পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইচ্ছাত মানৰ দেশলৈ যোৱা নাছিলোঁ। যুঁজত বন্দী হৈ গৈছিলোঁ, তথাপি মোৰ এই বিলাই! ধন্য মোৰ দেশ! ধন্য মোৰ হিন্দুধৰ্ম্ম! ধন্য মোৰ দেশী ভাইসকল! ধন্য মোৰ বৈকুণ্ঠখনো! মোৰ মনত এনেকুৱা ভাব হৈছিল যে সংসাৰ গোটেইখন ঝুঠা। হাঁয়! কেলেই মই মানৰ দেশ এৰি নিজৰ দেশলৈ ইমান হেঁপাহ কৰি আহিলোঁ। কেলেই মই মানৰ দেশত নিজক নিজে বঞ্চি আহিলোঁ। আন আন অসমীয়া মানুহৰ দৰে তাতে দেখোন মই, হয় ইয়াৰ পৰা ধৰি নিয়া যেই সেই অসমীয়া ছোৱালী এজনী, অথবা এজনী মান-গাভৰুকে ৰাখি সুখেৰে থাকিব পাৰিলোঁহেঁতেন। যিসকলে কপাল সাৰোগত কৰি তাতে ঘৰ-গৃহস্থী কৰি ৰৈছে সেইসকল দেখোন সুখেৰেই ৰ'ল। মইনো কেলেই তাত থকা অসমীয়া বন্ধু-বান্ধৱৰ কথা নুশুনিলোঁ। মোকতো সকলোৱে কৈছিল যে "ভাই তইনো এইদৰে কেলেই থাক? তইও এজনী গাভৰু ৰাখি আমাৰ দৰে সুখেৰে থাক।" মইনো কেলেই সেইবিলাক কথা নুশুনিলোঁ। দেশলৈ মৰম আৰু ৰূপহীলৈ অকৃত্ৰিম প্ৰেমৰ ফলেৰেই আজি মোৰ এই দুৰ্দ্দশা! হাঁয় মোৰ দেশ! হায় ৰূপহী! তহঁতেই মোৰ এই গতি কৰিলো! ডাঙৰীয়া এনেকুৱাবিলাক কথা মোৰ মনলৈ আহি মোৰ চকুত ধাৰাসাৰে লো ব'লে। মই নিজৰ দেহটোক আৰু প্ৰাণটোক সেই মুহূৰ্ত্তৰে পৰা আকৌ কৃষ্ণত সমৰ্পন কৰি সেই নিশা বাহিৰ কৰাপাটতে বাঘ-ঘোঙ্‌ একোলৈকে ভয় নকৰি পৰি থাকিলোঁ। অৱশ্যে মই দিনে পোহৰেই ওচৰৰ গাঁৱত গৈ আশ্ৰয় ল'ব পাৰিলোহেঁতেন। কিন্তু শেষত ভাব হ'ল যে এই দেহটো থকা যি নথকাও সেই! যদি প্ৰাণ যাবলগীয়া আছে তেন্তে এই কৰাপাটতে যাওঁক।


বিংশ অধ্যায়

 সকত সকলে মোক দেখিয়েই জাতিভ্ৰষ্ট মেলেছ বুলি এৰি থোৱাৰ পিছত নিশা হ'লত মই এই লেখীয়া ভাবিবিলাক মানতে ভাবি গাৰ বৰ কাপোৰখন মেৰাই-ঘূৰাই লৈ মাটিতে লঘোনে ভোকে পৰি থাকিলোঁ। দতকাই মোৰ টোপনি নাহিল। হৃদয়ৰ তলি ফুটি কব নোৱাৰো কি গুণত, ডাঙৰীয়া! মোৰ মুখৰ পৰা এই কেষাৰি পদ আপোনা-আপুনি ওলাল—

দীনবন্ধু কৃপাসিন্ধু পতিত পাবন হৰি।
মাতিছোঁ অধমে প্ৰভু! সকাতৰ কৰি।।