পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টুকি শ্মশানলৈ গৈছিল আৰু অন্ত্যেষ্টিক্ৰিয়াত যোগ দিছিল চিতাত তোলাৰ আগেয়ে সকলোৱে ভকতৰ মুখখন চালে। মুখত যেন লাৱণ্যহে চৰিছিল, যেন এটা প্ৰগাঢ় প্ৰফুল্লতাহে ফুটি ওলাইছিল। ৰূপহীয়ে আকৌ পাৰেমানে কান্দিলে। অনিৰামেও সমবেদনাত কান্দিলে। পিছত উভয়ে 'কৃষ্ণ, কৃষ্ণ, প্ৰভু যাদৱৰায়, প্ৰভু যাদৱৰায়' ইত্যাদি মাতিহে মন শান্ত কৰিছিল। পিছত আমি সত্ৰৰ পৰা যি হয় খৰচ কৰি শ্ৰাদ্ধবিধি কৰাই নামগুণ ধৰাইছিলোঁ। ৰূপহী আৰু অনিৰামেও হেনো সিহঁতৰ বৰ পুতেকৰ হতুৱাই বৰ আস্তিকেৰে শৰাধ কৰাইছিল। আৰু সিহঁতে হেনো নিজে খৰচ কৰি নামঘৰ সজাই তাৰ ওচৰতে এটা পুখুৰী খনাই আমাৰ ইয়াৰ পৰা ভকত নি সেই নামঘৰ আৰু পুখুৰী প্ৰতিষ্ঠা কৰাই নিৰ্ম্মল আতৈৰ নামে উছৰ্গি দিছিল।" ঈশ্বৰ পুৰুষৰ পৰা এইবিলাক বিৱৰণ শুনি ডাঙৰীয়াজনেও চকুৰ লো টুকি টুকি ক'লে—"ধন্য বীৰ প্ৰৱৰ, স্বদেশ-প্ৰেমিক, বিশ্বপ্ৰেমিক, পৰম ত্যাগী, ধৰ্ম্মাত্মা মহাপুৰুষ নিৰ্ম্মল আতৈ। তুমি অসম মাতৃৰ নিমিত্তে মানৰ লগত যুঁজিছিলা। তুমি নিজে ত্যাগ স্বীকাৰ কৰিও অপৰক সুখী কৰিছিলা। ৰূপহী, অনিৰামৰ কেনেবাকৈ অশান্তি হ'ব ইয়াকে ভাবি নিজকে গোপন কৰিছিলা। ঈশ্বৰ কৃষ্ণত প্ৰাণ সঁপি নিজকো ধন্য কৰিলা। তুমি দৰাচলতে গীতাৰ সেই ত্যাগী পুৰুষ! তুমি মহাপুৰুষ। নিশ্চয় নিশ্চয় তুমি মৃত্যুৰ আগখিনিতে তোমাৰ কৃষ্ণক দেখিছিলা। মৃত্যুৰ পাছতো বৈকুণ্ঠৰ বিমানত উঠি ঈশ্বৰ কৃষ্ণৰ ওচৰলৈ গৈছা! মহাপুৰুষ! তুমি যেন তোমাৰ অসমীয়াৰ প্ৰতি সদায় কৃপালু থাকা! তোমাৰ আৰ্হিয়ে যেন অসমীয়াক ত্যাগৰ বাটেৰে দেশৰ হিত চিন্তিবলৈ, দেশৰ হিত কৰিবলৈ শক্তিসামৰ্থ্য দিয়ে। অসমীয়া হিন্দুৰ প্ৰাণ যেন কৃষ্ণত মগ্ন হয়।