পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিন্তু মোৰ সাতোটা বেটাৰ এটা বাঘে-খোৱা, এটা দগধা চোৰ, এটা ডকাইত, এটা গোবধী, এটা ব্ৰহ্মবধী, এটা নৰহত্যাকাৰী ইত্যাদি হ'লহেঁতেন তেনেহলেনো মই সংসাৰ কৰি দেশৰ উপকাৰ সাধিলোঁহেঁতেন নে অপকাৰ সাধিলোঁহেঁতেন তাকে কওকচোন? আপুনি ডাঠি ক'ব নোৱাৰে যে মোৰ ল'ৰা কেউটা লক্ষ্মীৱন্ত, গুণৱন্ত হ'লহেঁতেন। বিশেষ ডাঙৰীবা! মই যেতিয়া এবাৰ বিবাহ কৰিয়ে সুখী নহলোঁ; তেনেস্থলত আকৌ বিয়া কৰাই জানো সুখী হ'লোহেঁতেন? সুখীয়েও হওঁ বা দুখীয়েই হওঁ মোৰ মনৰ গতি এইদৰে চলিল যেতিয়া এইদৰেই হ'ল। ইয়াত অমূলক কথা এটা ধৰি বিষাদ কৰিবৰ একো নাই।"

 এই কথা-বতৰাৰ পিছত ডাঙৰীয়াজনে ক'লে—"আতৈ! আজি আৰু বেলি হ'ল। মোৰ আৰু এটা সুধিবলগীয়া আছে। কাইলৈ আকৌ সুধিমহি। বেজাৰ নেপাব।"

 আতৈ—"কোনো কথা নাই, সুধিবহি। অকপটচিত্তে উত্তৰ দিম।"


পঞ্চবিংশ অধ্যায়

 পিছদিনা যথাসময়ত ডাঙৰীয়াজনে আকৌ আহি আতৈক সুধিলে—"আতৈ! মোৰ শেহ প্ৰশ্ন এই দুটি—প্ৰথমতঃ, আপুনি সেই ৪৫ বছৰ বয়সৰে পৰা অৰ্থাৎ সত্ৰত আশ্ৰয় লবৰে পৰা এই দীৰ্ঘ কালটো ব্ৰহ্মচৰ্য্য ৰাখিব পাৰিছিলনে? যদি পাৰিছিল কি উপায়েৰেনো প্ৰবৃত্তিক অৰ্থাৎ কাম ৰিপুটোক জয় কৰিছিল? দ্বিতীয়তঃ, আপুনিনো মৰমৰ অসম মাতৃৰ কি উপকাৰ সাধিলে? অৱশ্যে আপুনি নিজৰ উপকাৰ সাধিছে কিন্তু দেশৰ হকেতো একো উপকাৰ নকৰিলে।"

 আতৈয়ে হাঁহি হাঁহি ক'লে—"ডাঙৰীয়া! আপোনাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰত ইয়াকে কওঁ যে ঈশ্বৰত একান্ত ভক্তি কৰি মনক তেওঁত লয় কৰিব পাৰিলেই প্ৰবৃত্তিবিলাকৰ আপোনা-আপুনি দমন হয়। প্ৰকৃতিয়েও জীৱক প্ৰতিহিংসা নকৰি বৰং সহায়হে কৰে। এই সত্ৰত পুৱা-গধূলি-দুপৰীয়া প্ৰায় সকলো সময়তে ভগৱন্ত পুৰুষৰ উদ্দেশ্যে নাম-গুণ চলিবই লাগিছে। ইয়াৰ উপৰিও আন আন সময়ত আমাৰ ভকতেৰে সৈতে পৰস্পৰ কথা-বতৰা পাতোঁতেও আনকি ঈশ্বৰ পুৰুষৰ লগত কথা-বতৰা হওঁতেও কেৱল ধৰ্ম্মৰ