পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাহানিখন দেউতাই প্ৰসঙ্গ কৰাত গোৱা এই নাম কেইফাঁকিও মনলৈ আহিছিল—

"জয় যুদপতি কৃপাময় কৃপাময় কৰি
তুমি মোৰ নিজ বন্ধু
তযু অংশ হুয়া তোমাক পাসৰি
লভিলোহো ভৱসিন্ধু
যশোদা নন্দন কৈষ্ণদেৱ প্ৰাণ কৃষ্ণদেৱ
তুমি মোৰ গতি মতি
ভকত বৎসল নাম ধৰি আছা
নেৰিবা মোক সম্প্ৰতি"

 ডাঙৰীয়া! এই মহাশোকৰ কালত চকুৰ লো ধাৰাসাৰে বোৱাই শান্তি বিচাৰোঁতে সৰু কালত শিকা এই পদবিলাক গাই থাকোঁতে থাকোঁতে মাজনিশা সময়ত টোপনি আহিল। টোপনিতে আকৌ মোৰ দেৱী সদৃশী মাহীয়ে আহি সমাজিকত দেখা দি ক'লে—"বাছা! গুৰুত ভজ। ঈশ্বৰত ভজ।" সাৰ পালোঁ। চকু-মুখ মোহাৰি শেহ নিশা বিছনাত উঠি বহিলোঁ। "যাদৱ, যাদৱ" নাম মনতে উচ্চাৰণ কৰি প্ৰতিজ্ঞা কৰিলোঁ যে, যেনেহলেও ধৈৰ্য্য ধৰি এবাৰ ৰূপহীক ছদ্মেবেশেৰে ধৰা নিদিয়াকৈ চাই লওঁ। হৃদয়ক কলোঁ—"হৃদয়! ধৈৰ্য ধৰিবি প্ৰভু যাদৱৰায়! মোক এইবাৰ এই শেষ পৰীক্ষাত ৰাখিবা দয়াময়! কৃপা কৰিবা।"


সপ্তদশ অধ্যায়

 ৰাতিপুৱা ঢাৰিপাটীৰ পৰা উঠি মুখ-হাত ধুই গা-পা ধুই বেলি এপৰ মানতে ভাত চাইটা খাই গাঁৱৰ মানুহ এগৰাকীৰ পৰা খঞ্জুৰি এটা খুজি লই হাতত বাঁহৰ লাখুটি এডাল লৈ, মূৰত গামোছাখনেৰে পাগুৰি এটা মাৰি আৰু কান্ধত জোলোঙা এটা লৈ ৰূপহীহঁতৰ গাঁৱলৈ গলোঁ, আৰু পোন প্ৰথমতে ইঘৰ সিঘৰত খঞ্জুৰি বজাই অলপ অচৰপ চাউল পাত লৈ ৰূপহীহঁতৰ চোতালত গৈ ওলালোঁ আৰু "গুৰু মৰ পৰম ধন" বুলি লাখুটিডাল পাৰি লৈ খঞ্জুৰিত চাপৰ মাৰি মাৰি গাবলৈ ধৰিলোঁ—