পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ডাঢ়ি-গোঁফে ভৰা; সেইদেখি অচিনাকি বা ছদ্মবেশ এটা লবলৈ মোৰ টান নহব। এই ভাবি পিছদিনা শুই উঠি সেই গৃহস্থৰ ঘৰতে আকৌ চাইটা ভাত খাই আৰু লগত অনা ৰূপ এটকা গিৰিহঁতক দি এখান গামোচা আৰু এখান ছকঠিয়া লৈ তেওঁলোকত বিদায় মাগি এটি উদাসীন ভকতৰ বেশ ধৰি যোৰহাট, গোলাঘাটৰ ফাললৈ খোজ ললোঁ। দিনৰ দিনটো খোজ কাঢ়ো, গধূলি হ'লে য'তে ত'তে এঘৰ গৃহস্থৰ ঘৰ চাপোঁ, উদাসীন ভকত বুলি চিনাকি দিওঁ। গিৰিহঁতে মৰম কৰি খাবলৈ জা-জলপানেৰে হওক বা টৌ-খুটি মাৰি খাবলৈ চাউল-পাতকে দিয়ে। নিজে কাৰবাৰ কৰি এমুঠি খাই পৰি থাকোঁ। কোনো কোনো ঠাইত দুই এঘৰ গৃহস্থে শোধ-পোছো নকৰিছিল। লঘোণে-ভোকে গিৰিহঁতৰ ভঁড়ালৰ আগতে হওক বা বাহিৰা ঘৰতেই হওক নিশাটো পৰি থাকোঁ আৰু পুৱা হলেই আকৌ খোজ লওঁ। এইদৰে চৈধ্য পোন্ধৰ দিনে বোকাখাট পালোঁগৈ।


ষোড়শ অধ্যায়

 বোকাখাট পাই ওচৰৰ গাঁৱৰ মানুহৰ পৰা জানিলোঁ তাত ন-ভঙনীয়া নামে এটা চুবুৰী আছে। সেই চুবুৰীৰ মানুহবিলাক হেনো মানভঙনিত উজনিৰ ৰংপুৰৰপৰা পলাই অহাল এই কথা শুনি মোৰ মনত আশা নিৰাশা উভয় ভাবেই খেলিব ধৰিলে। মনত থিৰাং কৰিলোঁ যে সেই গাঁৱত গৈ বাস নকৰোঁ। আগেয়ে ওচৰৰ যুগী গাঁওখনত থাকি নভঙনীয়া গাঁৱৰ মানুহ-দুনুহবিলাকৰ ইতিবৃত্ত বুজি লওঁ। এই ভাবি মই যুগী গাঁৱলৈ গৈ ভকত বুলি চিনাকি দি মানুহ এঘৰত আশ্ৰয় ললোঁ। মইনো কোন, ক'ৰ পৰা গৈছিলোঁ, এই কথা কাকো ক'তো খুলি নকলোঁ। মুঠতে চিনাকি দিলোঁ যে মই ৰংপুৰৰ মানুহ, এতিয়া ৺ দক্ষিণপাট সত্ৰৰ এজন উদাসীন ভকত।

 যুগীগাঁৱৰ প্ৰায় চাৰিকুৰি বছৰীয়া বুঢ়া মানুহ এজনৰপৰা নভঙনীয়া গাঁৱৰ মানুহবিলাকৰ বিষয়ে এইৰূপে শুনিলোঁ—"আতৈ! আমিও আগৰে ৰংপুৰৰে মানুহ। মানভঙনিত পলাই আহি ইয়াত ঠাই লৈছোঁ। আমাৰ অসমলৈ মান তিনিবাৰ আহে। প্ৰথম দুবাৰত সিহঁতে আমাৰ ৰজাৰ পৰা কৰ-কাঁটল লোৱা আৰু যুঁজত ঘটা ৰণুৱাবিলাকক বন্দী কৰি নিয়াত