পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ডাঙৰীয়া! মোৰ দুখৰ মাত্ৰা ভৰপূৰ হ'ল। বুজক, আই, ভাই, মাহী সকলোটি গ'ল। ৰূপহীয়ো অনিৰামত তিৰোতা হ'ল। মই সেইদিনৰ দিনটো মূৰ্চ্ছিত হৈ পৰি আছিলোঁ। বুঢ়াই মোক নানা প্ৰকাৰৰ সেৱা-শুশ্ৰুষা কৰাতহে গধূলি সময়ত মোৰ জ্ঞান আহিল। বুঢ়াই আৰু মোক নিজৰ থকা ঠাইলৈ যাবলৈ তেওঁৰ মাৰল ঘৰতে ৰাখিলে। নানা সেৱা-শুশ্ৰুষা কৰি বঢ়াই বুজাই খুৱালে। ওৰে নিশাটো মোক বুজনি দিলে, পৰমাৰ্থৰ কথা ক'লে। ইয়াকো ক'লে—"বোপাই! মই নিজে খৰছ ভগন কৰি তোক জাতত তুলিম। ময়ে তোক আকৌ নকৈ এজনী ছোৱালীও বিয়া কৰাই দিম। তই দুখ নকৰিবি বোপা!" মোৰ হৃদয়ত যি ভাব খেলিছিল তাক কব নোৱাৰোঁ। সংসাৰখান মোলৈ অশান্তিৰ ঠাই যেন হ'ল। মনত হ'ল ক'তনো সেই শান্তি পাম। ক'তনো এফেৰি জুৰণি পাম। এইদৰে ভাবোঁতে ভাবোঁতে মোৰ সৰু কালৰ অণিৰাম আৰু ৰূপহীৰ সৈতে কৰা কথাবিলাক মনত পৰিছিল! ৰূপহীয়ে যে কৈছিল—"অনিৰাম! আজিৰ ধেমালিত মোক নিৰ্ম্মলেই বিয়া কৰাওক দে। বাৰু কাইলৈ আকৌ তোত বিয়া সোমাম"—এই কথাষাৰলৈ বিশেষকৈ মনত পৰিল। তাৰ লগে লগে মোৰ সত্ৰৰ ঈশ্বৰ প্ৰভুৱে যে তাহানিৰ দেউতাৰ লগত যাওঁতে মোক সুধিছিল--"নিৰ্ম্মল! তই ভকত হবিনে?" মই কলোঁ "হ'মতো।" তেতিয়া প্ৰভুৱে কৈছিল--"বাৰু এতিয়া নেলাগে পিচত হবি" এই মহাবাক্যশাৰীলেকো মনত পৰিল। যদিও মানৰ দেশত ১৪ বছৰ কাল কটাইছিলোঁ তথাপি আমাৰ মহাপুৰুষ গুৰুৱে পাপী-তাপীৰ নিমিত্তে লেখি থৈ যোৱা পদবিলাকলৈকো মনত পৰিল। হৃদয়ৰ তলি ভেদি গীত উঠিল—

ক্ষুদ্ৰ সুখে বহু আশা কৰি ভবকূপে
জীৱ আছে পৰি
কালসৰ্পে দংশি হৰিল চেতন তাৰ।
মোক্ষৰূপ তযু বাক্যামৃত কৃপায়ে
সিঞ্চিয়া প্ৰতিনিত
দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ।।
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰ পীড়াক পায়া পাছে
আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি।
দেখি সুবৰ্ণৰ পদ্মধাৰী, বোলে দুঃখে আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি।।