পৃষ্ঠা:নিৰ্ম্মল ভকত.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰি জনবল বঢ়োৱাটোহে আচল ধৰ্ম্ম। ঈশ্বৰৰো বোধকৰো অভিপ্ৰায় সেইটোৱেই! তেনস্থলত মনক নিগ্ৰহ কৰি সমস্ত ইচ্ছা, অভিলাষ, ভোগৰ বাঞ্ছা মাৰি ঈশ্বৰৰ সৃষ্টিৰ বিপৰীতে চলা টান। যিসকলে উপৰি জন্মত সমস্ত ধৰ্ম্ম শেষ কৰি শেষ বয়সত হৰি ভজিবলৈ একান্ত ইচ্ছা কৰিও ভজিবলৈ আয়ুস বা কাল নাপায় সেইসকলেহে ইহ জন্মত কেৱল হৰিক ভজিবলৈ জন্ম লৈ সত্ৰ সভা আৰু আন আন নানা ঠাইত উদাসীন হৈ ব্ৰহ্মচৰ্য্য অক্ষুণ্ণ ৰাখি হৰি ভজি জীৱন কটাইছে। এতেকে নিৰ্ম্মল! তই আকৌ ভাবি চাচোন।" মই ক'লোঁ—"প্ৰভু জগন্নাথ! মোৰ এই দেহটো গল নিশাই ঈশ্বৰ কৃষ্ণৰ চৰণত মনে মনে উছৰ্গি দিছোঁ। তাৰ ফলতে নেকি কব নোৱাৰোঁ এই দেহটো প্ৰভু জগন্নাথ এইখিনি আহি পোৱাৰ অলপ আগখিনিতে বাঘৰ মুখতহে আছিল। প্ৰভু কৃষ্ণই জানিবা সেই বাঘটোকে আঁতৰি যাবলৈ মন দিয়াত হে এই দেহটো এৰি গুচি গ'ল। এতিয়া আৰু সেৱকৰ এই দেহ আন কামত লগাবৰ অধিকাৰ নাই। ইয়াকে জানি প্ৰভু জগন্নাথে যি ভাল দেখে কৰক।" মোৰ এই কথাত ঈশ্বৰ পুৰুষে ক'লে--"কি! ৰাতি এইখিনিলৈকে বাঘ আহিছিল নেকি?" মই কলো—"হয় প্ৰভু! জগন্নাথ। বৰ ডাঙৰ ডাঙৰ খোজ পৰি আছে।" ইশ্বৰ পুৰুষে তেতিয়া অলপ মিচিককৈ হাঁহি এটা মাৰি মোক ক'লে--"চাচোন নিৰ্ম্মল! আমি কেনেকুৱা বাঘ ঘোঙৰ মাজত সত্ৰ পাতি আছোঁ। হওঁতে কোনো দিনেই কোনো বনৰীয়া জন্তুৱে আমাৰ বৈষ্ণৱ বৃন্দৰ কাকো অপকাৰ কৰা নাই। নকৰিবৰে কথা। যিহেতু আমিতো হিংসা পৰায়ণ নহওঁ। বৈষ্ণৱ বুলিলেই আমাৰ 'অহিংসাহে পৰম ধৰ্ম্ম।' আমি কাকো হিংসা আৰু অপকাৰ নকৰোঁ যেতিয়া এই মহা হিংসুক জাতিসকলেও আমাক হিংসা নকৰে। বাৰু! তোৰ ভয় লগা নাছিলনে?" মই ক'লোঁ—"প্ৰভু জগন্নাথ! মোৰ হলে এফেৰাও ভয় লগা নাছিল। মনত ভাবি লৈছিলো ঈশ্বৰ কৃষ্ণৰ যদি ইচ্ছা হয় তেন্তে বাঘৰ হতুৱাই এই দেহটো লওক।" ঈশ্বৰ পুৰুষে তেতিয়া দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ক'লে—"বাৰু নিৰ্ম্মল! তোৰ ইচ্ছা পূৰ্ণ হব। তই পৰম ভক্ত।" লগত অহা ভকতজনক ক'লে--"তই লৰি যা। ভঁৰালৰ পৰা ভাল কাপোৰ এযোৰ লৈ আহগৈ। পূজাৰীকো তিল-তুলসীৰে সৈতে লৈ আহগৈ। ইয়াক এতিয়াও ব্ৰহ্মপুত্ৰত স্নান কৰাই এফেৰা বিধি অনুসাৰে পৰাচিত কৰাওঁ। গ'ল কালিও ই একো খোৱা নাই। মই আৰু ইয়াৰ দুখ সহিব নোৱাৰোঁ।" ঈশ্বৰ পুৰুষৰ এই আদেশ পাই ভকতন লৰি গ'ল আৰু অলপ পৰৰ ভিতৰতে