পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিষয় লৈহে আলাপ হয়। আহাৰ-বিহাৰত আমি কঠোৰতাৰে চলোঁ। প্ৰকৃতিৰ অৰ্থাৎ স্ত্ৰীজাতিৰ সত্ৰলৈ সমাগমো সৰহকৈ হ'ব নিদিয়ে। এইবিলাক কাৰণে আৰু আচাৰ-অনুষ্ঠানো, আমাৰ মনো সততে কৃষ্ণতে আৱদ্ধ থাকে। কাজে কাজে প্ৰবৃত্তিয়ে অৰ্থাৎ কাম ৰিপুৱে আহি মনক আকৰ্ষণ কৰিবলৈ সময় নাপায়। নাম লোৱা, পূজা-পাতল কৰা সময়খিনি সেইবিলাক কৰোঁতেই যায়। কিছু সময় নিজৰ চাউলমুঠি বানি-খুন্দি লৈ সিজাই-পকাই খাওঁতেই যায়। কিছু সময় ঈশ্বৰ পুৰুষৰ ওচৰত বহি ধৰ্ম্মৰ আলাপ কৰোঁতে ধৰ্ম্মৰ তত্ত্ব লওঁতে যায়। আৰু মোৰ নিজৰ বিষয়ে হ'লে এইবিলাকৰ উপৰি যি সময় পাইছিলোঁ সেই সময়বিলাকত মই নিজ সত্ৰ, আনকি আন আন সত্ৰতো ঈশ্বৰ পুৰুষৰ আদেশমতে নামঘৰবিলাকৰ চৌতিমাৰলী ইত্যাদি ধুনীয়াকৈ কাটি অঁতাই-পিটাই মিস্ত্ৰী কাম কৰিছিলোঁ। মই আনকি নিজৰ পূৰ্ব্বকালডোখৰৰ কথাকে ভাবিবলৈ সময় নাপাইছিলোঁ। এইদৰেই জীৱন কটাওঁতে কটাওঁতে প্ৰবৃত্তি আপোনা-আপুনি দমন হৈ গৈছিল। আপুনি জানিবই পাৰে মই দুসাজ ভাত নাখাওঁ। ২৪ ঘণ্টাৰ ভিতৰত কোনোৰকমে নিৰামহীয়া ভাত খাই জীৱনটো কটালোঁ।"

 ডাঙৰীয়া—"আতৈ! বাৰু কওকচোন কেতিয়াও, কস্মিনকালেও কেতিয়াবা ৰাতি শুবৰ সময়তো আপোনাৰ ৰূপহীলৈ আৰু প্ৰবৃত্তিৰ বস্তু তিৰোতা জাতিলৈ মনত পৰা নাছিলনে?"

 আতৈ—"ডাঙৰীয়া! আপুনি বৰ বিষম ধৰণৰ লোক। এইষাৰত আপুনি বেজাৰ নাপাব। আপুনি মনৰ গুপুত বিষয়কো খোচাৰিছে। অৱশ্যে মই যেতিয়াই আপোনাক বাক্য দিছোঁ যে মই আপোনাক যিহকে সোধে অকপটচিত্তে ক'ম, তেতিয়াই আপোনাক কওঁ শুনক। ৪৫ বছৰ বয়সৰে পৰা তিনি কুৰি বছৰলৈকে মাজে মাজে মনলৈ প্ৰবৃত্তিৰ ভাব নাহিছিল তেনেকুৱা নহয়। সত্ৰত সোমোৱাৰ প্ৰথম তিনি বছৰমানলৈকে মোৰ মনত সেই নৰঘনশ্যাম কৃষ্ণহে অহৰ্নিশ আছিল। তিনি বছৰৰ পিছৰ পৰা অৱশ্যে সেই মূৰ্ত্তি অলপ অলপকৈ আঁতৰিছিল। কিন্তু ৰূপ আঁতিৰলেও নাম আঁতৰিব নোৱাৰিছিল যেহেতু আমাক ঈশ্বৰ পুৰুষে নামৰ ওপৰতে ২৪ ঘণ্টা ৰ'বলৈ শিকাইছিল। চাৰি-পাঁচ বছৰৰ পিছৰ পৰা অৱশ্যে কাচিৎ মাজে মাজে প্ৰকৃতিৰ ভাব আহিলেও মোৰ সেই মৰমৰ মাহীৰ ৰূপে আৰু মাহীৰ ৰূপৰ লগত দেৱীৰ ৰূপে লোভৰ সামগ্ৰী প্ৰকৃতিক খেদি দিছিল। সেইদেখি ডাঙৰীয়া!