পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৈয়াৰ কৰা প্ৰসাদো দিয়ে। এইদৰে মাহীৰ ঘৰত আমাৰ এদিন দুদিনকৈ সুখেৰে দিন কাল যাবলৈ ধৰিলে। প্ৰাণাধিকা ৰূপহীৰে সৈতে প্ৰথম যৌৱনৰ মিলন, মাহীৰ মৰমিয়াল ব্যৱহাৰে আমাক স্বৰ্গসুখী কৰিছিল। মাজে সময়ে আই-বোপাইসকললৈ মনত পৰি অলপ অচৰপ বিষাদ লাগিলেও উভয়ে উভয়ৰ প্ৰীতিপূৰ্ণ, প্ৰেমপূৰ্ণ আলচ-যুকুতিত সেই বিষাদৰ ছায়াক তিষ্ঠিবলৈ ঠাই নিদিছিলোঁ। এইদৰে এমাহ দুমাহকৈ তিনিমাহ গ'ল। মাহীয়ে কবলৈ ধৰিলে—"বাছাহঁত ব'ল, তহঁতক নিজৰ ঘৰত থৈ আহোঁগৈ।" আমি কলোঁ—"মাহী! তুমি আগেয়ে এবাৰ আমাৰ তালৈ যোৱা। যদি বোপাই আইহঁতে আমাক ঘৰলৈ উলটিব দিয়ে আৰু আমাক বিয়া দিবলৈ তেন্তে আমি উলটি যাব পাৰোঁ, নহলে মাহী! আমি চিৰকাললৈ তোমাৰ ঘৰতে থাকিম। তোমাৰ ল'ৰা-ছোৱালী নাই, আমিয়েই তোমাৰ ল'ৰা-ছোৱালী।" মাহীয়ে ক'লে—"বাছাহঁত! তহঁতৰ মাৰ-বাপেৰ আছে। তেওঁবিলাকে এৰি নিদিলে মই কেনেকৈ তহঁতক সদায় ৰাখিম? মইতো ৰাখিব পালে ভালেই পাওঁ; কিন্তু মোৰ সুখ আৰু সুবিধাৰ নিমিত্তে তহঁতক চিৰকাললৈ পিতৃ-মাতৃৰ মনৰ পৰা আঁতৰ কৰাটৌ ভাল নহব।" এইবুলি কৈ মাহী এদিন গাঁৱৰ আন দুনীমান মানুহ লৈ আমাক তেওঁৰ ঘৰতে এৰি লাহন গাঁৱলৈ আহিল; আৰু ৰূপহীৰ মাক-বাপেক মোৰ আই-বোপাই এটাইবিলাককে মাহীয়ে বুজাই বঢ়াই স্থিৰ কৰিলে যে আমাক ওলোটাই নিব লাগে আৰু আমাৰ মনৰ মতনে দুইৰো বিয়া পাতিব লাগে। মাহীৰ এই কথাত হেনো বোপায়ে অনিচ্ছাৰে হলেও আমাক ওলোটাই নিয়াকে স্থিৰ কৰিলে। ধন্য মাহী! ধন্য মাহী! ধন্য শান্তিস্থাপিনী মাতৃ! ডাঙৰীয়া! এতিয়াও মোৰ সেই পৱিত্ৰা, প্ৰেমময়ী, শান্তিময়ী, স্বৰ্গীয়া দেৱী মাহীলৈ মনত পৰে।

 পাঁচ ছয় দিনৰ মূৰত ৰূপহীৰ বাপেকক আৰু মোৰ সৰু ভাইটিক লগত লৈ মাহী উলটি আহিল আৰু আমাক লগত লৈ মাহী আকৌ আমাৰ লাহন গাঁৱৰ ঘৰলৈ আহিল। ক'ব নেলাগে আমি উলটি অহাৰ এমাহমানৰ পিছতে আমাৰ দেশ-দস্তুৰ মতে বিয়া হ'ল। আমি সুখী হলোঁ। ক'বলৈ পাহৰিলোঁ, ডাঙৰীয়া! এই বিয়াত দেউতা সিমান সুখী হোৱা নাছিল। কিন্তু আই আৰু মাহীৰ উলহ-মালহ সকলোতকৈ বেছি হৈছিল। মাহী দৰাৰো মাক, কইনাৰো মাক হৈ বৰ প্ৰীতি লাভ কৰিছিল। পাৰ্য্যমানে পৰক সুখী কৰাই মাহীৰ জীৱনৰ ব্ৰত আছিল। গাঁৱলীয়া গাভৰুহঁতে এই বিয়াত ৰূপহীক যোৰাই গাইছিল—