহাৰ আগৰ চোতালত থকা তুলসীৰ গুৰিতে বহি আছে। শ্ৰীচৰণক তাতে দেখা পাব খুজিছে।" এই কথাত মই ল'ৰালৰিকৈ গৈ সুধিলো—"আতৈ! কেলেই মোক মাতিলা?" নিৰ্ম্মলে ক'লে—"প্ৰভু জগন্নাথ! দাসক এফেৰা পাদোদক দিয়ক, দাসৰ যাবৰ হ'ল।" মই ক'লো—"কি! তোমাৰ যাবৰ হ'লনে? ক'তা, [ ৫৭ ] তোমাৰ দেখোন বেমাৰ-আজাৰ হোৱা নাছিল।" আতৈয়ে ক'লে—"প্ৰভু! আদেশ হৈছে। সৌৱা মই ৰথ এখন দেখিছোঁ। এফেৰা পাদোদক দিয়ক।" এই কথাত মই মন্দিৰৰ পৰা অনাই ৺যাদৱৰায়ৰ চৰণামৃত দিলোঁ। তাকে খাই মোৰ পাদোদক শিৰত লৈ আতৈয়ে ক্ষীণ কণ্ঠেৰে গালে—

পৰম সুন্দৰ    শ্যাম কলেৱৰ
  ৰূপে কোটী কাম প্ৰায়।
যেন কোটি শশী    আচন্ত প্ৰকাশি
  মধুৰ মূৰ্ত্তি সদায়।।
কিৰীটি মুকুট    চূড়ামণি যত
  শিৰত কৰে প্ৰকাশ।
কপালে অলকা    ৰত্নৰ তিলকা
  মুখে পদ্মচাৰু হাস।।
কমল নয়ন    সুন্দৰ বয়ন
  অধৰ অৰুণ কান্তি।
ভ্ৰূৱ কামচাপ    মধুৰ আলাপ
  কুণ্ড কৰি দন্ত পান্তি।।

 এই শুৱলা গীতটো গায়েই আকৌ গালে—"বৈকুণ্ঠৰে ৰথ নামি আহা ঐ নামি আহা" এই বুলি কৈয়েই আতৈয়ে তৎক্ষণাৎ বহি বহিয়েই প্ৰাণবায়ু তেজিলে। যেনেকৈ বহি আছিল তেনেকৈয়ে ৰ'ল; কেৱল মাথোন মূৰটো সোঁফালে হালি পৰিল। ডাঙৰীয়া! মই আজিলৈকে এনেকুৱা সিদ্ধ ভকত মুক্ত পুৰুষ দেখা নাই।" এইবুলি ঈশ্বৰ পুৰুষ আৰু আন আন ভকতসকলে চকু চলচলীয়া কৰিলে। তাৰ পিছতে ঈশ্বৰ পুৰুষে আমাক ক'লে—"আমি ভকত লগোৱাই অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ শৱটো পঠালো, কিন্তু কি আচৰিত! বাটতে সেইদিনা সিফালে বোকাখাটৰ পৰা বুঢ়া-বুঢ়ী অনিৰাম-ৰূপহীও সত্ৰলৈ আহোঁতে শৱটো লগ পাই সবিশেষ তেতিয়াহে ভকতসকলৰ পৰা জানিলে যে সেই শৱটো নিৰ্ম্মল ভকতৰ— ৰূপহীৰ প্ৰথম পক্ষৰ গিৰিয়েকৰ। ৰূপহী আৰু অনিৰামে ভকতসকলে কোৱা বৃত্তান্তৰ পৰা বেছকৈ বুজিলে যে তেওঁবিলাকক সুখী ৰাখিবলৈ বীৰশ্ৰেষ্ঠ নিৰ্ম্মল আতৈয়ে এনেকুৱা ঘোৰ স্বাৰ্থকো ত্যাগ কৰিছিল। জীয়াই থাকিও তেওঁলোকক