পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলচি লগোৱা। প্ৰায় মানুহৰে ঘৰবিলাক কাঠৰ। সিহঁতৰ ধৰ্ম্ম-মন্দিৰবিলাক আমাৰ দৌলৰ দৰে জোঙা দেখিবলৈ ধুনীয়া, কিন্তু কাঠৰ। টুপবিলাকত সোণৰ কলচি, কাঠবিলাকত যে কি বিচিত্ৰ নক্সা-কটা তাক বৰ্ণাই অঁতাব নোৱাৰিল মান মানুহবিলাক সূতাৰৰ কামত বৰ পকা। মন্দিৰবিলাকত হালধীয়া কাপোৰ পিন্ধা ফিঙ্গু নামেৰে সিহঁতৰ গোসাঁই আৰু পুৰোহিতবিলাক থাকে। মানৰ তিৰোতাবিলাক তেজগোৰা বগা; দেখিবলৈ ধুনীয়া কেৱল অনেকৰে কি প্ৰায় সকলো বিলাকৰেই নাকবিলাকহে চেপেটা। সিহঁতে নানা বৰণৰ বিশেষকৈ হালধীয়া, ক'লা, ৰঙা, ৰেছমি কাপোৰৰ কুৰ্ত্তা পিন্ধি সুন্দৰ জাক্‌জমক্‌কৈ ফুৰে। সিহঁত স্বাধীন ভাবেৰে আপোন মনেৰে য'তে ইচ্ছা ত'তে ফুৰে। জীয়ৰীবিলাকে নাচি-বাগি গীত গাই ধেমালি কৰি ফুৰে। যাকে ভাল পায় তাতে বিয়া সোমায়। সিহঁতৰ গাওঁবিলাক পৰিষ্কাৰ। দোষৰ ভিতৰত সিহঁতে মুৰগী আৰু গাহৰি পোহে। গৰু, ম'হ, মদ, গাহৰি, মুৰগী, হাঁহ, পাৰ, শুকান মাছ সকলো খায়। আনকি ইন্দুৰ, নিগনি আৰু বাদুলিও খায়। মান দেশৰ মাটিও বৰ সাৰুৱা। পথাৰবিলাকত অলপ পৰিশ্ৰমতে অপ্লাৱিত ধান, সৰিয়হ আৰু নানা তৰহৰ খেতি হয়। নৈবিলাকৰ পানী বৰ নিৰ্ম্মল। ঠাই ঠাণ্ডা স্বাস্থ্যকৰ। মান দেশত যেন সদায় বসন্ত আৰু শৰৎ ঋতু বিদ্যমান।


ত্ৰয়োদশ অধ্যায়

 ডাঙৰীয়াজনে ক'লে,--"আতৈ! মোৰ বোধেৰে আপুনি নিশ্চয় মান-ছোৱালী দেখি ভোল গৈছিল; পিছত আপুনি জানো মান-ছোৱালী নাৰাখাছিল, কওকচোন সঁচা কথা!" আতৈয়ে হাঁহি হাঁহি উত্তৰ দিলে—"ডাঙৰীয়া! ধৈৰ্য্য ধৰক! মই কৈ নিবই ধৰিছোঁ নহয়। মই আপোনাক সকলো কথা অকপট চিত্তেৰে ক'ম।"

 আমি এইদৰে বসতি কৰি থকাৰ দুবছৰৰ ভিতৰতে হেনো আকৌ অসংখ্য মান আমাৰ অসমলৈ আহি অসমখন ছাৰখাৰ কৰিলে। সেই বিষয়ে ডাঙৰীয়া মই বিশেষকৈ একো কব নোৱাৰোঁ। মাথোন শুনিছিলোঁ আনৰ উপদ্ৰৱত হেনো সেইবাৰ অসমীয়া মানুহ বৰকৈ জ্বলা-কলা হৈ আনকি অসম এৰি জাকে জাকে অসমীয়া মানুহে হেনো ত্ৰিপুৰা, জৈন্তিয়া, ময়মনসিং, মণিপুৰ, কাছাৰ, ভোটান, তিব্বত আদি ঠাইলৈকো পলাই গৈছিল। মানৰ