পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ডাঙৰীয়া—"অনিৰাম আৰু ৰূপহী এই সত্ৰৰে সেৱক নহয় জানো?"

 নিৰ্ম্মল আতৈ—"হয়।"

 ডাঙৰীয়া—"তেন্তে তাইনো আপুনি জীয়াই থকা বুলি শুনা নাইনে?"

 নিৰ্ম্মল আতৈ—"অৱশ্যে নেই শুনা। বিশেষ, ঈশ্বৰ পুৰুষে সকলো ভকতকে দঢ়াই দঢ়াই হুকুম দিছিল যে গাঁৱলৈ ধৰ্ম্ম উপলক্ষে ভকত গ'লেও এই বষয়ে অৰ্থাৎ মই "জীয়াই আছো" বুলি ৰূপহীৰ গাৱঁত কৈ যেন কোনো অপকাৰ নকৰে।"

 ডাঙৰীয়া--""বাৰু, ৰাসৰ সময়তো আজি অত বছৰে অনিৰাম আৰু ৰূপহী এই সত্ৰলৈ অহা নাইনে? আপুনি সিহঁতক কেতিয়াও দেখা নাইনে?"

 নিৰ্ম্মল আতৈ--"আজি গ'ল তিনি কুৰি বছৰৰ ভিতৰত সিহঁত কেবাবেলিও আহিছিল। আহিলেও মই দেখা দিয়া নাছিলোঁ। মই সেইকেইবাৰ ঈশ্বৰ পুৰুষৰ অনুমতিক্ৰমে আন চহৰৰ ফালে গৈছিলোঁ।"

 ডাঙৰীয়া—"সিহঁতক দেখা হলে আপোনাৰ মনত কোনো বিকাৰ নহ'লহেঁতেন নে?"

 নিৰ্ম্মল আতৈ—"ডাঙৰীয়া! ক'ব নোৱাৰোঁ, মোৰ নহলেও কিজানি সিহঁতৰ হ'লহেঁতেন। মোৰ কাৰণে সিহঁত অসুখী হোৱা হ'লে মোৰ গাত পাপ লাগিলহেঁতেন। সেইদেখি মোৰ পৰম দয়ালু সিদ্ধ ঈশ্বৰ গুৰু বাসুদেৱ প্ৰভুৱে মোক আঁতৰাই আঁতৰাই ৰাখিছে।"

 ডাঙৰীয়া—"আতৈ! মোৰ সকলো প্ৰশ্নৰে উত্তৰ পালো; কিন্তু মোৰ যে শেষ প্ৰশ্ন অৰ্থাৎ আপুনি দেশৰ হকে কি কৰিলে ইয়াৰ উত্তৰ কি?"

 নিৰ্ম্মল আতৈ—"ডাঙৰীয়া! মইনো ইয়াৰ উত্তৰ কি দিম? যেতিয়া ডেকা আছিলো তেতিয়া দেশৰ হকেই সাহেৰে সৈতে যুঁজিছিলো। যেতিয়া মানদেশৰ পৰা উলটি আহিলো তেতিয়া দেখিলো যে মোৰ দেশ বৃটিছ-সিংহৰ সুশাসনৰ তলত। দেশত শান্তি স্থাপিত। দেশখনত এনেকুৱা কোনো বিপদ নাছিল যে মই সেই দেশৰ হকে আকৌ জীৱটো দিওঁ। মই আহি মনৰ বৈৰাগ্যত সত্ৰ সোমালো। মই এই সত্ৰত সোমাবৰে পৰা প্ৰায় অনেক সত্ৰতেই গুৰু ঈশ্বৰৰ আদেশ অনুসৰি কাঠৰ কাম কৰি দিছিলোঁ। নিজ সত্ৰ, পৰ সত্ৰবিলাকতো ডাঙৰ ডাঙৰ নাও অঁতাই-পিটাই দিছিলোঁ। শিকিব খোজা দুই-চাৰিজন মানুহকো এই কাম শিকাইছিলোঁ। ইয়াৰ উপৰিও ঈশ্বৰ পুৰুষৰ আজ্ঞাত ঠায়ে ঠায়ে জটিল মেল-মোকৰ্দ্দমা নিষ্পত্তি কৰিও ফুৰিছিলোঁ। সত্ৰবিলাকত ভাওনাৰ সাজপাৰো সাজি দিছিলোঁ। আৰু সত্ৰ সম্পৰ্কীয় যি