পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জোনাকী ঐ ৰাম—মাৰৰ ঘৰতে
        ঐ—আছিলি ৰূপহী
        ঐ—আছিলি আদৰি তই।
        ঐ—আই-ভাই সৱাকো
        ঐ—তেজিলি ৰূপহী
        ঐ—অকল নিৰ্ম্মলকে পাই।।
        ঐ—বাপেৰক তেজিলি
        ঐ—তেজিলি সোদৰৰ ভাই।
        ঐ—লগৰ লগৰীয়া
        ঐ—ইসবো তেজিলি
        ঐ—অকল নিৰ্ম্মলক পাই।।

 ডাঙৰীয়া! মই এইটিও জানিছিলোঁ যে এই বিয়াত বোপাইত বাজেও অনিৰাম নামেৰে আমাৰ সেই সৰু কালৰ লগৰীয়াজনো সুখী হোৱা নাছিল। তাৰ কাৰণ অনিৰামেও ৰূপহীক অন্তৰে সৈতে ভাল পাইছিল; কিন্তু সি লাজকুৰীয়া ডেকা আছিল, লাজতে সি তাৰ সেই প্ৰেম আৰু মৰম কোনো দিনেই ৰূপহীক জানিব নিদিছিল। এতিয়া ৰূপহীৰ পৰৰ লগত বিয়া হোৱা দেখি সি হেনো মানুহৰ আঁৰে আঁৰে কান্দিছিল।


নৱম অধ্যায়

 এইদৰে সকলো বাধা-বিঘিনিৰ হাত সাৰি ৰূপহীক বিয়া কৰাই মই পৰম সুখী হলোঁ। সংসাৰ মোৰ পক্ষে স্বৰ্গতুল্য বোধ হৈছিল। মই সংসাৰত সকলো বস্তুকেই উজ্জ্বল দেখিবলৈ ধৰিলো। ভবা নাছিলো যে এই সুখৰ দিনৰ ওৰ পৰিল। নেজানিছিলো যে সংসাৰত সুখৰ পিছত দুখ, দুখৰ পিছত সুখ চকৰিত ঘুৰাৰ দৰে ঘূৰি থাকে। নেজানিছিলো যে জগত অনিত্য। কিন্তু ডাঙৰীয়া শুনক, ৰূপহীক বিয়া কৰাই বছেৰেকলৈকে মই স্বৰ্গসুখত আছিলো; কিন্তু ঠিক এবছৰৰ মূৰে পৰা মোৰ ভাগ্য চকৰি ঘূৰিব ধৰিলে। প্ৰথমে বিয়া কৰোৱাৰ এবছৰৰ মূৰতে বোপাই গ্ৰহণী ৰোগত পৰি বৈকুণ্ঠী হ'ল। গোটেই ঘৰৰ ভাল মোৰ মূৰৰ ওপৰত পৰিল। খেতি-বাতিৰ দিহা, হাল, গৰু ৰখা ইত্যদি সকলো কাম মোৰ মূৰত। তাৰ লগে লগে ভাই দুটাক