পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মোৰ এই গীত গোৱা হ'ল মাথোন এনেতে ৰূপহীও ভিতৰৰ পৰা ওলাই আহি মোৰ ফালে একেথৰে চাই শেহত সুধিলে—"আতৈ! আপুনি ক'ৰ পৰা আহিছে?" মই ধৈৰ্য্য ধৰি কলোঁ—"মই আগৰ ৰংপুৰৰ মানুহ। সৰুতে আই বোপাই মৰিল। মোৰ এই সংসাৰত কেৱে নাই। মই দক্ষিণপাটৰ সেৱক। মই এইদৰেই খুজি মাগি খাই ফুৰোঁ। য'তে ৰাতি হয় ত'তে থাকোঁ। মোৰ ঘৰ-দুৱাৰ নাই।" ৰূপহীয়ে সুধিলে—"আতৈ! আপুনি সৰুৰে পৰা উদাসীননে? আপুনি বিয়া-বাৰু কৰোৱা নাছিলনে?" মই ক'লোঁ—"সেইবিলাক মোক নোসোধাই ভাল। আৰু এটি গীত গাই উঠিবহে খোজোঁ। আৰু দহঘৰ ফুৰিলেহে আমাৰ নিচিনা দুখীয়া মগনীয়া মানুহৰ পেটৰ ভাত মিলিব।" এই বুলি কৈয়েই আকৌ খঞ্জুৰিত চাপৰ মাৰি গালোঁ—

"মন-কৰা হৰি নাম গান।
স্মৰা দয়াল হৰি পতিত পাবন।
গোৱা-পতিত তাৰক নাম হৰে জনাৰ্দ্দন
মিছা আশা মিছা ইচ্ছা মিছা ই সংসাৰ
মিছাতে পৰি আছোঁ আমি চৰাচৰ
মিছা ঘৰ মিছা দ্বাৰ মিছাই জীৱন
মায়া মোহে পৰি আমি হৰাইলোঁ চেতন।।
দিন যায় ৰাতি যায় মাস ঋতু
ভব তৰিবাৰে আনি নাবান্ধিলোঁ সেতু।
কৃষ্ণনাম মহাধন নাজানিলোঁ আমি
অমূল্য মানৱী জন্ম মিছাই হৈল হানি।।

 গীত গোৱা হ'ল। ৰূপহীয়ে দেখোন দীঘলকৈ হুমুনিয়া এটা মাৰি ক'লে—"কেৱে কিছু নাই দেখিহে দেহি ঐ এইদৰে ফুৰিছা, আতৈ?"

 মই কলোঁ—"হয়! এতিয়া বিদায়হে মাগোঁ" এইবুলি একেচাবে উঠিলোঁ। ৰূপহীয়ে "ৰ'ব ৰ'ব আতৈ! মই এফেৰা যি হয় দিওঁ" বুলি কৈ ভিতৰলৈ গৈ দুকঠামান চাউল আনি দিলে। অলপ পইচাও দিলে। মই চাউল দুকঠা জোলোঙাত সুমাই লৈ দুয়ো হাত তুলি ৰূপহী আৰু সিহঁতৰ ল'ৰাটিক আশীৰ্ব্বাদ দি উলটিলোঁ। ডাঙৰীয়া! বহালৈ অৰ্থাৎ থকা ঠাইলৈ আহি ওৰে গধূলি পৰটো চকুৰে ধাৰাসাৰ লো বোৱালোঁ। ওৰে নিশা ঢাৰিপাটিত ছাতি-ফুটি কৰিলোঁ। পুৱাই কাকো একো নোকোৱাকৈয়ে বোকাখাট এৰি ডেৰগাঁৱৰ