পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মিনতিৰে দিহে পৰাচিত হয়। অৱশ্যে আজিকালি দিনক দিনে কলি প্ৰৱল হৈছে, সেই কাৰণে ব্ৰাহ্মণো লোভী আৰু দিব পৰা ডাঙৰীয়া সকলো কৃপণ। এইবিলাকৰ কাৰণেহে এইটো ফকৰা সৃষ্টি হৈছে—"ভকতি ভোমাই মাই, গুৰু আশাধাৰী, শিষ কপটীয়া, জীৱৰো তৰণি নাই।"

 ডাঙৰীয়া—"বাৰু, আতৈ; আৰু এটা কথা সোধোঁ। আপুনি সত্ৰলৈ আহোঁতেই যে আপোনাক সেই নিশা কৰাপাটতে একো খাব-বব নিদিয়াকৈ উদাসীন ভকতসকলে সোধপোচ নকৰাকৈ এৰিলে এইটো জানো ভাল? নিশা যদি আপোনাক সেই বাঘটোৱে খালেহেঁতেন।"

 আতৈ—"এই কথাৰ সমিধান ঈশ্বৰ পুৰুষে প্ৰত্যুষতে মোক কোৱা কথা কেইষাৰৰ পৰাই নুবুজিলেনে? উদাসীণৰ প্ৰাণ কোমলতো কোমল, কঠিনতো কঠিন। সত্ৰ বিধান আছে লেটি-পেটি থকা হিন্দু মানুহ সত্ৰলৈ সুমাব নাপায়। সেই কাৰণেই পৰাচিত নহলো মানে মোক সোমাব নিদিলে। নিশা খাবলৈকো নিদিলে। তাৰ দ্বাৰাই মোৰ ভক্তিৰ আৰু বিশ্বাসৰ পৰীক্ষা হ'ল; আৰু মোৰ উপকাৰো হ'ল। মই নিজৰ দেশৰ নিমিত্তে প্ৰাণ আগবঢ়ালেও মোৰ দেশী ভায়ে পুৰণি শাস্ত্ৰৰ বিধান ত্যাগ কৰিব নোৱাৰে; আৰু দৰাচলতে ত্যাগ কৰা উচিতো নহয়। অৱশ্যে দেশ-কাল চাই, মানুহজনৰ সকলো পাৰিপাৰ্শ্বিক অৱস্থা বুজি পৰাচিতৰ মাত্ৰাৰ কম বেছিৰ ব্যৱস্থা শাস্ত্ৰয়ে দি থৈছে। শাস্ত্ৰ প্ৰৱৰ্ত্তনকাৰীসকলে সেই অনুসাৰেই চলে। পৰাচিত হোৱাৰ আগেয়ে লঘোণে থকাটো নিয়ম। সেই দোষ মোৰ; সেই লঘোণটো কৰাপাটতে হৈ গ'ল। বাঘে যদি খালেহেঁতেন! মোকতো সত্ৰে মাতি অনা নাছিল। মই নিজেহে স্বইচ্ছাত আহিছিলো। মোৰ যদি আগ্ৰহ নেথাকিলেহেঁতেন তেনেহলে মই ভাটিবেলাতে ওচৰৰ গাঁৱলৈ গৈ আশ্ৰয় ললোঁহেঁতেন। মোৰ একান্ত ইচ্ছা হৈছিল যে দেহ যায় যদিও তথাপি মই সেই ঠাইৰ পৰ আনুঠো। সেই কাৰণে বাঘে আহি মোক ভয় খুৱাইছিল; কিন্তু ক'তা? মোক নেখালে দেখোন। বিশেষ পাপ নকৰিল এনেকুৱা সিদ্ধস্থানবিলাকৰ বনৰীয়া হিংসুক জন্তুৱেও অপকাৰ নকৰে। বাঘটোৱে সত্ৰৰ ফালে মূৰ দোঁৱাই সেৱা কৰিহে গৈছিল যেন লাগিছিল।"

 ডাঙৰীয়া—"আতৈ! আপোনাৰপৰা ভালেমান কথা জানিলোঁ। এতিয়া উঠিলোঁহে; কিন্তু মোৰ আৰু কেইটামান বিষয় আঁতিগুৰি মাৰি আপোনাক সুধিবৰ ইচ্ছা ৰ'ল।"