পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰাপাটতে ঈশ্বৰ কৃষ্ণক সপোনত দেখিলো মোৰতো সিদ্ধিয়ে হ'ল। মোক আৰু কেলেই গুৰু লাগিছিল। ডাঙৰীয়া! আপুনি নিজৰ মনতে, নিজৰ অভিজ্ঞতাৰ ওপৰতে নিৰ্ভৰ কৰি ভাবি চাওকচোন মন বোলা এই বস্তুটো কেনে চঞ্চল। আজি আপোনাৰ মনত, সংসাৰত কিছু ঠেলা-হেঁচা খাই বৰ বৈৰাগ্য উপস্থিত হ'ল; কাইলৈ বা পৰহিলৈ সংসাৰৰ ঠেলা-হেঁচা আঁতৰি গৈ আপোনাক বৰ সুখৰ অৱস্থাত তুলিলে, তেতিয়া আপোনাৰ মনত সেই দুখৰ অৱস্থাত ওপজা বৈৰাগ্য ভাবটো থাকেনে বা থাকিব খোজেনে? আপুনি পাব পাৰে গীতাত অৰ্জ্জুনৰ নিচিনা ভক্তেও প্ৰভু কৃষ্ণক কৈছে— "চঞ্চলং হি মনঃ কৃষ্ণ প্ৰমাথি বলবদ্দধং তস্যাহং নিগ্ৰহং মনো বায়োৰিব সুদুষ্কৰং।" ইয়াৰ উত্তৰত প্ৰভু কৃষ্ণে কি কৈছে তাকো মনত কৰকচোন— "অসংশয়ং মহাবাহো! মনোদুনিগ্ৰহঃ চলং অভ্যাসেন তু কৌন্তেয়। বৈৰাগ্যেন চ গৃহ্যতে।" ডাঙৰীয়া! মন বৰ চঞ্চল বস্তু। অৱশ্যে তিৰোতাজনী দেখি অহাৰ পিছত মই বৈৰাগ্য ভাবত সপোনত কৃষ্ণক দেখিছিলোঁ; সিমানতে বা দীক্ষা-ভজন নল'লোহেঁতেন তেনেহ'লে ডাঙৰীয়া! আপুনি ডাঠি ক'ব পাৰেনে যে মই আজি এই অৱস্থাতে থাকিলোঁহেঁতেন? মোৰ মনৰ পৰা সেই কৃষ্ণ কিজানি কিমান দূৰলৈ গ'লহেঁতেন আৰু কৃষ্ণৰ ঠাইফেৰা হয়তো কত ৰকম ভূত-প্ৰেত অৰ্থাৎ পাপভাবে অধিকাৰ কৰিলেঁহেঁতেন তাকনো কোনে কব পাৰে?"

 ডাঙৰীয়া—"আতৈ! মই কথাটো নুবুজিলো। গুৰুধাৰণ নকৰা হ'লেও কিজানি আপুনি শুদ্ধ মনেই থাকিলহেঁতেন, গুৰুধাৰণ কৰিহে আপুনি শুদ্ধমনে ৰৈছে তাৰনো প্ৰমাণ কি?"

 আতৈ—"ডাঙৰীয়া! আপোনাক সহজভাব কওঁ। সপোনত কৃষ্ণ যেন নিধি অকস্মাৎ কেতিয়াবা পালেও বা দেখিলেও দিঠকত সেই নিধি প্ৰায় পাহৰা যায়। গুৰুধাৰণৰ পৰা অৰ্থাৎ গুৰুধাৰণ আৰু গুৰুৰ পৰা নাম, মন্ত্ৰ, ভজন ইত্যাদি লোৱাৰ পৰা এইটো হয় যে যি ইষ্ট তুমি সপোনত দেখিলা সেই ইষ্টৰ ধাৰণা গুৰুৱে দিয়া নাম, মন্ত্ৰ দীক্ষাৰ পৰা হৃদয়ত দকৈ বহে। অন্তত গুৰুৱে দিয়া মন্ত্ৰ নিতে সংগোপনে আবৃত্তি কৰিলে আৰু শ্ৰৱণ, কীৰ্ত্তন, মনন, নিধিব্যাসন ইত্যাদি নিতৌ কৰিলে তোমাৰ ইষ্টৰ নাম আৰু ৰূপহৃদয়ৰ পৰা অতি সহজে আঁতৰি যাব নোৱাৰে। আঁতৰিব খুজিলেও এইবিলাক নিত্য ক্ৰিয়াই বাট ভেটি ধৰিব। অৰ্থাৎ প্ৰভু কৃষ্ণৰ নাম তোমাৰ অন্তৰৰ পৰা,