ধৰা নিদিলে— পৰিচয় নিদিলে। ৰূপহীয়ে বুজিলে তেওঁৰ প্ৰথম পক্ষৰ স্বামী কি প্ৰেমিক! কি উদাস! কি মহান। ৰূপহী-অনিৰাম উভয়ে কান্দিলে। চকুৰ লো টুকি [ ৫৮ ] টুকি শ্মশানলৈ গৈছিল আৰু অন্ত্যেষ্টিক্ৰিয়াত যোগ দিছিল চিতাত তোলাৰ আগেয়ে সকলোৱে ভকতৰ মুখখন চালে। মুখত যেন লাৱণ্যহে চৰিছিল, যেন এটা প্ৰগাঢ় প্ৰফুল্লতাহে ফুটি ওলাইছিল। ৰূপহীয়ে আকৌ পাৰেমানে কান্দিলে। অনিৰামেও সমবেদনাত কান্দিলে। পিছত উভয়ে 'কৃষ্ণ, কৃষ্ণ, প্ৰভু যাদৱৰায়, প্ৰভু যাদৱৰায়' ইত্যাদি মাতিহে মন শান্ত কৰিছিল। পিছত আমি সত্ৰৰ পৰা যি হয় খৰচ কৰি শ্ৰাদ্ধবিধি কৰাই নামগুণ ধৰাইছিলোঁ। ৰূপহী আৰু অনিৰামেও হেনো সিহঁতৰ বৰ পুতেকৰ হতুৱাই বৰ আস্তিকেৰে শৰাধ কৰাইছিল। আৰু সিহঁতে হেনো নিজে খৰচ কৰি নামঘৰ সজাই তাৰ ওচৰতে এটা পুখুৰী খনাই আমাৰ ইয়াৰ পৰা ভকত নি সেই নামঘৰ আৰু পুখুৰী প্ৰতিষ্ঠা কৰাই নিৰ্ম্মল আতৈৰ নামে উছৰ্গি দিছিল।" ঈশ্বৰ পুৰুষৰ পৰা এইবিলাক বিৱৰণ শুনি ডাঙৰীয়াজনেও চকুৰ লো টুকি টুকি ক'লে—"ধন্য বীৰ প্ৰৱৰ, স্বদেশ-প্ৰেমিক, বিশ্বপ্ৰেমিক, পৰম ত্যাগী, ধৰ্ম্মাত্মা মহাপুৰুষ নিৰ্ম্মল আতৈ। তুমি অসম মাতৃৰ নিমিত্তে মানৰ লগত যুঁজিছিলা। তুমি নিজে ত্যাগ স্বীকাৰ কৰিও অপৰক সুখী কৰিছিলা। ৰূপহী, অনিৰামৰ কেনেবাকৈ অশান্তি হ'ব ইয়াকে ভাবি নিজকে গোপন কৰিছিলা। ঈশ্বৰ কৃষ্ণত প্ৰাণ সঁপি নিজকো ধন্য কৰিলা। তুমি দৰাচলতে গীতাৰ সেই ত্যাগী পুৰুষ! তুমি মহাপুৰুষ। নিশ্চয় নিশ্চয় তুমি মৃত্যুৰ আগখিনিতে তোমাৰ কৃষ্ণক দেখিছিলা। মৃত্যুৰ পাছতো বৈকুণ্ঠৰ বিমানত উঠি ঈশ্বৰ কৃষ্ণৰ ওচৰলৈ গৈছা! মহাপুৰুষ! তুমি যেন তোমাৰ অসমীয়াৰ প্ৰতি সদায় কৃপালু থাকা! তোমাৰ আৰ্হিয়ে যেন অসমীয়াক ত্যাগৰ বাটেৰে দেশৰ হিত চিন্তিবলৈ, দেশৰ হিত কৰিবলৈ শক্তিসামৰ্থ্য দিয়ে। অসমীয়া হিন্দুৰ প্ৰাণ যেন কৃষ্ণত মগ্ন হয়।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )