পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰা নাই, পৰাচিত নহওঁ" তেনেহলে এনেকুৱা গোঁৱাৰামি দাম্ভিকতাৰহে চিন, অহঙ্কাৰৰহে কথা। ই বৈষ্ণৱ ধৰ্ম্ম বিৰোধী।" ডাঙৰীয়াজনে ক'লে—"আতৈ! আন মানুহে জানিবা এই পৰাচিতৰ অনুষ্ঠানত নিজৰ বিশ্বাস নেথাকিলেও ভাই-বন্ধু, ইষ্ট-কুটুম্ব, পিতৃ-মাতৃ এই সকলৰ সংসৰ্গ লভিবলৈকে পৰাচিত হয়; কিন্তু আপোনাৰতো ইহ সংসাৰত প্ৰায় কেৱে নাছিল। আপুনি সত্ৰত নেথাকি নিজে নিজেইতো য'তে ত'তে এটা জুপুৰি বান্ধিও থাকিব পাৰিলেহেঁতেন, আৰু আপুনি যি কাঠৰ কাজ জানে তাকে কৰিয়েই দেখোন নিজকো পুহিব পাৰিলেহঁতেন আৰু দহজন দেশীভাইক কাঠ মিস্ত্ৰিৰ কাম শিকাই আপোনাৰ বহুদৰ্শিতাৰপৰা ওপজা শিক্ষা দি উপকাৰ কৰিব পাৰিলেহেঁতেন। গোটেইটো জীৱন সত্ৰত উদাসীন হৈ থাকি দেশৰনো কি উপকাৰ সাধিলে!" আতৈ—"ডাঙৰীয়া! মোৰ মনৰ গতি তেনেকুৱা হোৱা হলে মই সেইদৰেই কৰিব পাৰিলোঁহেঁতেন। কিন্তু মোৰ মনৰ গতি হ'ল জীৱনৰ বাকী ছোৱা মোৰ নিজৰ সত্ৰৰ বৈষ্ণৱসকলৰ সংসৰ্গত থাকি কটোৱা। সেইবাবে মই এই সত্ৰতে ৰ'লোঁহি। দেশৰ দহজনক উপকাৰ কৰিব পৰা কথা যে কৈছে এই বিষয়ে মই পিছত ক'ম। কিন্তু আপুনি যে ক'লে—"যেতিয়াই আপোনাৰ ইহ সংসাৰত কেৱে নাই আপুনি পৰাচিত নোহোৱা হলেও হ'লহেঁতেন" মই এই কথাত অলপ বেজাৰ পালোঁ; কিয়নো মোৰ আই, বোপাই, ভাই, তিৰোতা নেথাকিলেও আপোনালোকৰ দহজনেই মোৰ নিজা নহয়নে? এই বৈষ্ণৱবৃন্দ, এই মোৰ ঈশ্বৰ পুৰুষ, এই মোৰ যাদৱৰায়, এই মোৰ ব্ৰহ্মপুত্ৰ, এই মোৰ অসমত থকা সকলো মানুহ আন কি এই পৃথিৱীৰ মানুহ মাত্ৰেই, আৰু মোৰ দেশৰ গছ, গছনি, তৰু, তৃণ, পক্ষী, পতঙ্গ এই সকলো মোৰ নিজা নহয় নে? মোৰ এই অসমদেশখনেই নিজৰ দেশ নহয়নে? মইনো আন কোন ঠাইত এই নদী, এই হাবি, এই ব্ৰহ্মপুত্ৰ, এই সত্ৰ, এই বৈষ্ণৱবৃন্দ পাম। পৰাচিত নহৈ য'তে ত'তে এঠাইত থকা হলে আপুনিয়েই জানো মোক মনে মনে লেই লেই ছেই ছেই নকৰিলেহেঁতেন? আপুনিয়েই জানো আমাক এই ফেৰা প্ৰীতি কৰিলেহেঁতেন? আমাৰ ওচৰলৈ আপোনাৰ নিচিনা ডাঙৰ মানুহ জানো চাপিলহেঁতেন? পৰাচিত নহলে যি স্থলত মোৰ নিজৰ দেশীভাইসকলৰ সম্পূৰ্ণ লগ নেপাওঁ, তেনেস্থলত এই পৰাচিত ফেৰা হোৱাই বা দোষ কি? বিশেষ ডাঙৰীয়া! মোৰ হতুৱাই যেতিয়া ব্ৰাহ্মণে মন্ত্ৰ মাতি মাতি মোক পৰাচিত কৰিছিল সেই সময়ত