পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আতৈ—"ডাঙৰীয়া! মোৰ প্ৰথম যৌৱনৰ অতি মৰমৰ ৰূপহীৰ মনতেই যেতিয়া মই মৰিলোঁ, তেনেস্থলত সেই সময়ত ভাব হৈছিল যে আৰু সংসাৰ কৰাৰ লাভ কি? মোৰনো কোন আপোন আছে? মোকনো কোনে মৰম কৰিব? এইবিলাক কথা ভাবি-চিন্তি স্থিৰ কৰিলোঁ, এই জীৱনৰ গৰাকী যি গুৰু ঈশ্বৰ তেওঁৰে চৰণৰ ওচৰ চাপোঁগৈ। সংসাৰত সকলোৱে এৰিলেও গুৰুৱে দিয়া নাম নেৰে। কৃষ্ণনাম মহাধনে জীয়াই থকা দিনকেইটাত সংসাৰৰ সুখ দৈবাৎ নিদিলেও মৰণ কালত তৰাব, ইয়াকে মনত সাৰোগত কৰিলোঁ। ভাবিলোঁ যি ছদ্ম উদাসীন বেশেৰে ৰূপহীক ধৰা নিদিলো সেই বেশক লৈ সংসাৰক ধৰা নিদিয়াই ভাল। এইবিলাক ভাবি-চিন্তি বোকাখাট এৰি ডেৰগাঁৱৰ ফাললৈ আহিছিলোঁ।"


ঊনবিংশ অধ্যায়

 দুদিনে বোকাখাটৰপৰা ডেৰগাঁও পালোহি। ডেৰগাঁৱেদি মাজুলিলৈ পাৰ হৈ তিনি চাৰি দিনে হাবিৰ মাজে মাজে খোজ কাঢ়ি মাগি খুজি খাই এই সত্ৰ পালোঁহি। সত্ৰ পাই প্ৰথমে বাহিৰ কৰাপাটতে বহি আছিলোঁ। সত্ৰৰ দুই চাৰিজনে ভকতে মই ক'ৰ মানুহ, ক'লৈ আহিছোঁ, কিয় আহিছোঁ এইবিলাক নানা কথা সুধিলে। মই মোৰ কেৱল পিতৃৰ নামটো নকৈ মোৰ আঁতি-গুৰি বৃত্তান্ত কৈছিলোঁ। আতৈসকলেও মোক মানৰ দেশৰ নানা কথা-বতৰা সুধি হায়ৰাণ কৰিছিল। কিন্তু শেহত গধূলি হ'লত ক'লে যে "ম'ই জাতকুল ভ্ৰষ্ট মেলেছ, উদ্ধৰা পৰাচিত নোহোৱাকৈ সত্ৰৰ ভিতৰলৈ যাব নোৱাৰোঁ।" তেওঁবিলাকৰ এনেকুৱা কথা শুনি মোৰ হৃদয়ত এপাট শেল বাজিছিল। ভাব হৈছিল—হৰি হৰি কপাল। দেশৰ হকে প্ৰাণটো আগ কৰি, মানৰ লগত যুঁজি, মানৰ হাতত বন্দী হৈ, মান দেশত থকা বাবেই মোৰ আই-বোপাই, ভাই, আন কি বিবাহিতা তিৰোতা পৰ্য্যন্ত হেৰুৱালোঁ। যি অসমীয়া ৰাইজৰ হকে যুঁজি মোৰ এই দশা হ'ল, "জাতিভ্ৰষ্ট মেলেছ" বুলি সমাজত তো নলয়েই, লেই-লেই ছেই-ছেই কৰিবলৈকো নেৰে। মনৰ বেজাৰত এই জীৱনৰ গৰাকী গুৰু-ঘৰলৈ আহিলোঁ। আৰু ইয়াতো এনেকুৱা! বৈকুণ্ঠতো জাতিবিচাৰ! ইয়াত মই অস্পৃশ্য! মোৰ দোষ কি? মইতো নিজ