পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এইদৰে একুৰি বাৰ বছৰ বয়সতে অৰ্থাৎ ১৮৩৯ শকত মানৰ যুঁজত ঘাটি মৰমৰ ভাইহঁত আৰু প্ৰিয়তমা ৰূপহীৰ লগৰ পৰা, জননী জন্মভূমিৰ পৰা বঞ্চিত হৈ মানৰ দেশ পালোঁগৈ। পথ যে কি দুৰ্গম তাক কৈ অঁতাব নোৱাৰি। পাহাৰৰ পাছত পাহাৰ। হাবিৰ পাছত হাবি। প্ৰায় এমাহে গৈ গৈ মানৰ দেশ পালোঁ। জিকাৰু মানহঁতে আমাক নি সিহঁতৰ ৰজাৰ আগত ভেটিলে। আমি ভাৰ-ভেটিবিলাক ৰজাৰ আগত দিলোঁ। আমি জনালোঁ যে আমাক আকৌ নিজ দেশত থবহি লাগে। মানৰ ৰজাই আমাক বুজোৱালে যে বয়-বস্তুৰ দৰে আমিও হেনো অসমৰ পৰা তেওঁৰ দাস-দাসী স্বৰূপে গৈছিলোঁ; আমি আৰু দেশলৈ উলটিব নোৱাৰোঁ। আমি বুজিলোঁ যে আমাৰ কপালত মানৰ ৰজাৰ বেটী-বান্দী হৈ থাকিবলগীয়া লিখন আছে। কি কৰিম, ইচ্ছা নাথাকিলেও আমি মানৰ দেশতে থাকিবলগীয়া হলোঁ। যি কি নহওক মানৰ ৰজাই আমাক তেওঁৰ ৰাজধানীৰপৰা প্ৰায় এদিনৰ বাটত, ইৰাৱতী নৈৰ পাৰত বসতি কৰি থাকিবলৈ আদেশ দিলে। আৰু গাইপতি হাল-গৰু আৰু জোখাৰে মাটি-বৃত্তি দি মান দেশতে ৰাখি থলে। আদেশ কৰিলে যে বছৰি আমাৰ গাঁৱৰ পৰা ৰজাঘৰত তিনিকুৰিজন মানুহে গাৰে খাটি দিব লাগিব। আৰু আমাৰ যাৰ ইচ্ছা মানৰ ছোৱালী বিয়া কৰাব পাৰিব। কিন্তু বিয়া কৰালে আমি আমাৰ হিন্দু ধৰ্ম্ম এৰি বৌদ্ধ ধৰ্ম্মত ভজিব লাগিব। খাব-লব পৰাকৈ এবছৰলৈ ৰজাঘৰৰ পৰা আমাক ধান-চাউলোঁ দিলে। ভামোৰ ওচৰত ইৰাৱতী নৈৰ পাৰত চাৰিওফালে মানৰ গাঁৱৰ মাজত এডোখৰ হাবি কাটি আমি বসতি কৰিলোঁ, আৰু ৰজাৰ আদেশ মতে বছৰি পাল পাতি খাটনিও কৰিবলৈ ধৰিলোঁ।

 ভামো নগৰত আমাৰ ৰাজকুঁৱৰী হেমো আইদেওক থৈছিল। মানৰ মুখত হেনো 'হেমো' শব্দ 'ভামো' হৈছিল আৰু আইদেওৰ নাম অনুসৰিয়েই এইখানৰ 'ভামো' নগৰ নাম হৈছিল। আমি সেই ভামোতেহে খাটনি কৰিবলগীয়াত পৰিছিলোঁ। ৰজা বছৰি সেই ঠাইত আহি তিনি মাহ মানকৈ বসতি কৰিছিল। ডাঙৰীয়াজনে সুধিলে—"আতৈ! মানৰ দেশখননো কেনেকুৱা? তাৰ মানুহবিলাকনো কেনেকুৱা? আচাৰ-ৰীতিয়েই বা কেনেকুৱা?" আতৈ—"ডাঙৰীয়া, সেই বিলাক বিষয় কবলৈ গলে ভালেমান কথা হব। মুঠতে কওঁ মানৰ দেশখন ধুনীয়া। ৰজাৰ ঘৰবিলাকৰ টুপবিলাকত সোণৰ