পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নেকান্দিবি। সকলো ঈশ্বৰৰ ইচ্ছা। তয়ে নিৰ্ম্মল নহৱনে?" কলোঁ—"ককাই! তোমাক আৰু লুকাবৰ সকাম নাই। কিন্তু মই কাবৌটি কৰিছোঁ মোৰ বিষয়ে যেন কাকো নোকোৱা। মোক যেন কাৰো আগতে চিনাকি নিদিয়া।" বুঢ়াই মোক সাৱট মাৰি ধৰি চকুৰ লো টুকি ক'লে—"বাৰু বোপা। মই শপত খালোঁ তোৰ বিষয়ে কাকো নকওঁ। তোৰ পিতাৰ আমাৰ ওচৰতে মেধি আছিল। ময়ো ৺ দক্ষিণপাট সত্ৰৰে সেৱক। তোৰ আঁতি-গুৰি বৃত্তান্ত কচোন। মই ক'লোঁ—"ককাই! সমস্ত কম। কিন্তু এতিয়া মোক আৰু শেষ কথা এষাৰ কওক। ৰূপহী জীয়াই আছেনে?" বুঢ়াই দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক'লে—"বোপা তই দেখিছোঁ তই বৰ দুৰ্ভগীয়া। ৰূপহীৰ বিষয়ে ক'লে তই জানো থিৰেৰে থাকিব পাৰিবি?" মই ক'লোঁ—"ককাই! নিয়ঁতিৰ চকৰিত ঘূৰি পকি যথেষ্ট টান হৈছোঁ; ভাইহঁত গ'ল। আই বোপাই গ'ল। মাহীও গ'ল। তথাপি এই জীউটো আছে। এতিয়া ৰূপহীৰ বিষয়ে কওক।" বুঢ়াই ক'লে—"বোপা! তেনেহলে অথিৰ নহবি, মই কওঁ শুন। তাই আমাৰ সহায়ত আৰু বিশেষকৈ অনিৰামৰ যত্নত কচুৰ তলত পলাই, হাবিৰ মাজত সোমাই ৰক্ষা পৰিল। আমি যি দুই চাৰিটা জীয়াই আছোঁ সিও কেৱল হাবিৰ মাজত, কচুৰ তলত, ইকৰাণিৰ মাজত সোমাইহে ৰক্ষা পৰিলোঁ। কত ঠাইত যে পালোঁ তাক কি ক'ম। তোৰ ঘৈণীয়েৰে এতিয়া জীয়াই আছে। তাই আঠ দহ বছৰ আমালোকৰ ঘৰে-দুৱাৰেই থাকি ৰুই দাই খাইছিল। তাই, তই কিজানি জীয়াই আছ, কিজানি কেতিয়াবা ওলাবিহি, এই ভাবি আঠ দহ বছৰ ডেকা গা বুঢ়া কৰিও ৰাখিছিল। কিন্তু অনিৰামেও তাৰ সেই সৰুকালৰ ওমলা লগৰী ৰূপহীৰ মৰমতে হেনো বিয়া-বাৰু নকৰাই ৰূপহীৰ চিন্তাতে ভোল গৈ আছিল। সি সুবিধা পালেই সততে ৰূপহীক সহায় কৰিবলৈ, তাইৰ নিমিত্তে জীউটোকো দিবলৈ উদ্যত আছিল। আন কি অনেক সময়তে তাইক ৰোৱা-দোৱা ইত্যাদি কামত সহায় কৰি ফুৰিছিল। ৰূপহীয়ে বাট চাই চাই যেতিয়া বাৰ বছৰ কাল কটালে, তাইৰ খোৱা-লোৱাত আৰু সদায় পৰৰ ঘৰত থকাত দুখ হবলৈ ধৰিলে আৰু ইফালে অনিৰামেও তাইৰ চেনেহতে আনক বিয়াও নকৰায়। তেতিয়া আমি আটাইবিলাক গিৰিগঞায়ে লগ লাগি তাইক বুজাই বৰাই অনিৰামত বিয়া দিলোঁ। এতিয়া তাইয়ে অনিৰামে সুকীয়াকৈ ঘৰ-দুৱাৰ সাজি, খেতি-বাতি কৰি সুখেৰে খাই আছে। অনিৰামৰ ফালৰ তাইৰ এটি ল'ৰাও হৈছে।"