পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

"আতৈ! আপোনাৰ সমস্ত বৃত্তান্ত শুনিলোঁ; কিন্তু মোৰ তিনি চাৰিটা বিষয় আপোনাক সুধিবলৈ আছে। আজিলৈ বাৰু এৰিলোঁ কিন্তু কাইলৈ আকৌ আমনি কৰিমহি।" আতৈয়ে ক'লে—"বাৰু ডাঙৰীয়া! আপুনি যিহকে সোধে তাকে অকপট চিত্তে ক'ম।"


ত্ৰয়োবিংশ অধ্যায়

 পিছদিনা ডাঙৰীয়াজনে আকৌ আতৈক লগ ধৰিলে—"আতৈ! মোৰ প্ৰথম কথা এই—আপুনিতো নিজ ইচ্ছাত মান দেশলৈ যোৱা নাছিল। আৰু গলেও আপুনি নিজে কোৱা মতে আপুনিতো তাত অখাদ্য খোৱা নাছিল। আপুনি দেশৰ ইমান হিতৈষী যে নিজৰ জীৱনকো আগ কৰি ৰজাৰ হকে, দেশৰ হকে মানেৰে সৈতে যুঁজিছিল। অনিৰাম আৰু ৰূপহীৰ কেনেবাকৈ শান্তি হেৰায় বুলি আপুনি কি ভয়ঙ্কৰ স্বাৰ্থত্যাগ কৰিছিল; আপুনিতো বাহিৰ কৰাপাটতেই সিদ্ধি লাভ কৰিছিল; এনেবিলাক স্থলতো আপোনাৰ প্ৰায়শ্চিত্তৰ বিধান হল ইয়াৰ অৰ্থ মই হলে বুজিব নোৱাৰোঁ। পৰাচিতৰ আচল অৰ্থ হৈছে যে স্বইচ্ছাই কোনো এটা দোষ কৰিলেহে দণ্ড বা পৰাচিত হব লাগে; পৰাচিত মানেই দণ্ড। কথাতেই কয় পাপৰ পৰাচিত হ'ল। আপুনিনো কি পাপ কৰিছিল যে পৰাচিত হবলগীয়া হৈছিল।

 মই হ'লে বুজো যে এই পৰাচিতৰ নিচিনা অনুষ্ঠান কেৱল বামুণে নিজৰ প্ৰাপ্তিৰ উদ্দেশ্যেহে সমৰ্থন কৰি থৈছে। মনত উন্নতি নহলে বাহিৰৰ সেই বামুণৰ মন্ত্ৰ কেইটাৰ আৰু কুশ দুবৰিৰে ছিটোৱা পানী দুটোপাৰনো কি বলটো বা উপকাৰটো আছে? এনেকুৱা বিচাৰহীন অযুক্তিকৰ অনুষ্ঠানবিলাকে আমাক মনুষ্যত্ব লোপ কৰি থৈছে। আমাক গোলামৰো গোলাম কৰি ৰাখিছে। বামুণে নিজৰ পেট পুহিবৰ অৰ্থে এইবিলাক ফাঁকতি স্ৰজিছে। বামুণেই এই দেশখন খালে।"

 আতৈ—"ডাঙৰীয়া! আপুনি বৰ ডাঙৰ অভিযোগ কৰিলে। এই সমস্তৰে উত্তৰ মোৰ নিচিনা শাস্ত্ৰজ্ঞানহীনে যে আপোনাক পৰিষ্কাৰৰূপে বুজাব পাৰিম এই আশা মোৰ নাই। তথাপি সাধাৰণ বুদ্ধিৰে দুই চাৰিষাৰ কথা কওঁ শুনক। বাৰু! আপুনি কেতিয়াবা হাবিৰ পৰা ধৰি অনা ভাটৌ পোৱালি পুহিছেনে? অথবা কাউৰ এটা ধৰি আনি এদিনমান ৰাখি কাউৰ, ভাটৌ