পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৰাচলতে মোৰ বৰ ভাল লাগিছিল। পৰাচিত হৈ উঠি কানিকাপোৰ সলাই উঠিলত মোৰ মনত এনেকুৱা লাগিছিল মই যেন এটা নতুন জীৱনহে পাইছিলোঁ। যেন মোৰ সমস্ত শোক-তাপ-দুখৰ শান্তি হৈছিল। তাৰ পিছত যেতিয়া ব্ৰাহ্মণে মন্ত্ৰ মাতি মাতি দুবৰিৰ আগেৰে পানী ছটিয়াইছিল তেতিয়া ডাঙৰীয়া! মোৰ এনেকুৱা লাগিছিল যেন প্ৰত্যেক টোপ পানীৰ কণাই মোৰ মনত সোমাই বৈদ্যুতিক আলোকেৰে মোৰ এন্ধাৰ মনক পোহৰ কৰিছিল। পৰাচিত কৰোৱা ব্ৰাহ্মণ যিমান শুদ্ধ আৰু সাত্ত্বিক হয় সেই অনুপাতে পৰাচিত হোৱা জনৰ উপকাৰ হয়। সেইদেখি ডাঙৰীয়া! পৰাচিত কৰোৱা ব্ৰাহ্মণজনো অতি নিৰ্ম্মল আৰু সাত্ত্বিক হব লাগে। সত্ৰৰ উদাসীন আৰু নিৰ্ম্মল, আৰু ঈশ্বৰ কৃষ্ণপৰায়ণ ব্ৰাহ্মণ যে কিমান শুদ্ধ আৰু সাত্ত্বিক তাকনো মই আপোনাক কি বুজাম। ডাঙৰীয়া! পৰাচিতৰ নিচিনা অনুষ্ঠান ফেৰাও অকল ব্ৰাহ্মণৰ স্বাৰ্থ সিদ্ধিৰ নিমিত্তেই নহয়। মোৰ মনেৰে ইয়াত সামাজিক আধ্যাত্মিক সকলো প্ৰকাৰ আছে।"

 ডাঙৰীয়া—"আতৈ! আপোনাৰ মুখে, যি কি নহওক পৰাচিতৰ উপকাৰিতাৰ বিষয়টো শুনিলোঁ; কিন্তু এই বিষয়ে আৰু এটা কথা নুসুধি নোৱাৰোঁ। সেইটো হৈছে যে আপুনি ক'লে যে ব্ৰাহ্মণে দিব পৰাৰ পৰা এশ ছকুৰিও লন পাৰে। দিব নোৱাৰাৰ পৰ তামোল-পাণ এটাকে দক্ষিণা স্বৰূপে লৈয়ো কৰিব পাৰে। কিন্তু আমি দেখো প্ৰায় সততে দেখিবলৈ পাওঁ যে অনেক ব্ৰাহ্মণেই দিব পৰাকহে আগ্ৰহ কৰি পৰাচিত কৰে। দিব নোৱাৰা দুখীয়া মানুহক দেখো তামোল পাণ লৈ নকৰে। বৰং তেনেকুৱা দুখীয়া মানুহ পৰাচিত হব খুজিলেও দেখোন দুই চাৰিজন দেউৱে তাক দূৰতে লেই লেই ছেই ছেই কৰি খেদে। তামোল-পাণ এটা লৈ কৰাটো দূৰৈতে থাওক। ব্ৰাহ্মণ মহালভী নহয়নে? আপুনিনো এই বিষয়ে কি কয়?"

 আতৈ—"ডাঙৰীয়া! যি ব্ৰাহ্মণে এনেকুৱা আচৰণ কৰে সি জনমত ব্ৰাহ্মণ হ'লেও কৰ্ম্মত দৰাচলতে ব্ৰাহ্মণ নামৰ উপযুক্ত নহয়। তেনেকুৱা ব্ৰাহ্মণ ঈশ্বৰৰ কৃপাৰ ভাজন নহয়। তেনেকুৱা লোভী ব্ৰাহ্মণৰ দ্বাৰাই পৰাচিত হোৱাৰ ফল নাই। কিন্তু ডাঙৰীয়া! মই হলে ইওতো জানো যে ধন চহকী ডাঙৰীয়াসকলেহে বামুণক পৰাচিতৰ দক্ষিণা ফেৰা দিয়াত যিমান পাৰে কেৰজেৰ কৰে। যিসকল দুখীয়া মানুহ সেইসকল সৰল, সেইসকলে খুজি-মাগি আনিও, ব্ৰাহ্মণৰ দক্ষিণাটো গোটাই সেই দক্ষিণা সাধ্যানুসাৰে