পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰাতি চাৰি ডাঁৰ সেই গিৰিহঁতৰ ঘৰতে কটালোঁ। ওৰে নিশা মোৰ টোপনি নাহিল। ছাটি-ফুটি কৰোঁতে গ'ল। নান ভাবে, নান চিন্তাই শৈশৱ আৰু কৈশোৰৰ অনেক পুৰণি কথাই মোৰ মন বিয়াকুল কৰিলে। দেশৰ অৰ্থে যুঁজি মানৰ হাতত বন্দী হৈ, ঘৰ-দুৱাৰ, ভাই-ককাই, তিৰোতা সকলোৰে বঞ্চিত হৈ মানৰ দেশত বাৰ-তেৰ বছৰ কাল কটাই বৰ হেঁপাহেৰে স্বদেশলৈ উলটিছিলোঁ। কিন্তু স্বদেশত আহি পালো কি? আত্মীয়স্বজন সকলোটি নিৰুদ্দেশ, মোৰ জন্ম হোৱা গাঁওখনি শ্মশান আৰু অৰণ্যত পৰিণত। ইফালে মই মানৰ দেশত থকা বাবেই মই জাইত ভ্ৰষ্ট মেলেছ! যলৈকে যাওঁ ততে লেই লেই ছেই ছেইত বাজে ভাল সমাদৰ নাই। জানিলোঁ মোৰ জাত-কুলত উঠিবলৈকো টান হ'ল, যিহেতু মোৰ হাতত ধন-বিত নাই। মোক সহায় কৰিবলৈকো ভাই-ককাই সোদৰহঁত নিৰুদ্দেশ, ৰূপহীওনো ক'ত? তাইৰনো কি হ'ল! বাৰু এবাৰ চাই লওঁ। যদি ভাইহঁত জীয়াই আছে তেন্তে সিহঁতৰ সহায়তে জাতকুললৈ উঠিবও পাৰিম। আৰু যদি ৰূপহী জীয়াই আছে আৰু মোলৈ মৰম এৰা নাই; তেন্তে কি জানি সুখীও হব পাৰিম। বাৰু ঈশ্বৰে কি কৰে দেখা যাওক। এইদৰে ভাবি থাকোঁতে থাকোঁতে পুঁৱতি নিশা অলপ টোপনি আহিছিল। সেই টোপনি বা তন্দ্ৰাতে ডাঙৰীয়া! সমাজিক এটা দেখিবলৈ পাইছিলোঁ। সেই সমাজিকত আই আৰু মাহী উভয়ে আহি মোক দেখা দিছে। দুইৰো মন যেন নিৰাশ। মই কথা সুধিব খোজোতেই দুয়ো অন্তৰ্দ্ধান হ'ল। সাৰ পালোঁ; মনটো চিৰিং কৰি উঠিল। আইৰ লগত মাহীকো দেখাৰ অৰ্থ কি? মাহীও কি এই সংসাৰত নাই? ভাইহঁত আৰু ৰূপহী জীয়াই আছেনে? যদি ৰূপহী জীয়াই আছে তেন্তে তাইনো ইমান দিনে আন ক'তো বিয়াত নোসোমোৱাকৈ নিৰাশ্ৰয়ে মাহীৰ আৰ্হিৰেই আছেনে? যদি মাহীৰ নিচিনাকৈ ব্ৰত ধৰি আছে তেন্তে তাইক আকৌ নিশ্চয় পাম। যদি তাই মৰিছে অথবা আন কাৰবাত বহিছে তেনেহলেনো মোৰ আৰু দুনাই সেই পূৰ্ব্ব সুখ ক'ত হব? তাই যদি জীয়াই থাকি আন কোনোবাত বহিছে তেন্তে নিশ্চয় সুখী হৈছে। এতিয়া মই যদি তাইক চিনাকি দিওঁ তাইৰ জীৱনটো অসুখী নহবনে? ইত্যাদি নানা ভাৱনা হৈছিল। শেষত মন স্থিৰ কৰিলোঁ যে যেনেহলেও এবাৰ অচিনাকি বেশ ধৰি সিহঁতক বিচাৰি চাওঁ। মই যেতিয়া যুঁজত বন্দী হৈ মানৰ দেশলৈ যাওঁ তেতিয়া মই কেচেলীয়া ডেকা; এতিয়া মই প্ৰায় একুৰি পোন্ধৰ বছৰ বয়সীয়া। মুখত