পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাদে সাধাৰণ প্ৰজাৰ ওপৰত বিশেষ একো অত্যচাৰ কৰা নাছিল। কিন্তু সিহঁতে তৃতীয় বাৰ অসম আক্ৰমণ কৰোঁতে যিহে উপদ্ৰৱ কৰিলে সেই কথা মনত পৰিলে এতিয়াও গাৰ নোম শিঁয়ৰি উঠে। সিহঁতে কিমান মানুহ, ল'ৰা-ছোৱালী, বুঢ়া-বুঢ়ী যে মাৰিলে তাৰ লেখ-জোখ নাই। মাকৰ বুকুৰ পৰা কেচুৱা ল'ৰা টানি আজুৰি ওপৰলৈ ঢোপ মাৰি দি তলত তৰোৱাল পাতি কাটিলে। গিৰীয়েকৰ আগত ঘৈণীয়েকৰ জাতি ভ্ৰষ্ট কৰিলে, বুঢ়া-বুঢ়ী বিলাকক হালে হালে সাঙুৰি কাটিলে, ঠায়ে ঠায়ে গাঁওবিলাকত জুই লগাই দি আগেয়ে মানুহক ঘৰৰ ভিতৰত ৰাখি বাহিৰে দুৱাৰ বান্ধি লৈ ঘৰত জুই দি মানুহ পুৰি মাৰিলে। কাকো কাক তৰোৱালেৰে পেট ফালি মাৰিলে। সিহঁতৰ পৈশাচিক অত্যাচাৰ সহিব নোৱাৰি অসমীয়া মানুহ জাকে জাকে কোন কেনি পলাল ঠিক নাই। গাঁও এৰি অসমীয়া মানুহে হাবি-বননি, কচুৱনি, পিটনি এইবিলাকত আশ্ৰয় ললে। আমিও সেইখান ভঙানিতে ওপজা ঠাই এৰি এইখিনি পালোঁহি। মই সুধিলোঁ—"ককাই, তুমি লাহন গাঁৱৰ জনাৰ্দ্দন মেধিক জানানে?" বুঢ়াই ক'লে—"এ বোপাই! জানোতো। তেওঁৰ ঘৰ আমাৰ ওচৰতে আছিল। তেওঁ ধনে-ধানেও চহকী আছিল।" মই সুধিলোঁ—"ককাই! তেওঁৰ ল'ৰা-ছোৱালী, বোৱাৰী ইত্যাদিৰ কি অৱস্থা হ'ল ক'ব পাৰেনে?" বুঢ়াই ক'লে—"এ বোপাই! ক'লে কি হ'ব। বৰ দুখ লাগে। তেওঁৰ বৰ ল'ৰাটো মানৰ দ্বিতীয়বাৰৰ যুঁজলৈ গৈছিল। সেই যুঁজত সি মৰিলেই নে নামে তাক বন্দী কৰি ধৰিয়েই নিলে একো কব নোৱাৰোঁ। মানহঁত উলটো যোৱাৰ ছমাহমানৰ মূৰতে তাৰ মাহীয়েক ঢুকাল।" বুঢ়াই এই কথাবোৰ কোৱা মাত্ৰই মোৰ চকুৰে দুধাৰ লো ব'লে। মোক শোকে খুন্দা মাৰি ধৰিলে। বুঢ়াই মোৰ অৱস্থা দেখি সুধিলে—"আতৈ, তুমি দেখোন এই কথাষাৰত শোকাকুল হ'লা। নিৰ্ম্মলৰ মাহীয়েক তোমাৰ কিবা লাগে নেকি?" মই দেখিলোঁ যে মই ধৰা পৰিলোঁ। বুঢ়াক কলোঁ—"মই বাৰু পিছত ক'ম। মোক অনুগ্ৰহ কৰি নিৰ্ম্মলৰ ভায়েক আৰু ঘৈণীয়েকৰ কি হ'ল তাকো সবিশেষ কোৱা।" বুঢ়াই দীঘলীয়া হুমুনিয়াহ এটা কাঢ়ি ক'লে—"আতৈ! দ্বিতীয় বাৰ মানৰ আক্ৰমণৰ পিচত নিৰ্ম্মলৰ ভায়েক এটা আছিল। তৃতীয়বাৰ মানৰ যুঁজত সিও ৰজা ঘৰৰ ফলীয়া হৈ যুঁজলৈ গৈছিল, সেই যুঁজতে সি মৰিল।" বুঢ়াজনে এইবাৰ কথা কোৱা মাত্ৰেই মোৰ ফেকুৰি ফেকুৰি কান্দোন ওলাল। বুঢ়াই বুজিলে মই কোন। তেওঁ ক'লে—"বোপা