পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অধ্যায়

 শাস্ত্ৰত কয় পোন্ধৰ বছৰ বয়সৰপৰা পঁচিশ বছৰ বয়সলৈকে মতা মানুহৰ হেনো বৰ বেয়া সময়। এই সময়ত সকলো মানুহেই যৌৱনত ভৰি দি ভলা-বেয়া নুবুজা হয়। অনেক অসৎ পথলৈ আগবাঢ়ে। মোৰো গাত শাস্ত্ৰৰ এই বচন ফাঁকি লাগিছিল। আমাৰ ঘৰৰ ওচৰতে মণিৰাম নামেৰে একে জাতকুলৰ মানুহ আছিল। তেওঁৰ ৰূপহী নামেৰে এজনী ধুনীয়া জীয়েক আছিল। সৰুৰেপৰা মই সেই ছোৱালীজনীৰ সৈতে একেলগে ফুৰিছিলোঁ; একেলগে ৰং ধেমালি কৰিছিলোঁ। আমি এদিন ভালেমান ল'ৰা-ছোৱালীয়ে ধূলিৰে ভাত ৰন্ধা-বঢ়া কৰোঁতে মই তাইক কৈছিলোঁ—"ৰূপহী, মই তোক বিয়া কৰাওঁ দে।" তাই ক'লে--"বাৰু, তই আজি দৰা হ, মই কইনা হওঁ।" তাইৰ এই কথাত আন এটাইবিলাক ল'ৰা-ছোৱালী সন্মত হ'ল, কিন্তু অনিৰাম নামেৰে ল'ৰা এটাই কৈছিল—"ইঃ, মই সেইটো হবই নিদিওঁ। আজি মই হে দৰা হ'ম, ৰূপহী কইনা হওক।" তাৰ এই কথাত তাৰে মোৰে অলপ বাদ বিসম্বাদ হবলৈ ধৰোঁতেই ৰূপহীয়ে নিজে কৈছিল—"হেৰ অনি! তই কেলেই কাজিয়া কৰ? আজিৰ ধেমালিত বাৰু নিৰ্ম্মলেই দৰা হওকচোন। কাইলৈ যেতিয়া আমি আকৌ উমলিম তেতিয়া বাৰু তই দৰা হবি।" তাইৰ এই কথাত এটাইবিলাক ল'ৰা-ছোৱালীয়ে "হয় ভৰ" দিয়াত তাই কইনা হৈ ওৰণি লৈ বহিল। মই মোৰ গাৰ কাপোৰখন মূৰত পাগুৰি মাৰি দৰা হৈ বহিলোঁ। এটা ল'ৰা মিছামিছিকৈ পুৰোহিত হ'ল, এটা সৰু ল'ৰা আখৈতোলা হ'ল। আমি এইদৰে মিছামিছি দৰা-কইনা হৈ ওমলা বিয়া পাতিছিলোঁ। ডাঙৰীয়া! সেই সময়ত মোৰ বয়স আছিল দহ, তাইৰ পাঁচ।

 কালক্ৰমে মোৰ ওঠৰ বছৰ বয়স হ'ল, তাই তেৰত ভৰি দিলে। তাই আজি-কালি মানুহ-দুনুহৰ আগত নোলোৱা হ'ল। কিন্তু সেই বুলি যে তাই মোৰ আগতো নোলোৱা হ'ল সেইটো নহয়। তাই মোৰ আগত ওলাছিল আৰু "নিৰ্ম্মল" বুলি নাম কাঢ়িও মাতিছিল; কিন্তু মোক মাতিলেও আৰু মোৰ আগত ওলাই সোমাই ফুৰিলেও তাই দেখোন সেই মোৰ আগত সেই সময়ত লাজকুৰীয়া ভাৱ দেখুৱাইছিল। মোৰ দেখোন এই সময়ত তাইলৈ