পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোনটো বস্তু? বাপেকৰ আগত পুতেক মৰি যায়, বাপেকে দেখোন ৰাখিব নোৱাৰে। পত্নীৰ আগত পতি মৰি যায়, পত্নীয়ে ৰাখিব পাৰেনে? এই যে গছডাল দেখিছে ইও ছায়া বা মায়াহে। যিহেতু ইও অনিত্য, এদিন মৰি পচি-সৰি যাব। এই যে বিশাল ব্ৰহ্মপুত্ৰ নদটো দেখিছে ইয়াৰ গতিও এদিন লৰিব। ইও ছায়াহে। আপোনাৰ, মোৰ এই যে সুন্দৰ দেহ দেখিছোঁ ইও এদিন প্ৰাণবায়ুটো গ'লে পুৰি ছাঁই-ভস্ম হৈ মাটিৰ লগত মিলিব। এই সমস্ত বিশ্বসংসাৰো হয়তো সময়ত, কোটি কোটি যুগৰ পিছত লৰিব। কাজে কাজে এই সমস্ত বিশ্বসংসাৰেই ঈশ্বৰৰ ছায়া বা মায়াৰহে বিকাশ- অনিত্য। ঈশ্বৰেহে আচল সত্য বস্তু। সেই ঈশ্বৰক যেয়ে যিভাৱে ভাল পায় সেইভাৱে মাতে বা চিন্তে। যদি ঈশ্বৰক নিচিন্তি কেৱল খোৱা, শোৱা, পিন্ধা-উৰাত জীৱনটো কটোৱা যায় তেনেহ’লেনো মানুহৰে আৰু পশুৰে প্ৰভেদ কি? আৰু সংসাৰত সকলো জাতৰ মানুহৰেইনো ধৰ্ম্ম আছে, ঈশ্বৰ আছে বুলি কেলেই কয়? ডাঙৰীয়া, মানৱী জনমটো অকল বিষয়-সুখতে কটোৱাটো উচিত হোৱা হলে ৺মাধৱদেৱৰ নিচিনা মহাপুৰুষে নাগালেহেঁতেন—

বিষয় সম্বন্ধ   ইন্দ্ৰিয়ৰ সুখ
সমস্ত যোনিতে পায়।
পৰম দুৰ্ল্লভ   হৰিৰ ভকতি
মনুষ্যত পৰে নাই।।

 খোৱা-লোৱা-থকাই মনুষ্য-জনমৰ চৰম লক্ষ্য হোৱা হ’লে, ধৰ্ম্ম বোলা এটা বস্তু, ঈশ্বৰ বোলা এটা ভাব, এই পৃথিৱীত নেথাকিলহেঁতেন আৰু এই ধৰ্ম্ম আৰু ঈশ্বৰৰ অৰ্থে অসংখ্য নৰ-নাৰীয়ে, মহা মহা পুৰুষসকলে যুগ-যুগান্তৰৰ পৰা নিজৰ নিজৰ জীৱনবিলাক উছৰ্গা নকৰিলেহেঁতেন।"

 ডাঙৰীয়া—"আতৈ! মই যে কৈছিলোঁ গুৰুৱে যে শৰণ-ভজন ইত্যাদি দিয়ে এইবিলাক প্ৰথাও গুৰুসকলৰ ৰোজগাৰৰ বাট বহল কৰাৰহে ফাঁকতি। ইয়াৰ উত্তৰ কি? শিষ্যৰ জানিবা ঈশ্বৰ কৃষ্ণলৈ যাব পৰা বাটটো চিনাই দিয়াৰ বাবে লাভ হ’ল। গুৰুৰনো নিজা লাভ কিটো?"

 আতৈ—"ডাঙৰীয়া! গুৰুৱে যদি শৰণ দিয়া, শিক্ষা দিয়া, নামমন্ত্ৰ দিয়া এইবিলাক কাৰ্য্য কেৱল নিজৰ জীৱিকাৰ উপায় কৰা বা ৰোজগাৰ বঢ়োৱাৰ বাট বুলি ভাবে তেন্তে দৰাচলতে গুৰুগিৰি দোকানদাৰিত পৰে। কিন্তু যদি গুৰুসকলে শিষ্যৰ নিস্তাৰৰ কাৰণে এই সমস্ত দিয়ে তেন্তে