পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


 আতৈ—"বাৰু আকৌ কাইলৈ আহিব। যি সোধে শক্তি চাই তাৰ উত্তৰ আপোনাক জনাম।"

 ডাঙৰীয়া উঠি গ'ল; কিন্তু তেওঁৰ প্ৰাণত খেলিব ধৰিলে "প্ৰভু! তোমাৰ কৃপাত নিৰ্ম্মল আতৈ ধন্য। নিৰ্ম্মল আতৈ ধন্য! নিৰ্ম্মল আতৈ দৰাচলতে ত্যাগী, সিদ্ধ মহাপুৰুষ। ময়ো ধন্য যে এনেকুৱা এজন বীৰ, ত্যাগী, দেশহিতৈষী, প্ৰেমিক মহাপুৰুষেৰে সৈতে মন প্ৰাণ খুলি কথা-বতৰাৰ সুবিধা পাইছোঁ। শাস্ত্ৰৰ বিধান বা কেনে কোমল! কেনে কঠোৰ! আৰু বুজিলে কেনে যুক্তিপূৰ্ণ।


চতুৰ্ব্বিংশ অধ্যায়

 পিছদিনা ডাঙৰীয়াজন আকৌ যথাসময়ত আতৈৰ ওচৰতে আহি বহিল। আতৈয়ে ক'লে—"ডাঙৰীয়া! আপুনি কি সুধিব খুজিছে সোধক।" ডাঙৰীয়াজনে ক'লে—"আতৈ! মোৰ কথাটো এই—আপুনি কৰাপাততে সপোনত আপোনাৰ কৃষ্ণক যেতিয়াই দেখিছিল তেতিয়াইতো আপোনাৰ সিদ্ধি হৈয়ে গৈছিল, এনেস্থলতো আপোনাৰ আকৌ গুৰু লৈ শৰণ ভজন, দীক্ষা ইত্যাদি ল'বৰ কি আৱশ্যক আছিল? মোৰ মনেৰে হলে এই গুৰুগিৰিটো গুৰুসকলৰ নিজৰ ৰোজগাৰ বঢ়োৱাৰহে বাট। ক্ষমা কৰিব মই এই ফেৰা টান কথা কলোঁ।"

 আতৈ—"ডাঙৰীয়া। আপুনি এইষাৰ টান কথা ক'লে। বাৰু মই কওঁ শুনক—হিন্দু ধৰ্ম্মৰ বাটত চলিবলৈ হলে গুৰু নহলেও নহয়। ধৰ্ম্মৰ বাট বৰ জটিল। সেই বাটেদি যাবলৈ হলেই বাট দেখুৱাওঁতা এজন লাগিবই। বাট দেখুৱাওঁতা নহলে বৰকৈ খুন্দা কাটল খাই ক'ৰবাত হাত-ভৰি ভাঙিব পাৰে। গু মানে আন্ধাৰ আৰু ৰু মানে যি সেই আন্ধাৰ হৰণ কৰি পোহৰ দেখুৱাই দিয়ে। গুৰুৱে দেখুৱাই নিদিলে বা চলাই নিনিলে, কি কৃষ্ণ-বিষ্ণু; কি শিৱ-দূৰ্গা, কি সূৰ্য-গণেশ কাকো পোৱা নাযায়। মোৰ বিচিনা নিঃকিনৰ কথা এৰকেই, যিসকল অৱতাৰী পুৰুষ হৈ গৈছে সেই সকলোকো লোক-শিক্ষাৰ অৰ্থ হলেও গুৰুৰ আৱশ্যক হৈছিল। বিনা গুৰুৱে হিন্দু ধৰ্ম্ম লাভ নহয়। হিন্দু ধৰ্ম্মটোৱেই গুৰু আৰু ব্ৰাহ্মণ এই দুটা ভেটিৰ ওপৰত স্থাপিত। এই দুটা বাদ দিলে হিন্দুধৰ্ম্ম নাথাকে। আপুনি কৈছে যে মই যেতিয়াই