পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একেলগে ডাঙৰ হৈছোঁ; সেই দেখিয়েই তোক মই ভাল পাওঁ।" মই—"কচোন ৰূপহী! তইনো মোক কি ভাবে ভাল পাৱ?" ৰূপহী—"মানুহে মানুহক যেনেকৈ ভাল পায়, লগৰ লগৰীয়াই ইটিয়ে সিটিক, সিটিয়ে ইটিক যেনেকৈ ভল পায়।" তাইৰ এই কথাত মোৰ মনত ভাব হ'ল ৰূপহীয়ে মোক, মই তাইক যিদৰে সেই সময়ত ভাল পাইছিলোঁ, তাই মোক সেইদৰে সেইভাৱে ভাল নেপাইছিল। যি কি নহওক তাইৰ মনৰ ভাব খাটাংকৈ জানি লবৰ মনেৰে মই মোৰ হৃদয়ৰ তলিখন উদঙাই তাইক ক'লো—"ৰূপহী! মই জানো তই মোক আজি অত দিনৰ লগৰীয়া বুলি ভাল পাৱ, কিন্তু ৰূপহী! তাত বাজে তোৰ আৰু মোলৈ আন একো ভাব নাইনে? মই মোৰ নিজৰ বিষয়ে হলে অনেক ভাবি-চিন্তি চাই ইয়াকে পাইছোঁ যে মোৰ মৰম যে তোলৈ কেনেকুৱা মই বৰ্ণাব নোৱাৰোঁ। মোৰ মনত এনেকুৱা ইচ্ছা হয়, মই যেন দিনে নিশাই তোৰ লগতহে থাকিম, তোৰ লগতহে ফুৰিম, তোৰ লগতহে খাম। অকল তোকেহে যেন মৰম কৰিম। মুঠতে, কবলৈ গ'লে মোৰ ইচ্ছা মই যেন তোকেহে বিয়া কৰাম। কচোন ৰূপহী! তই মোক ভাল পাৱনে? মই বিয়া কৰালে মোত বিয়া সোমাবিনে?" মই এইদৰে কওঁতে তাইৰ দেখোন চকুত পানী ওলাব ধৰিলে। মই তাইৰ হাতখনত ধৰিলোঁ তাই মোৰ হাতৰ পৰা হাতখন টানি ওলোটাই নিনি, উচাট মাৰি একেচাবে উঠি নগৈ লাজুকী লতাৰ দৰে জঁয় পৰি মোৰ বুকুত মূৰটো সুমুৱাই দি ঢলি পৰিল। মই সাবট মাৰি ধৰিলোঁ। তাই খন্তেক পৰ সৰ্থি চকুৰ পানী মচি, অলপ প্ৰকৃতিষ্ঠ হৈ ক'লে, "নিৰ্ম্মল! আজি অতদিনে মই আন কেৱে নজনাকৈ যিভাব হৃদয়ত লৈ আছিলোঁ, আজি তই সেই ভাব উলিয়াই ললি। ক'লে জানো পতিয়াবি? মই দিনে নিশাই দিঠক আৰু সপোনতো তোকেহে দেখোঁ। তোৰ ৰূপটোহে চিন্তা কৰোঁ। তোক দেখিলে মোৰ চকু জুৰায়, তোৰ মাত শুনিলে মোৰ কাণৰ তৃপ্তি হয়। তোৰ লগত কথা-বতৰা হবলৈ পালে মই স্বৰগৰ সুখ পাওঁ। কিন্তু ক'লে কি হব? তই আৰু মই ইচ্ছা কৰিলেও বা কি হব? আমি দুখীয়া মানুহ। তহঁত ধনী। তোৰ দেউতাৰে মোক তোলৈ কেতিয়াও বিয়া নকৰায়। আন ঠাইত জোৰণ পেলালেই। মই সেই জোৰণৰ কথা প্ৰথমতে শুনি মানুহৰ আঁৰে আঁৰে কিমান যে কান্দিছোঁ তাক ঈশ্বৰেহে জানে। কান্দি-কাটি মনক এইদৰে প্ৰবোধ দিছিলোঁ যে মোৰ হৃদয়ৰ ধন, চকুৰ মণি নিৰ্ম্মলে যদি আন এজনী ছোৱালী বিয়া কৰাই সুখী হয়, তেন্তে মই তেওঁক সুখী হোৱা দেখিয়েই সুখী হ'ম। মই তেওঁৰ