পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আন এক মৰম হৈছিল। পোন প্ৰথমেই মই সেইটোনো কি মৰম বুজিব নোৱাৰিছিলোঁ; কিন্তু শেষত ভাবি-চিন্তি বুজিলোঁ যে মোৰ আগৰ ল'ৰাকালিৰ লগৰীয়াৰ মৰম সেই সময়ৰ যৌৱনৰ প্ৰণয়ত পৰিণত হৈছিল। আগগুৰি একো নাভাবিয়েই ৰূপহীৰ প্ৰণয় সাগৰত মোৰ এই নৌকাখনি এৰি দিছিলোঁ। দিনে-ৰাতিয়ে ৰূপহীয়েই মোৰ ধ্যান, ৰূপহীয়েই মোৰ চিন্তা, ৰূপহীয়েই মোৰ সকলো হৈছিল। মোৰ আই-বোপায়ে আৰু তাইৰো মাক-বাপেকে মাজে-সময়ে হকা-বাধা কৰিলেও মই মনে মনে চ'ত আৰু বহাগৰ বিহুত তাইৰ লগত নচা-বগা কৰিছিলোঁ। পালে দুই এটা লঙো দিছিলোঁ। তাই মোৰ বস্তুবিলাক অনাদৰ নকৰি বৰং অতি হেঁপাহেৰে আৰু মৰমেৰে গ্ৰহণ কৰিছিল।


চতুৰ্থ অধ্যায়

 বুঢ়া লোকে কয়, প্ৰকৃত প্ৰণয়ৰ বাটত হেনো ভালেমান কাঁইট। ফুলি থকা গোলাপ ফুলটি ছিঙিবলৈ গ'লে হেনো কাঁইটে বিন্ধে। মোৰ নিচিনা অৱস্থাত আন মানুহৰ কি হয় কব নোৱাৰোঁ; কিন্তু মোৰ গাত হলে এইফাঁকি বচন সম্পূৰ্ণ খাটিল। ৰূপহী মোৰ একে জাত-কুলৰ হলেও বোপায়ে তাইক মোলৈ যোৰ হেন নাভাবিলে। ৰূপহীহঁত আমাৰ এচৰ-চুবুৰীয়া। ওচৰ-চুবুৰীয়া বস্তু দেখিবলৈ ভাল হলেও, অনেক সজ গুণেৰে বিভূষিত হলেও ভাল নেলাগে, চকুত নপৰে। দূৰৰ বস্তুটো বেয়া হলেও ভাল। এইবিলাকৰ উপৰিও ৰূপহীৰ মাক-বাপেক দুখীয়া, বোপাইৰ দৰে বৰমেধিৰ ঘৰৰ নহয়। এইবিলাক কাৰণেই মই ৰূপহীক চেনেহ কৰা কথা অলপ-অচৰপ গম পালেও বোপায়ে নিজৰ বংশ-গৌৰৱ ৰক্ষা কৰিবলৈ আন এখন গাঁৱৰ এজন মেধিৰ ঘৰৰ ছোৱালী এজনীলৈ জোৰণ পেলালে। মই এই কথাৰ গম পাই বৰ বেজাৰ পালোঁ। কিন্তু বেজাৰ পালেনো কি হ'ব? দেউতাক মুখ ফুটাই কোনো কথাকে সাহ কৰি ক'ব নোৱাৰিছিলোঁ। তিনি দিন ভাবি-চিন্তি থিৰ কৰিলোঁ যে ৰূপহীক মই মনে মনে এইবিলাক কথা কৈ তাইৰ নো মোলৈ প্ৰকৃত মৰম আছেনে বুজোঁ। যদি তাইৰ মোলৈ মৰম নাই তেন্তে বোপায়ে যি কৰে কৰক আৰু তাইহে যদি মোক ভাল পায় তেন্তে বোপাইৰ কথা নুশুনো। মনত যি আছে কৰিম।