পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুঢ়াগোহাঁইৰ ফৈদ গৈ পোৱাৰ আগেয়ে বৰফুকন কলিকতালৈ গৈ সেই সময়ৰ লাট চাহাবক অসমখন ইংৰাজৰ অধীনলৈ আনিবলৈ খাটিলে। লাট চাহাবে হেনো সেই কথাত কৰ্ণপাত নকৰাত বৰফুকনে কলিকতাত থকা মান এটাৰে সৈতে মিতিৰালি পাতি মানৰ দেশলৈ গৈ মান ৰজাক জনালে যে বুঢ়াগোহাঁয়ে তেওঁৰ ভাই ৰজাৰ দেশখন ছাৰখাৰ কৰিলে। তেওঁৰ এই কথা বিশ্বাস কৰি মানৰ ৰজাই তেওঁক পোন্ধৰ হেজাৰ মান সৈন্য দি অসম উদ্ধাৰ কৰিবলৈ পঠাই দিলে। তেওঁ শদিয়াৰ বাটেৰে আহি জয়পুৰতে কোঠ মাৰি বহিল।


দশম অধ্যায়

 যেতিয়া বৰফুকনে এই পোন্ধৰ হেজাৰ সৈন্য লৈ জয়পুৰ পালেহি তেতিয়াহে সেই খবৰ আমাৰ ৰজা আৰু বুঢ়াগোহাঁই ডাঙৰীয়াই পালে। বুঢ়াগোহাঁয়ে নেভাবিছিল যে নাশ্ৰুত-নাভূত এনেকুৱা বিধৰ শত্ৰু আহি অসম ৰাজ্যত সোমাব। ৰজাঘৰৰ সৈন্য-সামন্ত একো সাজু নাছিল। ডাঙৰীয়াসকলে একো উপায় নেপাই ৰংপুৰতে যি পায় সৈন্য-সামন্ত গোটাবলৈ স্থিৰ কৰি চাৰিওফালে কটকী পঠালে। সাত আঠদিনৰ ভিতৰতে আমাৰ অসমীয়াৰ দহ-বাৰ হেজাৰ সৈন্য গোট খালে। বুঢ়াগোহাঁইৰ পুতেক চন্দ্ৰ গোহাঁইদেৱ, ৰুচিনাথ গোহাঁইদেৱ এই দুজনে সেই দহ-বাৰ হেজাৰ সৈন্য লৈ নাজিৰাৰ পৰা প্ৰায় এবেলাৰ বাট আগবাঢ়ি আহি মানেৰে সৈতে ৰণ পাতিলে। অসমীয়া ৰণুৱাৰ হাতত ধেনু-কাঁড়, হিলৈ, মানৰো প্ৰায় সেয়ে অস্ত্ৰ আৰু তাৰ লগতে তৰোৱাল। উভয় দলৰে প্ৰায় তিনিদিন তিনি ৰাতি ৰণ হ'ল। মানো নিজিকে, আমিও নিজিকোঁ। চতুৰ্থ দিনৰ যুঁজত আমাৰ সেনাপতি চন্দ্ৰ গোহাঁইদেৱ পৰিল। তেওঁৰ লগতে আন আন দুই চাৰিজন বীৰ পৰাত আমাৰ বল ক্ষীণ হ'ল। মানহঁতে তৰোৱাল লৈ খেদি আহি আমাৰ সৈন্যেৰে সৈতে হতাহতি যুঁজ কৰি আমাৰ অসমীয়াক ঘটুৱালে। আমাৰ প্ৰায় তিনি চাৰিশ ৰণুৱা সিহঁতে ধৰি বন্দী কৰিলে। ৰুচিনাথ গোহাঁইদেৱে কথমপি প্ৰাণ লৈ উলটি আহি ৰংপুৰত খবৰ বাতৰি দিলেহি। মান জিকা আৰু চন্দ্ৰগোহাঁইদেৱ যুঁজত মৰা শুনি হেন মান আহি নগৰ নৌ পাওঁতেই বুঢ়াগোহাঁইৰ পৰলোক হ'ল। ডাঙৰীয়া! কেৱে কয়, বুঢ়াগোহাঁই ডাঙৰীয়াই তেওঁৰ আঙুলিত থকা হীৰাপতোৱা