পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁৰ ৰূপ তোমাৰ হৃদয়ৰ পৰা সহজে যাব নোৱাৰিব। এইদৰে এই সমস্ত নিত্য ক্ৰিয়া কৰোঁতে কৰোঁতে অভ্যাসৰ বলত সেই নাম তোমাৰ জীৱ আত্মাৰ অংশ স্বৰূপ হৈ পৰিব। জীৱনত এই নাম আৰু ৰূপ তোমাৰ মনৰ অংশৰ নিচিনা হৈ গ’লে মৰণ কালত সেই নাম মুখেৰে আহিব আৰু সেই ৰূপ তোমাৰ হৃদয়ত অংকিত হ’ব। সেয়ে হ’লে তুমি মৃত্যুৰ সিপাৰলৈ গৈ তোমাৰ হৃদয়ৰ ধন সেই কৃষ্ণক পাবাগৈ। শাস্ত্ৰে কয়—"যাদৃশি ভাবনাৰ্যস্য সিদ্ধিৰ্ভবতি তাদৃশি।" গুৰুসকলেও ইয়াকেহে শিকায়। ইয়াকেইহে প্ৰভু কৃষ্ণে "অভ্যাস" আৰু "বৈৰাগ্য" বুলিছে। মই সপোনত কৰাপাটত যি ৰূপ দেখিছিলো সেই ৰূপকে ধ্যান কৰিবলৈ, সেই ৰূপকে গাবলৈ, স্তুতি কৰিবলৈ, কীৰ্ত্তন কৰিবলৈ, সেই প্ৰভুৰ নামকে ল’বলৈ মোৰ প্ৰাণৰ গুৰুদেৱে উপায় দিছে আৰু লগত পাৰ্ষদৰূপে ৰাখিও তাকেহে শিকাইছে। ডাঙৰীয়া! চাওক গুৰু কেনে পৰম বস্তু। কেনে বন্ধু, পিতা, আশ্ৰয়দাতা। গুৰু সাক্ষাৎ ভগৱান! আনকি গুৰুৰ আকাৰ কৃষ্ণ বুলিলেও হানি নাই। মোলৈ হলে বৰং কৃষ্ণকে নালাএ তথাপি মোক গুৰু লাগে। গুৰুক পালেহে কৃষ্ণক পাম। গুৰুক নাপালে কৃষ্ণকো নাপাওঁ। গুৰু তুষ্ট হ'লেহে কৃষ্ণ তুষ্ট হয়। ডাঙৰিয়া হিন্দুৰ গুৰু পৰম ধন— বিশেষ মন্ত্ৰদাতা গুৰুজন। ডাঙৰীয়া! মই এইখিনিতে আকৌ নাগাই নোৱাৰোঁ— "গুৰু মোকে দয়া নাছাড়িবা এ।" ডাঙৰীয়াজনে ক'লে—"আতৈ! কথা এটা আকৌ সোধোঁ। সপোনৰ কৃষ্ণ এটা মায়া বা মৰীচিকা মাথোন নহয়নে? আৰু সেই মৰীচিকাৰ অৰ্থে সমস্ত জীৱনটোকে এই পৃথিৱীৰ এই সুখভোগ ত্যাগ কৰি দুখেৰে কটোৱাটোনো কি ভাল? ছাঁয়া এটাৰ পিছে পিছে ফুৰি জীৱন কটোৱাৰ লাভ কি? সংসাৰলৈ আহিছোঁ খাম-ল'ম সুখেৰে থাকিম, তাকে নকৰি কৃষ্ণ কৃষ্ণ বা দুৰ্গা দুৰ্গা বা শিৱ শিৱ বুলি ছাঁয়া এটা খেদি ফুৰাৰ লাভ কি?"

 আতৈ—"ডাঙৰীয়া! আপুনি মোক আকৌ অন্যায় কথা সুধিলে। অৱশ্যে আপুনি যেতিয়াই মোত নিৰ্ভয়ে কথা সুধিবলৈ আগেয়ে অনুমতি লৈছে, অৱশ্যে তেতিয়াই মই আপোনাৰ এনেকুৱা নাস্তিক ভাবৰ প্ৰশ্নৰো যথাসাধ্য উত্তৰ দিওঁ শুনক। আপুনি দেৱীৰ, কৃষ্ণৰ, শিৱৰ ৰূপকেইটাক ছাঁয়া বা মৰীচিকা-মায়া বুলিছে। বাৰু! মই সোধোঁ— আপোনাৰ এই দেহটো আনকি গোটেই জীৱনটো এটা মায়া বা ছাঁয়া নহয়নে? ধন, ঐশ্বৰ্য্য, বিভূতি, পুত্ৰ, কন্যা, স্ত্ৰী ইত্যাদি সকলো অনিত্য নহয়নে? আপোনাৰ আৰু মোৰ নিজৰনো