পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কাপোৰ এযোৰ লৈ আহিল। পূজাৰীও আহিল। তেতিয়া আমি এটাইবিলাক ওচৰৰে নৈলৈ গলো। প্ৰভু জগন্নাথে নিজে নৈত নামি স্নান তৰ্পানদি কৰি কাপোৰকানি সলালে। পূজাৰী বামুণে প্ৰভু জগন্নাথৰ আদেশ পাই মোক নৈৰ পাৰতে এক চান্দ্ৰায়ণ পৰাচিত কৰালে। তাৰ পিছত মোক সত্ৰত ভিতৰলৈ লৈ গৈ বুলনি ঘৰতে থাকিবলৈ দি ঈশ্বৰ পুৰুষে নিজে পূজা-সন্ধ্যাত বহিল। প্ৰায় দেড় ঘণ্টামান কাল পূজা-সন্ধ্যা কৰি অঁতাই আহি কুশাসন পাৰি খুটাত আউজি বহিল। পূজাৰীজনে আহি মোক মহাশান্তি কৰিলে। আৰ পিছত ঈশ্বৰ পুৰুষে মোক এজন বৃদ্ধ ভকতক গতাই দি খাব-লবলৈ ব্যৱস্থা কৰাই দিলে। নিজে নামঘৰলৈ গ'ল। তাত মহাপ্ৰভূ ৺ যাদৱৰায়ৰ মূৰ্ত্তি আদি দৰ্শন কৰি নাম প্ৰসঙ্গ কৰালে। নিজে ভাগৱত বাখ্যা কৰি ভাগৱত পাঠ অন্তে খোলেৰে কীৰ্ত্তন কৰি বাজলৈ উলটি আহি ভোজনাদি কৰি জিৰাই শঁতাই বেলি ভাটী দিয়াত মোক আকৌ মতাই নিয়ালে। প্ৰভুৱে এই সমস্ত কৰে মানে মইও সেই ভকতজনৰ পৰা প্ৰসাদ আদি পাই খাই-বই জিৰাই আছিলো।


দ্বাবিংশ অধ্যায়

 ভাটীবেলা খাই-বৈউঠি ঈশ্বৰ পুৰুষে পিন্ধি-উৰি মেলচ'ৰাত খাটলাত কিংখাপ পৰা বিছনাত বহিল। প্ৰধান প্ৰধান ভকতসকলে মাটিতে আঁঠু লৈ বহিল। ময়ো গৈ সেইদৰে সেৱা কৰি বহিলোঁ। মোৰ হাতত মানৰ দেশৰ পৰা অনা যি দুই-চাৰিটা পইছা আছিল সমস্ত অৰ্পন কৰিলোঁ। ঈশ্বৰ পুৰুষে নিৰ্ম্মালি দিলে। তাৰ পিছত সৰুকালৰ পৰা কেনেকৈ ডাঙৰ ডাঙৰ হলো, তেনেকে মানেৰে সৈতে যুঁজি বন্দী হৈ মানৰ দেশত আছিলো সমস্তকে ক'লো। ভকতসকলে আৰু মাজে মাজে ঈশ্বৰ পুৰুষে মোক মানৰ দেশৰ স্বভাৱিক সৌন্দৰ্য্য, খেতি-বাতি, আচাৰ-ব্যৱহাৰ আৰু বৌদ্ধ ধৰ্ম্মৰ বিষয়ে নানা কথা সুধিছিল। ময়ো যথাযথ ভাঙি-ছিঙি ক'লো। মানৰ দেশৰ বিষয়ে কওঁতেই সেইদিনা গধূলি হ'ল।

 পিছদিনা আকৌ সেইদৰে ঠিক কেনেকুৱা সময়তে ঈশ্বপুৰুষে মোক মতাই নি মোৰ বাকী সমস্ত বৃত্তান্ত সুধিলে। ময়ো কেনেকৈ মানৰ দেশৰ পৰা উলটিলো, উলটি আহি সকলো কেনে শূন্য পালো, কিদৰে মই ৰূপহীক