বিয়া-বাৰু কৰাই দিবলগীয়া চিন্তাও হব ধৰিলে। আইহঁতৰ আৰু ৰূপহীৰ সহায়ত, আইৰ দিহাত কোনোৰকমে পিতৃ-কলীয়া গৃহস্থীখন ৰাখিলো। বোপাই ঢুকোৱাত সত্ৰৰ পৰা নিৰ্ম্মালি দি মোকে মেধিও পাতিলে।
মানুহৈ কয় বিপদ হেনো অকলে নাহে। যেতিয়া এবাৰ এটা বিপদ হয়, তাৰ লগে লগে আন বিপদো আহে। বোপাই ঢুকোৱাৰ ছমাহ পিছতে আয়ো বৈকুণ্ঠী হ'ল। এতিয়া সমস্ত জঞ্জাল মোৰ মূৰত। সন্দিকৈ গাঁৱৰপৰা মাহীক আনি লগত ৰাখি ঘৰৰ ভিতৰুৱাল দিহা মেলাৰ পৰা অলপ আজৰি পালো হয়; কিন্তু তাৰ আকৌ ছমাহৰ মূৰতে আমাৰ দেশত বৰ হুলস্থুল লাগিল; মানে আহি দ্বিতীয় বাৰ অসম আক্ৰমণ কৰিলে।
ডাঙৰীয়াজনে সুধিলে—"আতৈ! প্ৰথম বাৰনো মান কেলেই আহিছিল? দ্বিতীয়, তৃতীয়বাৰনো কেলেই আহিছিল? আঁতি-গুৰি মাৰি কওকচোন।" নিৰ্ম্মল আতৈ—"ডাঙৰীয়া! আঁতি-গুৰি মাৰি কবলৈ গ'লে ভালেমান কথা। তথাপি মই যিমান দূৰ জানো সংক্ষেপে কওঁ শুনক। ১৭৩০ শকত মোৰ যেতিয়া বয়স ২১ বছৰ তেতিয়া ৺ চন্দ্ৰকান্ত সিংহ অসমৰ ৰজা হ'ল। তেওঁৰ তেতিয়া মুঠেই তেৰ বছৰ। সেইদেখি ৰাজ্য চলোৱাৰ ভাৰ ৰাজমাও দেউতা আৰু বুঢ়াগোঁহাই উভয়ৰে গাত পৰিল। প্ৰৱাদ আছে বুঢ়াগোঁহাই ডাঙৰীয়াৰ আৰু ৰাজমাও দেউতাৰ মিল আছিল। মিল হ'বৰে কথা; কিয়নো সেই সময়ৰ দৰাচলতে বুঢ়াগোঁহাই ডাঙৰীয়াই সৰ্ব্বে-সৰ্ব্বা আছিল। বৰগোহাঁই, বৰপাত্ৰগোহাঁই দুয়োজনা বুঢ়াগোহাঁয়ে পতা। ৺ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱকো বুঢ়াগোহাঁয়ে ৰজা পাতিছিল। বুঢ়াগোহাঁইৰ ল'ৰা সাতোটা। ধনেজনে সেইকালত বুঢ়াগোহাঁইৰ সমকক্ষ কেৱে নাছিল। বিদ্যা, বুদ্ধি ৰাজনীতি ইত্যাদিতো বুঢ়াগোহাঁই বৰ বিচক্ষণ আছিল ইত্যাদি কাৰণে বুঢ়াগোহাঁইৰে সমস্ত পয়োভৰ আছিল।
ভূত নামেৰে কুকুৰাচোৱা বৰাৰ পুতেক সৎৰাম ৺ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ সৰু কালৰ ওমলা লগৰীয়া আছিল ৰাজ্যৰ ভাৰ পায়ো স্বৰ্গদেৱে সৎৰামক পাহৰিব নোৱাৰিলে। বুঢ়াগোহাঁই ডাঙৰীয়া আৰু ৰাজমাও দেউতা উভয়কে খেচ্খেচাই স্বৰ্গদেৱে সৎৰামক আনি আগৰদৰেই খেলাৰ লগৰী কৰিলে।
ৰজাৰ লগৰীয়া হ'বলৈ পাই হেনো সৎৰাম দিনক দিনে ওফন্দি গঙাটোপটো হ'ল। ৰজাৰ আগত বুঢ়াগোহাঁইৰ বিপক্ষে লগাবলৈ ধৰিলে; বুঢ়াগোহাঁয়েও হেনো তলে তলে সৎৰামৰ ৰেহ-ৰকম চাবলৈ ধৰিলে।