পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দৰাচলতে এইবিলাকে শিষ্যৰ যে উপকাৰ কৰেই গুৰুৰো উপকাৰ কৰে। ধৰ্ম্মৰ এটা প্ৰধান অঙ্গ দান। ধন, সোণ, মাটি, বৃত্তি দিয়াও দান। অপৰ বিধৰ দানতকৈ পিছৰ বিধৰ দান শ্ৰেষ্ঠ, যেহেতু অপৰ বিধৰ দানে দান গ্ৰহণ কৰোঁতাজনৰ ক্ষণিক অথবা এই জীৱনৰ কালটোৰহে উপকাৰ সাধিব পাৰে। কিন্তু ঈশ্বৰৰ নাম-মন্ত্ৰ দানে এই জীৱন, পৰজীৱন, উভয় জীৱনৰে উপকাৰ সাধে। সেইদেখি এনেকুৱা স্থায়ী দান দিওঁতাজন ঈশ্বৰৰ প্ৰিয় হয়। এই দানে গুৰুক অক্ষয় বৈকুণ্ঠ দিয়ে।"

 ডাঙৰীয়া—"আতৈ! আপোনাৰ বাখ্যা মনোৰম। কিন্তু আৰু এটি কথা সোধো। গুৰুনো কেইপ্ৰকাৰ? মূল গুৰুনো কোন?"

 আতৈ—"ডাঙৰীয়া! প্ৰত্যেক নৰ-নাৰীৰে হিন্দুধৰ্ম্ম মতে আদি গুৰু পিতৃ-মাতৃ। পিতৃ সাক্ষাৎ কৃষ্ণ বা শিৱ বা ব্ৰহ্মা, মাতৃ সাক্ষাৎ ভগৱতী। এই সাকাৰ পিতৃ-মাতৃৰ ভাবৰে পৰা নিৰাকাৰ পিতৃ-মাতৃৰ ভাব উৎপন্ন হয়। "পিতা স্বৰ্গ পিতা ধৰ্ম্ম পিতাহি পৰমন্তপ" মাতৃ "দেবী, গঙ্গা।" যিসকলৰ পিতৃ-মাতৃ আছে সেইসকলে পিতৃ-মাতৃৰ অৰ্চ্চনা কৰিলেই সমস্ত ধৰ্ম্ম লভিব পাৰে। নিৰাকাৰ পিতৃ বা মাতৃ ভাবৰ বীজ যিজনে দিয়ে সেইজনেই দীক্ষাগুৰু। যিসকলে এই পিতৃক বা মাতৃক কেনেকৈ ভাবিব লাগে, কেনেকৈ পূজিব লাগে ইত্যাদি কৰ্ম্ম, আনকি লিখা-পঢ়া শিকায় বা কোনো বিষয়তে জ্ঞান দান কৰে সেইসকলেই শিক্ষাগুৰু। যিজনে পোহপাল বা ৰোজগাৰৰ বাট দিয়ে সেইজনেই অন্নদাতা গুৰু। মূল গুৰু পিতৃ-মাতৃ দীক্ষাগুৰু এজন, শিক্ষাগুৰ অনেক।"

 ডাঙৰীয়া—"আতৈ, আকৌ মই নকৈ নোৱাৰোঁ; ক্ষমা কৰিব। আপুনি যদি বিয়া-বাৰু কৰাই ঈশ্বৰ কৃষ্ণৰ চিন্তাৰ লগে লগে সতি-সন্তান ঘটিলেহেঁতেন তেনেহলে আপুনি, মোৰ বিবেচনাৰে, দেশৰ মহৎ উপকাৰ সাধিলেহেঁতেন। তাকে নকৰি আপুনি এই দীঘল মানৱী জনমটো উদাসীনভাৱে কটাই আপুনি জানিবা নিজৰ গতি সাধিলে, কিন্তু আপোনাৰ মৰমৰ অসমৰ অৰ্থেনো কি কৰিলে?"

 আতৈ—(হাঁহি হাঁহি) "ডাঙৰীয়া! আপুনি সেই একেটা কথাতেই বাৰে বাৰে হেঁচা দিছে। বাৰু! মই যদি আকৌ বিয়া কৰাই সতি-সন্তান কেতসোপামান তুলিলোঁহেঁতেন তেনেহ'লেই মই দেশৰ মহৎ উপকাৰ কৰা হ'লহেঁতেন নে? মনত কৰক, মই জানিবা সাত বেটাৰ বাপ হলোঁহেঁতেন