পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংসাৰ সাগৰে হৰি ডুবিলো সমূলি।
ৰাখা ৰাখা অধমক প্ৰভু বনমালী।।
মৰমৰ আই-ভাই সকলো হেৰালো।
কৃপা কৰা প্ৰাণনাথ! তুমি হৈ কৃপালু।।
দেশৰ কাৰণে প্ৰভু! মানেৰে যুঁজিলোঁ।
নিয়তি চকৰিত পৰি সমূলি ডুবিলোঁ।।
কোনেনো কৰিব দয়া এই অভাজনে।
জাতিভ্ৰষ্ট ম্লেছ মোক দয়াময় বিনে।।
অৰ্পিলোঁ এই দেহ মোৰ তোমাৰ চৰণে।
ৰাখা ৰাখা প্ৰণনাথ! এই অভাজনে।।
জন্মাৰ্জ্জিত কৰ্ম্ম প্ৰভু জীৱন মৰণ।
সকলো অৰ্পিলোঁ প্ৰভু তোমাৰ চৰণ।।

 ডাঙৰীয়া! আন কেও শুনোতা নহলেও নিজে গুণ গুণ কৰি চকুৰ লো টুকি গাই থাকোঁতে মোৰ ঘোৰ নিদ্ৰা আহিল। বহুদিনৰ ভাগৰৰ মূৰত যেন শান্তিৰে শুলোঁ। ৰাতি পুৱাওঁ পুৱাওঁ হওঁতে এটা সপোন দেখিলোঁ। দেখিলোঁ যেন মোৰ মাহী আহি শূন্যতে সুন্দৰ আসন এখনত বহি মোক হাঁহি হাঁহি কৈছে—"বাছা নিৰ্ম্মল! তই নেকান্দিবি, তোৰ দুখৰ ৰাতি পুৱাল।" এই কেইষাৰ কৈয়েই দেখোন মাহী আৰু আগৰ মাহী নাই। মাহীৰ ৰূপ চাই থাকোঁতেই থাকোঁতেই বদলিল। মাহী থকা ঠাইতে দেখোন সিংহবাহিনী দুৰ্গে দুৰ্গতি নাশিনী মা দশভূজা দুৰ্গা দেৱী উপস্থিত! সপোনতে মই বিমোৰ হলোঁ। মই যেই ক'লোঁ—"মাতৃ! পতিত পাৱন জননী। তোমাকনো মই কিদৰে সেৱিম! তোমাৰ স্তুতিয়েই বা কি? মা! সিংহবাহিনী জগত জননী! দুৰ্গতি নাশিনী! বৰাভয়দায়িনী। মই একো নেজানো। তোমাক কি বুলি স্তুতি কৰিম, কি বুলি সেৱা কৰিম, মা মই মূৰ্খ সন্তানে একো নেজানো। মোৰ এই কথাত ধীৰে গম্ভীৰে মাতৃয়ে যেন ক'লে—"বীৰ প্ৰৱৰ। স্বাৰ্থত্যাগী! দেশভক্ত বাছা নিৰ্ম্মল! তই যি কেইষাৰ স্তুতি কৰিলি সেয়ে যথেষ্ট! তোৰ দুখৰ ওৰ পৰিল। মই বৰ দিলোঁ তোক তোৰ প্ৰাণৰ ইষ্ট কৃষ্ণই দেখা দিব।" এই বুলি কৈয়েই দেৱী অন্তৰ্দ্ধান হ'ল। দেৱী অন্তৰ্দ্ধান হোৱাৰ পিছতে আকৌ কি দেখিলোঁ! ডাঙৰীয়া মোৰ সেই প্ৰাণৰ কৃষ্ণও উপস্থিত! মোৰ সেই—