পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাইছে। সেই ডাঙৰীয়াজনৰ আতৈৰ ফালে এইদৰে সঘনে চোৱাৰ পৰ অনুমান হ'ল যে তেওঁ আতৈৰ কেতিয়া জপ ভাঙে তালৈকে বাট চাই আছে।

 আধাঘণ্টামান সময়ৰ পাছত আতৈৰ জপ ভাগিল। ডাঙৰীয়া জনে ক'লে--"আতৈ! কালি ক'ব খোজা কাহিনীটি কবলৈ কৃপা হব জানো?" আতৈয়ে সুধিলে—"কি কাহিনী ডাঙৰীয়া?" ডাঙৰীয়া--"কালি যে কওঁ বুলিছিল আপোনাৰ সেই আদ্যোপ্ৰান্ত কাহিনী।"

 আতৈ--"অ' বাৰু কওঁ শুনক। শুনি বা কৈয়েই বা কি লাভ, তথাপি আপুনি ইচ্ছা কৰিছে যেতিয়া কবই লাগিব। নক'লে জানো ভাল পাব?"


দ্বিতীয় অধ্যায়

 মই ৰংপুৰ জিলাৰ পানীদিহিং মৌজাৰ লাহন গাঁৱত ১৭০৯ শকত জন্মো। ময়ে মোৰ আই-বোপাইৰ প্ৰথম পুত্ৰ। মোৰ দুটি ভাই আছিল। বোপাই এই সত্ৰৰে এজন বৰমেধি আছিল। উপৰিজনা ঈশ্বৰ পুৰুষে বোপাইক বৰ মৰম কৰিছিল। বোপাইৰ হেনো ভালেমান বয়সলৈকে ল'ৰা-ছোৱালী হোৱা নাছিল। সেইদেখি বোপৱায়ে আইৰে সৈতে এবাৰ সত্ৰলৈ আহি ঈশ্বৰ পুৰুষক নিজৰ দুখ নিবদেন কৰিলে। ঈশ্বৰ পুৰুষে হেনো প্ৰসন্ন আইক তিনিটি ঢোপ দিলে। সেই ঢোপৰ বলতে আমি একে আনজে তিনিটি ভাই ওপজো। বহুদিন আই-বোপাইৰ ল'ৰা-ছোৱালী নাই সেইদেখি মই ওপজাত বোপায়ে হৰিষ পাই অনেক আনন্দ-উৎসৱ কৰিলে আৰু মোৰ পাঁচ বছৰ বয়স হওঁতে এবাৰ আমাক সত্ৰলৈ আনি ঈশ্বৰ পুৰুষৰ চৰণত ভেটিলে। ঈশ্বৰ পুৰুষে হেনো মোক নিৰ্ম্মালি দি সুধিছিল—"নিৰ্ম্মল! তই ভকত হবিনে?" মই হেনো ঠানাক-ঠুনুক মাতেৰে কৈছিলঁ—"মই ভকত হ'মতো!" তেতিয়া হেনো ঈশ্বৰ পুৰুষে হাঁহি কৈছিল—"বাৰু! আগেয়ে ঘৰ-গৃহস্থী কৰিবি, পিছত ভকত হবি।" বোপায়ে ঈশ্বৰ পুৰুষৰ এই বাক্যত মহা আনন্দ পাই আমাক লৈ ঘৰলৈ উভতিল। আই-বোপাইৰ আদৰত দিনে দিনে বাঢ়িলোঁ। মোৰ বয়স একুৰিৰ ওচৰ চাপিল। বোপায়ে মই নজনাকৈ এজনী ছোৱালী খুজিলে।