পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কয়, "বাছা! তই ঠিক বৈকুণ্ঠতে বৈষ্ণৱসকলৰ লগত আছ। কিন্তু বাছা! যেতিয়া এই নশ্বৰ নৰদেহ এৰিবি তেতিয়া বাছা! তই এই বৈকুণ্ঠতকৈও আৰু ভাল বৈকুণ্ঠ পাবি। তোলৈ অতি সুন্দৰ অতি বিতোপন ঘৰ-দুৱাৰ তৈয়াৰ হৈ আছে।"

 ডাঙৰীয়া! ক্ষমা কৰিব। ভালেমান বাজে কথা কলোঁ হবলা। যি কি নহওক, আমি দুয়ো গৈ মাহীৰ ঘৰ পোৱা মাত্ৰেই মাহীয়ে আমাক আস্তব্যস্ত কৰি বহুৱাই সুধিলে—"বাছা! ক'লৈ নো আজি ইমান দিনৰ মূৰত আহিলি? এই ছোৱালীজনীনো ক'ৰ? তোৰ ঘৈণীয়েৰ নে কি? যদি ঘৈণীয়েৰ হয় কেতিয়ানো বিয়া পাতিলি? ক'তা মোক দেখোন বিয়ালৈ নামাতিলি। বাইদেউ আৰু ভিনীহিদেৱ ভালে আছেনে?" মাহীৰ এইবিলাক কথাৰ মই যথাযথ উত্তৰ দিলো। তাৰ লগে লগে ৰূপহীনো কোন, তাইকনো মই কেনেকৈ নিছিলো সকলো অকপট চিত্তেৰে কৈ মাহীক আমাক তেওঁৰ ঘৰত আশ্ৰয় দি ৰাখিবলৈ চৰণত ধৰিলোঁ। মাহীয়ে পোন প্ৰথমেই আমি সেইদৰে পলাই যোৱা শুনি আমাক বেয়া বুলিলে। শেহত আমাৰ কাবৌ-কোকালি এৰাব নোৱাৰি ক'লে—"বাৰু বাছাহঁত! তহঁত মোৰ ঘৰতে থাক। ভিনীহিৰ তহঁতলৈ এতিয়া খং উঠি আছে চাগৈ। কেইদিনমান যাওক, খং মাৰ গ'লে মই তহঁতক লৈ গৈ থৈ আহিম। আৰু বাই-ভিনীহিক বুজাই তহঁতৰ বিয়া পাতি দিম। তহঁতৰ যেতিয়া পৰস্পৰলৈ ইমান চেনেহ, ইমান প্ৰকৃত মৰম, তহঁতক মই আশীৰ্ব্বাদ কৰিছোঁ। যদি তহঁতৰ মৰম প্ৰকৃত স্বৰ্গীয় মৰমহে হয় তেন্তে এই মৰমেই তহঁতক সিপুৰীৰ স্বৰ্গলৈকো নিব।" এই কথা কৈ মাহীয়ে আমাক তেওঁৰ বেলেগ এডোখৰ ঘৰ দি ৰাখিলে। মই মাহীৰ এক প্ৰকাৰ বনুৱা হ'লো। মোৰ ৰূপহী মাহীৰ অতি মৰমৰ, অতি যতনৰ পূজা-সেৱাৰ সহায়কাৰিণী, তাঁত-সূত বোৱাৰ লগৰী হ'ল। আমি সুখেৰে কাল কটাব ধৰিলোঁ।


সপ্তম অধ্যায়

 আমি পলাবৰ পিছদিনা হেনো আমাৰ গাঁৱত বৰ হুলস্থূল লাগিছিল। নিশা নাঘৰৰ ভাওনাতকৈ আমি পলাই অহা বিষয়ে যিখন ভাওনা হৈছিল সি আৰু ধেমেলীয়া। দেউতাই হেনো পোন প্ৰথমেই খঙত একো নাইকিয়া হৈ মোক শাপিছিল—"সি যেতিয়াই মোৰ কথা নুশুনিলে তেতিয়াই তাৰ