পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোৱালি দুয়োটাকে এৰি দি চাইছেনে? প্ৰথমে সেই এৰি দিয়া কাউৰটোক বা ভাটৌটোক বনৰীয়া কাউৰে আৰু ভাটৌৱে এদিন দুদিনকৈ লগকে নিদিয়ে। দেখিলেও খুটিবলৈ আহে। পিছত দুই চাৰি দিন বা অন্ততঃ এৰাতি বা দুৰাতি অকলৈ থকাৰ পিছতহে বনৰীয়া জ্ঞাতিবৰ্গৰ লগ পায়। ঘৰচীয়া হাতীও কেতিয়াবা ডোল ছিগি মুকলি হলে সেই হাতীয়েও সতকাই বনৰীয়া পালত লগ নাপায়গৈ ইয়াৰ কাৰণ কি? সিহঁতেতো নিজ ইচ্ছাত মানুহৰ ঘৰত বসতি লোৱা নাছিল; তেনেস্থলতো বনৰীয়া জ্ঞাতিয়ে সিহঁতক কিয় সতকাই লগ নিদিয়ে? ইয়াৰ কাৰণ ডাঙৰীয়া! মানুহৰ সংসৰ্গত থাকি এই বনৰীয়া জন্তুকেটাৰো শৰীৰৰ অণুপৰমাণুবিলাকত, উপাদানবিলাকত কিবা এটা ব্যতিক্ৰম ঘটে। সেই ব্যতিক্ৰম ঘটাৰ বাবেই সিহঁতৰ বনৰীয়া জ্ঞাতিবিলাকে সিহঁতৰ গাৰ গোন্ধ পায়। ঘৰচীয়া জন্তুৰ গাৰ বতাহে বনৰীয়া জন্তুৰ বতাহে সৈতে নমিলে মানে লগ নিদিয়ে। সেইদৰএই এক দেশৰ এক আচাৰ অনুষ্ঠানৰ মানুহ যদি অন্য দেশত থাকে, আৰু আচাৰ অনুষ্ঠানত প্ৰৱৰ্ত্তা মানুহৰ মাজত থাকে তেনেহলে শৰীৰৰ অণুপৰমাণুবিলাকক অলপ নহয় অলপ ব্যতিক্ৰম ঘটে। সেই ব্যতিক্ৰম নিজৰ দেশৰ মানুহৰ উপযুক্ত নহয়। এনেকুৱাবিলাক কাৰণেই লঘোণে ৰাখি গা ধুৱাই পৰাচিত কৰিহে লগ দিয়ে। পৰাচিত শাস্ত্ৰত কৈছে "ভক্ষ্যাভক্ষ্য স্পৰ্শাস্পৰ্শ অনেক নিষিদ্ধাচৰণ জ্ঞানাজ্ঞানৃত পাপক্ষয়াৰ্থং প্ৰাজাপত্য ব্ৰতা সক্তৌ প্ৰাজাপত্য ব্ৰতা সম যথৈক চান্দ্ৰায়ণ ব্ৰতকল্প" ইত্যাদি ইত্যাদি। অভক্ষ্যৰতো কথাই নাই, আনকি স্পৰ্শাস্পৰ্শ, নিষিদ্ধাচৰণ, অজ্ঞানকৃত পাপকো ক্ষয় কৰিবলৈ পৰাচিতৰ বিধি। ইয়াৰ কাৰণ কি ডাঙৰীয়া! জানেনে? অভক্ষ্য খালে হিন্দুৰ শৰীৰৰ অণু-পৰমাণুৰ বিচত্ৰতা ঘটে। সেই অণু-পৰমাণুৰ বিচিত্ৰতাই হিন্দুৰ মন আৰু আধ্যত্মিকতাত সৰহ নহলেও অতি সামান্যৰো সামান্য পৰিবৰ্ত্তন ঘটায়। হিন্দুৰ যোগতত্ত্ব, আধ্যাত্মিক তত্ত্ব অনুসাৰে চেতনৰূপী মনৰ ওপৰত দেহৰূপী জড়ৰ এফেৰা আধিপত্য আছে। আমাৰ হিন্দুৰ মতে সুস্থ দেহতহে সুস্থ মন হয়। সেইদেখি মনৰ সাধন কৰিবলৈ হলে দেহৰো সাধন লাগে। নিশা লঘোনে থাকিলে দেহৰ যেনে হলেও এফেৰা সাধন হয়, তাৰ পিছত পানীত গা ধুই তিতা তিয়নিৰে থাকি মন্ত্ৰ উচ্চাৰণ কৰাৰ পৰাও দেহৰ অনুশোধন হয়। পৰাচিতৰ দক্ষিণাই বা